অবৈধ বাংলাদেশীৰ ৰক্ষক
অসমৰ চৰকাৰী তথা সংৰক্ষিত ভূমি বেদখলমুক্ত কৰিবলৈ ধাৰাবাহিকভাৱে চলোৱা অভিযানৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাক জগৰীয়া কৰি মুখ্যমন্ত্রীৰ পদৰ পৰা অপসাৰণ আৰু গ্রেপ্তাৰৰ দাবী উত্থাপন কৰিছে জমিয়ত উলেমা হিন্দে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ একক সমর্থনত মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছে মুখ্যমন্ত্রী ড০ শর্মা৷ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযানত বলিষ্ঠ ভূমিকা গ্রহণ কৰা মুখ্যমন্ত্রী ড০ শর্মাক অপসাৰণ আৰু গ্রেপ্তাৰৰ দাবী উত্থাপন কৰি অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীক অপমান কৰিছে জমিয়ত উলেমাই৷ জমিয়তৰ এনে অসমবিদ্বেষী স্থিতিক আশ্চর্যজনকভাৱে সমর্থন দিছে মতলবী বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভূঞাৰ দৰে ব্যক্তিয়ে৷ উচ্ছেদ অভিযানৰ বিৰুদ্ধে ২৪ আগষ্টত ড০ গোহাঁই আৰু অজিত ভূঞাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত নাগৰিক সভাত নতুন দিল্লীৰ মানৱ অধিকাৰ কর্মী তথা শিক্ষাবিদ চৈয়দা হামিদে এখোপ ওপৰলৈ গৈ কৈছে যে অসমত বাংলাদেশী থাকিলেও কাৰো অধিকাৰ খর্ব কৰা নাই৷ বাংলাদেশীয়ে অধিকাৰ খর্ব কৰা বুলি কোৱাটো মানৱতা হানিকৰ৷ আল্লাই এই ভূমি মানুহৰ বাবে বনাইছে, তেনেস্থলত বাংলাদেশীক কিয় উচ্ছেদ কৰা হৈছে বুলি প্রশ্ণ উত্থাপন কৰিছে চৈয়দা হামিদে৷ কংগ্রেছৰ পক্ষত অৱস্থান কৰা চৈয়দা হামিদে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক দেখ দেখকৈ অপমান কৰাই নহয়, ছবছৰীয়া অসম আন্দোলন আৰু ৮৫৫গৰাকী শ্বহীদৰ ত্যাগকো উপহাস কৰিলে৷ প্রকৃততে উচ্ছেদ অভিযানৰ আলম লৈ অসমত এক অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ চক্রান্তৰে এনে ষড়যন্ত্র আৰম্ভ হৈছে৷ ৰাজ্যৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সুৰক্ষা আৰু ৰাজ্যখনৰ পাৰিপার্শ্বিক ভাৰসাম্য ৰক্ষাৰ বাবেই সংৰক্ষিত বনভূমি, জলাশয়, চৰণীয়া পথাৰ আদিত বেদখল উচ্ছেদ অভিযান চলাইছে ৰাজ্য চৰকাৰে৷ ৰাজ্যখনৰ সংৰক্ষিত ভূমিখণ্ডক খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে দীর্ঘকাল সুৰক্ষা প্রদান কৰাৰ বিপৰীতে বাংলাদেশী অনুপ্রৱেশকাৰীয়ে সংৰক্ষিত ভূমিসমূহত বেদখলেৰে ‘লেণ্ড জেহাদ’ চলাই আছে৷ গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চলৰ পৰা আৰম্ভ কৰি গোলাঘাটৰ উৰিয়ামঘাটলৈ বেদখলৰ নামত কিদৰে বাংলাদেশী মূলৰ লোকসকলে সংৰক্ষিত ভূমি আগ্রাসন কৰিছে সেয়া শেহতীয়া উচ্ছেদ অভিযানত স্পষ্ট হৈছে৷ ৰাজ্যখনৰ সামূহিক উন্নয়ন আৰু খিলঞ্জীয়া লোকসকলৰ স্বার্থতেই বেদখল উচ্ছেদ জৰুৰী আছিল৷ লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ পিছত অসমৰ মুখ্যমন্ত্রীৰ আসনত ১২জন ব্যক্তি অধিষ্ঠিত হৈছিল যদিও কোনো এজন মুখ্যমন্ত্রীয়ে বেদখলকাৰীক উচ্ছেদ কৰিবলৈ ধাৰাবাহিক অভিযান চলোৱা নাছিল৷ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ শর্মাই দৰঙৰ গৰুখুঁটিৰ পৰা আৰম্ভ কৰি চলোৱা বেদখল উচ্ছেদ অভিযানত ১ লাখ ৩০ হাজাৰ বিঘাৰো অধিক সংৰক্ষিত ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ এনে উচ্ছেদ অভিযানক খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লগতে জাতীয় সংগঠনসমূহে আদৰণি জনোৱাৰ বিপৰীতে কংগ্রেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু বাঁওপন্থী দলসমূহে বিৰোধিতা কৰিছে৷ সন্মুখত থকা বিধানসভা নির্বাচনৰ ভোটবেংকৰ ৰাজনীতিৰ স্বার্থতেই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰা হৈছে৷ উচ্ছেদ অভিযান বন্ধ মানেই হ’ল খিলঞ্জীয়া লোকসকলৰ সর্বনাশ৷
বাংলাদেশী মূলৰ অনুপ্রৱেশকাৰীয়ে ইতিমধ্যে ৰাজ্যখনৰ ১৬খন জিলাৰ জনগাঁথনিৰ ব্যাপক পৰিৱর্তন ঘটাইছে৷ ইয়াৰে কেইবাখনো জিলাত খিলঞ্জীয়া লোকসকলে নিজৰ ভেটি হেৰুওৱাই নহয়, জীৱন–মৰণৰ সমস্যাৰ সন্মুখীন হৈ অন্য স্থানলৈ স্থানান্তৰ হ’বলৈ বাধ্য হৈছে৷ ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক খেদি পঠিওৱাৰ বাবে অসমবাসীয়ে চাৰি দশক পূর্বে আৰম্ভ কৰা ছবছৰীয়া অসম আন্দোলনত শ্বহীদ হৈছিল ৮৫৫গৰাকী, ঘুণীয়া হৈছিল কেইবাসহস্ৰ আৰু ছাত্র–ছাত্রীসকলে হেৰুৱাইছিল এটি মূল্যৱান শিক্ষাবর্ষ৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰিত অসম চুক্তিয়ে কিন্তু অসমক বিদেশীমুক্ত কৰিব নোৱাৰিলে৷ অসম চুক্তিৰ চাৰিটা দশক সম্পূর্ণ হোৱা পিছতো অবৈধ বিদেশী সমস্যাৰ স্থায়ী সমাধান হোৱাটো দূৰৰ কথা, সমস্যাটোৱে নতুন ৰূপত জটিল হৈ উঠিছে৷ অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণৰ বাবে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে ১,৫৩,১২৯জন লোকক অবৈধ বিদেশী চিনাক্তকৰণ হৈছিল যদিও চৰকাৰীভাৱে মাথোঁ ৩২ হাজাৰ লোককহে বহিষ্কাৰ কৰা হৈছে৷ আদালতত বিদেশী বুলি প্রমাণ হোৱাৰ লগে লগে এনে লোকসকলে আত্মগোপন কৰাৰ সুযোগ লাভ কৰিছে৷ পলাতক বিদেশীসকলক আটক কৰি বাংলাদেশলৈ খেদি পঠিওৱাৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ অসমত থাকি এনে অবৈধ বিদেশী লোকে আনকি নির্বাচনী যুঁজত প্রতিদ্বন্দ্বিতা কৰাৰ উদাহৰণ আছে৷ অবৈধ বিদেশী লোকসকলে মাথোঁ অসমৰ খিলঞ্জীয়া লোকসকলৰ শত্রু নহয়, দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্রতিও গভীৰ ভাবুকি৷ পাকিস্তান আৰু বাংলাদেশৰ মদতপুষ্ট একাংশ মৌলবাদী সংগঠনৰ পৃষ্ঠপোষকতাত এইসকল লোকে ৰাজ্যখনৰ একাংশ ধর্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত ঘাটি স্থাপন কৰাৰ তথ্যও ইতিমধ্যে উন্মোচন হৈছে৷ এনে সময়তে খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰিবলৈ অহোপুৰুষার্থ অভিযানত নামি পৰা মুখ্যমন্ত্রী ড০ শর্মাক অপসাৰণ আৰু গ্রেপ্তাৰৰ দাবীত সৰৱ হৈছে জমিয়ত উলেমা হিন্দ৷ জমিয়ত উলেমা–ই–হিন্দ হ’ল প্রধানতঃ ইছলামধর্মী সংগঠন৷ বিগত পাঁচটা দশকত এই সংগঠনটোৰ মুখ্য ঘাটি হ’ল উত্তৰ প্রদেশ৷ কিন্তু জমিয়ত উলেমাই প্রতিটো নির্বাচনৰ পূর্বে অসমত সক্রিয় হোৱা দেখা গৈছে৷ ১৯৯১ত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত প্রয়াত হিতেশ্বৰ শইকীয়াই বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল যে অসমত ৩০ লাখ অবৈধ বিদেশী আছে৷ শইকীয়াৰ এনে ভাষ্যৰ পিছতো আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়ত উলেমা আৰু কংগ্রেছৰ মুছলমান বিধায়কসকলে এনে পৰিস্থিতিৰ উদ্ভৱ কৰিছিল যে পিছদিনাই বিধানসভাৰ মজিয়াত মুখ্যমন্ত্রীগৰাকীয়ে এনে বক্তব্য উঠাই ল’বলৈ বাধ্য হৈছিল৷ জমিয়তে দীর্ঘকাল কংগ্রেছৰ স’তে সু-সম্পর্ক বর্তাই ৰাখি ধর্মীয় সংখ্যালঘু ৰাজনীতিত আধিপত্য বিস্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে৷ ২০০৪ চনত উচ্চতম ন্যায়ালয়ে আইএমডিটি আইন বাতিলৰ পিছত জন্মলাভ কৰা ইউডিএফৰ জন্মৰ অন্তৰালতো আছিল জমিয়ত উলেমাৰ প্রত্যক্ষ সহযোগ৷ কিন্তু অসমৰ খিলঞ্জীয়া লোকসকলৰ সমর্থনত মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত ড০ শর্মাক জমিয়ত উলেমাৰ লেখীয়া সাম্প্রদায়িক সংগঠনৰ সমর্থন প্রয়োজন নাই৷ জমিয়ত উলেমাই মুখ্যমন্ত্রী ড০ শর্মাক অপসাৰণ আৰু গ্রেপ্তাৰৰ দাবীৰে প্রকৃততে অসমৰ খিলঞ্জীয়া লোকসকলক দুর্বল কৰাৰ চক্রান্ত চলাইছে৷ জমিয়ত উলেমাৰ এনে ষড়যন্ত্রৰ বিৰুদ্ধে ৰাজ্যখনৰ জাতীয় সংগঠনসমূহ অধিক সজাগ নহ’লে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত নহ’ব৷