এছিয়া কাপ ২০২৫ৰ ছটা দলৰ স্কোৱাড ঘোষণা, জানক তাৰকাৰ খেলুৱৈৰ সম্পূৰ্ণ সূচী
এছিয়া কাপ ২০২৫লৈ এতিয়া মাত্ৰ দুই সপ্তাহ বাকী আছে। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই টুৰ্ণামেণ্টত মুঠ ৮টা দল অংশগ্ৰহণ কৰিব। ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপত আছে আৰু দুয়োটা দলেই নিজ নিজ স্কোৱাড ঘোষণা কৰিছে। দুয়োটা গ্ৰুপৰ তিনিটাকৈ দলে ইতিমধ্যে নিজৰ স্কোৱাড ঘোষণা কৰিছে। তলত সকলো দলৰ খেলুৱৈৰ নাম দিয়া হৈছে।
এছিয়া কাপ ২০২৫ৰ গ্ৰুপ ষ্টেজ
৯ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ গ্ৰুপ ষ্টেজৰ মেচসমূহ অনুষ্ঠিত হ’ব, য’ত ৮টা দলৰ মাজত মুঠ ১২খন মেচ খেলা হ’ব। প্ৰতিটো দলে নিজ নিজ গ্ৰুপৰ সকলো দলৰ সৈতে এখনকৈ মেচ খেলিব। ইয়াৰ পিছত দুয়োটা গ্ৰুপৰ শীৰ্ষ ২টা দল ছুপাৰ ফ’ৰত প্ৰৱেশ কৰিব আৰু বাকী ৪টা দলৰ যাত্ৰা তাতেই শেষ হ’ব।
ভাৰতীয় দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল, অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, জিতেশ শৰ্মা, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, কুলদীপ যাদৱ, সঞ্জু ছেমছন, হৰ্ষিত ৰাণা, ৰিংকু সিং
পাকিস্তান দল : ছলমান আলী আগা (অধিনায়ক), আবৰাৰ আহমেদ, ফহীম আশৰফ, ফাখৰ জমান, হাৰিছ ৰউফ, হাছান আলী, হাছান নৱাজ, হুছেইন টলত, খুশদিল শ্বাহ, মহম্মদ হাৰিছ, মহম্মদ নৱাজ, মহম্মদ ৱাছিম জুনিয়ৰ, ছাহিবজাদা ফৰহান, ছাইম আইয়ুব, ছলমান মিৰ্জা, শ্বাহীন আফ্ৰিদী, ছুফিয়ান মকিম।
ওমান দল : জতিন্দৰ সিং (অধিনায়ক), হাম্মাদ মিৰ্জা, বিনায়ক শুক্লা, ছুফিয়ান ইউছুফ, আশিস ওডেদৰা, আমিৰ কলিম, মহম্মদ নদীম, ছুফিয়ান মাহমুদ, আৰ্য্যন বিষ্ট, কৰণ ছনাৱলে, জিক্ৰিয়া ইছলাম, হাছনাইন আলী শ্বাহ, ফৈজল শ্বাহ, মহম্মদ ইমৰান, নদীম খান, শ্বাকিল আহমেদ, সময় শ্ৰীৱাস্তৱ।
আফগানিস্তান দল : ৰাছিদ খান (অধিনায়ক), ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদৰান, দৰৱিশ ৰছুলী, ছেদিকুল্লাহ আটল, আজমতুল্লাহ উমৰজাই, কৰিম জন্নত, মহম্মদ নবী, গুলবদিন নায়েব, শ্বৰাফুদ্দিন আশৰফ, মহম্মদ ইশাক, মুজিব উৰ ৰহমান, আল্লাহ গজনফৰ, নূৰ আহমেদ, ফৰিদ মালিক, নৱীন-উল-হক, ফজলহক ফাৰুকী।
বাংলাদেশ দল : লিটন দাস (অধিনায়ক), তানজীদ হাছান, পৰৱেজ হুছেইন ইমন, ছাইফ হাছান, তৌহিদ হৃদয়, জেকৰ আলী অনিক, শ্বামীম হুছেইন, কাজী নুৰুল হাছান ছোহান, শ্বাক মেহেদী হাছান, ৰিশদ হুছেইন, নাছুম আহমেদ, মুষ্টাফিজুৰ ৰহমান, তানজীম হাছান ছাকিব, তাস্কিন আহমেদ, শ্বৰফুল ইছলাম, শ্বৈফ উদ্দিন।
হংকং দল: ইয়াছিম মুৰ্তজা (অধিনায়ক), বাবৰ হায়াত, জীশান আলী, নিয়াজাকত খান মহম্মদ, নাছৰুল্লা ৰাণা, মাৰ্টিন কোয়েটজী, অংশুমান ৰথ, কল্হণ মাৰ্ক চাল্লু, আয়ুষ আশীষ শুক্লা, মহম্মদ এইজাজ খান, আতিক উল ৰহমান ইকবাল, কিংচিত শ্বাহ, আদিল মাহমুদ, হাৰুণ মহম্মদ আৰশদ, আলী হাছান, শ্বাহিদ ৱাছিফ, গজনফৰ মহম্মদ, মহম্মদ ৱাহিদ, আনাছ খান, এহছান খান।
এতিয়ালৈকে ইউ এ ই আৰু শ্ৰীলংকা দল ঘোষণা কৰা হোৱা নাই।
উল্লেখ্য যে এছিয়া কাপ ২০২৫ত গ্ৰুপ Aত ক্ৰমে ভাৰত, পাকিস্তান, ওমান আৰু ইউএই আৰু গ্ৰুপ Bত আফগানিস্তান, বাংলাদেশ, হংকং আৰু শ্ৰীলংকা দল অন্তৰ্ভুক্ত হৈছে।
এছিয়া কাপ-২০২৫ৰ সম্পূৰ্ণ সূচী এনেধৰণৰ-

Niyomiya Barta Desk, 26 August