নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষ সংগীৰ সৈতে অত্যধিক সুৰাপান ! কলকাতাৰ অতিথিশালাত পঞ্জাবৰ নৰ্তকীৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ২৬ আগষ্ট : সুদূৰ পঞ্জাবৰ পৰা কলকাতালৈ অহা নৰ্তকীৰে অঘটন। কলকাতাৰ এখন হোটেলত পুৰুষ সংগীৰ সৈতে অত্যধিক সুৰাপান কৰিছিল নৰ্তকীয়ে। পিছে কলকাতাৰ আনন্দপুৰৰ উক্ত অতিথিশালাৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় নৰ্তকীৰ নিথৰ দেহ। চিকিৎসালয়লৈ নিয়াত নৰ্তকীগৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। প্ৰথম অৱস্থাত আৰক্ষীয়ে অত্যধিক সুৰা সেৱনৰ বাবেই এইদৰে যুৱতীগৰাকীৰ মৃত্যু ঘটা বুলি ধাৰণা কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ২৭ বছৰীয়া যুৱতীগৰাকীৰ নাম শ্ৰেয়া বাৰ্মা। পঞ্জাবৰ লুধিয়ানাৰ বাসিন্দা নৰ্তকীগৰাকীয়ে দেওবাৰে নিশা এজন পুৰুষ বন্ধুৰ সৈতে আনন্দপুৰৰ এক অতিথিশালালৈ গৈছিল। তাতে অত্যধিক সুৰা সেৱন কৰিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। সোমবাৰে পুৱা যুৱতীগৰাকী অচেতন অৱস্থাত উদ্ধাৰ হোৱাত কলকাতাৰ এখন চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে যুৱতীগৰাকীক মৃত বুলি ঘোষণা কৰে।

প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে জানিব পাৰিছে যে গোটেই ৰাতি আনন্দপুৰৰ অতিথিশালাত পুৰুষ সংগী মহম্মদ চান্দৰ সৈতে সুৰাপান কৰিছিল শ্ৰেয়াই। তাৰ পিছত পুৱা শ্ৰেয়াক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। পুৰুষ সংগী মহম্মদ চান্দেই যুৱতীগৰাকীক চিকিৎসালয়লৈও লৈ যায়। চিকিৎসালয়ত ডাক্তৰে যুৱতীগৰাকী মৃত বুলি ঘোষণা কৰে।

অৱশ্যে এই ঘটনা সন্দৰ্ভত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাও কৰা হৈছে। সকলো সম্ভাব্য কোণৰ পৰা তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

You might also like