নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণত বলেৰ’ পিকআপ-হুণ্ডাই এক্সটাৰ মুখামুখি সংঘৰ্ষ, মুহূৰ্ততে শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ অন্তৰ্গত জটিয়নি গাঁৱৰ নৱনিৰ্মিত চাৰিলেনযুক্ত পথৰ ওপৰত আজি পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত এটা পথ দুৰ্ঘটনাই সমগ্ৰ মৰাণ অঞ্চলক জোকাৰি যোৱাই নহয়, পথালিবাম অঞ্চল আৰু মৰাণহাটস্থিত ছেণ্ট যোছেফ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শোকৰ বন্যা বোৱায়।
ঘটনাৰ বিৱৰণী অনুসৰি, পথালিবাম পানীতোলা গাঁও নিৱাসী তথা খোৱাং স্বাস্থ্যকেন্দ্ৰৰ কৰ্মচাৰী খগেন বৰুৱা (৪৫)ই একমাত্ৰ পুত্ৰ ছেণ্ট যোছেফ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ যুগল কিশোৰ বৰুৱাক নিজৰ AS-06 AL-0655 নম্বৰত হুণ্ডাই এক্সটাৰ গাড়ীত লৈ বিদ্যালয়ত থ’বলৈ ঘৰৰ পৰা ওলাই আহিছিল। বিদ্যালয়লৈ আহি থকা পথতে মৰাণ খটখটিৰ জটিয়নিৰ সমীপত নৱনিৰ্মিত চাৰিলেনযুক্ত পথৰ এয়াৰ ৰানৱেত বিপৰীত দিশৰ পৰা গৈ থকা AS-03 CC-1559 নম্বৰৰ বলেৰ’ পিকআপ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয় ৷ দুৰ্ঘটনাৰ ফলত হুণ্ডাই গাড়ীখন চূৰ্চুমৈ হৈ পৰাৰ বিপৰীতে বলেৰ’ পিকআপখন পথৰ ওপৰতে বাগৰি পৰে ৷ ফলত হুণ্ডাই বাহনত থকা খগেন বৰুৱা আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা (১৩) নিহত হয় ৷ পিতৃ খগেন বৰুৱাক মৰাণ মেডিকেল চেণ্টাৰলৈ চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । পুত্ৰ যুগল কিশোৰক তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিসালয়তে মৃত্যু হয়।
খবৰটো বিয়পি পৰাৰ লগে লগে খোৱাং স্বাস্থ্যকেন্দ্ৰ আৰু ছেণ্ট যোছেফ বিদ্যালয়ত সহকৰ্মী আৰু সতীৰ্থৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। তদুপৰি স্বামী আৰু পুত্ৰক হেৰুৱাই বৰ্তমান খগেন বৰুৱাৰ পত্নী একমাত্ৰ কন্যাসহ নিঠৰুৱা হৈ পৰিছে। আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।
প্ৰেৰক অজিত চুতীয়া
You might also like