গোটেই এনআৰচিখন ৰাইজক টুপী পিন্ধাই বনালে হাজেলাই
এনআৰচি পুনৰীক্ষণক লৈ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশক কেন্দ্র কৰি চলি থকা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো এনআৰচিক লৈ প্রতিক্রিয়া প্রকাশ কৰে৷
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়– এনআৰচিখন অলপ গণ্ডগোলৰ মাজেৰে ইতিমধ্যে হ’লেই৷ বহুত বাপেক–পুতেকৰ মিলন হৈ গ’ল, গিৰীয়েক–ঘৈণীয়েকৰ মিলন হৈ গ’ল, বায়েক–ভায়েকৰ মিলন হৈ গ’ল৷
গতিকে গোটেই এনআৰচিখন টুপী ছিষ্টেমত হ’ল৷ প্রতীক হাজেলাই ৰাইজক এটা টুপী দিলে আৰু সবেই মিলি ৰাইজখনক টুপী কৰি দিলে৷
এই এনআৰচিখনৰ ব্যৱস্থাটো মই কাৰেক্ট কৰিম৷ অলপ পৰিৱেশ আহিব দিয়ক, সকলো ঠিক হৈ যাব৷
Niyomiya Barta Desk, 27 August