নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ কালপ্ৰীত ৰূপম শইকীয়া

গুৱাহাটীৰ দিছপুৰ থানাত ৰুজু হৈ থকা গোচৰত অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত ৰূপম শ‌ইকীয়া (২৬)-ক যোৰহাটৰ পুলিবৰত আৰক্ষীয়ে আটক কৰে। উল্লেখ্য, নিজকে এনফৰ্চমেন্ট বিষয়া হিচাপে চিনাকি দি পশ্চিম যোৰহাটৰ কটকী পুখুৰীৰ সমীপৰ এটা ভাৰাঘৰত কিছুদিনৰ পৰা আছিল।

ভাৰাঘৰত মালিকক নিজকে এনফৰ্চমেন্ট বিষয়া হিচাপে চাকৰি কৰো বুলি কৈ ঘৰটো ভাৰাত লয়। এইগৰাকী স্বয়ম্ভু এনফৰ্চমেন্ট বিষয়াই দীৰ্ঘদিন বিভিন্ন ধৰণৰ ঠগ, প্ৰৱঞ্চনাৰে লাখ-লাখ টকা বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল। বিশেষকৈ চাৰিচকীয়া গাড়ীৰ নামত প্ৰলোভন দি ধন সৰকাইছিল। যুৱকজন গাড়ী চুৰি চক্ৰৰ লগত জড়িত আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ পৰা পলাই থাকি যোৰহাটত বিভিন্ন ঠগ, প্ৰৱঞ্চনাৰে ধন সৰকোৱাৰ জাল পাতিছিল। যোৰহাট পুলিবৰ আৰক্ষীয়ে ভাৰাঘৰটোৰ পৰা ৰূপম শ‌ইকীয়াক আটক কৰে বুলি পুলিবৰ আৰক্ষীয়ে দিছপুৰ থানাৰ আৰক্ষীক খবৰ দিয়ে। কুখ্যাত প্ৰৱঞ্চকটোৰ ঘৰ গুৱাহাটীৰ লখৰাত বুলি আৰক্ষীক জনাইছে।

ইফালে কৈ থাকিলেও ওৰকে নপৰে ৰূপম শইকীয়াৰ কুকীৰ্তিৰ কথা। সাধাৰণ যুৱকৰ পৰা, যিসকলে লোন লৈ এখন চাৰিচকীয়া বাহন লৈ নিজকে প্ৰতিষ্ঠাৰ দৌৰত থাকে, সেই যুৱকক বেছি টকাৰ প্ৰলোভন দি টাৰ্গেট কৰে। ৰূপম এণ্ড কোম্পানীয়ে প্ৰথমে গাড়ী লোৱা যুৱকৰ সৈতে ঘনিষ্ঠতা স্থাপন কৰে নাইবা তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে সংযোগ স্থাপন কৰে। তেওঁলোকৰ মূল লক্ষ্য এই বুলি দেখুৱাই যে যুৱকৰ পৰা লোৱা গাড়ী যিকোনো চৰকাৰী অফিচত মাহিলি বন্দোৱস্তি দিব আৰু তাৰ বাবে গাড়ীভেদে বেলেগ বেলেগ ধন পৰিশোধ কৰিব। আৰু মাহিলি ইএমআই লৈ গাড়ী লোৱা যুৱকসকলে লোন পৰিশোধৰ স্বাৰ্থত গাড়ীখন ৰূপম এণ্ড কোম্পানীক অৰ্পণ কৰে সম্পূৰ্ণ চৰ্তসাপেক্ষে।

কিন্তু আচল খেলখন আৰম্ভ হয় তাৰ পিছতহে। আজিৰ পৰা প্ৰায় ২ মাহ আগতে তেনে এক ঘটনা সংঘটিত হৈছিল গুৱাহাটীৰ এজন যুৱকৰ লগত। যুৱকজনে নতুনকৈ গাড়ী এখন লৈ ৰূপম এণ্ড কোম্পানীৰ ওচৰত দিছিল মাহিলি বন্দোৱস্তিত। আৰু এটা কথা যে এই গাড়ীখন ৰূপম এণ্ড কোম্পানীক গতোৱাৰ আগে আগে গুৱাহাটীত বহি থকা এটা পাৰ্টীয়ে ২০০০০ টকা আগধন হিচাপে লয়। সেইবোৰ পিছত আৰক্ষীৰ তদন্তত ওলাব।

কিন্তু যুৱকজনে গাড়ীখন দিয়াৰ ৪ দিন পিছত এটা বিজ্ঞাপন সামাজিক মাধ্যমত প্ৰকাশ পায় যে গাড়ীখন ৫৭০০০০ টকাত বিক্ৰী কৰা হব। আৰু সেই বিজ্ঞাপনৰ পম লৈ যুৱকজনে ছিপাঝাৰৰ পৰা গাড়ীখন লৈ আহে। আচল কথাটো হল যে গাড়ী দিয়া কথা আছিল মিৰ্জাৰ কোনো চৰকাৰী অফিচত, গাড়ী পালে ছিপাঝাৰত আৰু গাড়ীখন থাকে ৰূপমৰ হবলগীয়া শহুৰেকৰ ঘৰত।

গতিকে সমগ্ৰ ঘটনাৰ পিছত যুৱকজনৰ সন্দেহ হোৱাত আৰক্ষীক অৱগত কৰি গাড়ীখন ছিপাঝাৰৰ পৰা লৈ আনে। এনে আৰু বহু কলা অধ্যায় আছে ৰূপম এণ্ড কোম্পানীৰ।

বিশেষ বাৰ্তা, যোৰহাট, ২৮ আগষ্ট

You might also like