নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল নিগল’কত থকা চিলিকন কাৰখানা বন্ধৰ দাবী

অৰুণাচল ৰুকচিন গেটত নিগলগস্থিত প্ৰদূষণ প্ৰভাৱিত কৰা ঔদ্যোগিক বৃদ্ধি কেন্দ্ৰ Ferro alloy চিলিকন কাৰখানা সঞ্চালনা কৰা Anther alloys LLP ৰ বিৰুদ্ধে  প্ৰদূষণৰ প্ৰভাৱ মানুহৰ মঞ্চ, যুৱ শাখাত (Pollution Affected People’s Forum, Youth Wing)ৰ উদ্যোগত  তথা ৰাইজৰ সহযোগত নিগলগস্থিত চিলিকন কাৰখানা বন্ধৰ দাবীত আজি পুৱা ৬ বজাৰ পৰা ১২ ঘন্টীয়া অৰুণাচলৰ ৰুকচিন মহকুমা বন্ধ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ ৰুকচিন মহকুমাৰ নিগল’কত থকা চিলিকন কাৰখানাটো স্থানান্তৰিত কৰক নহলে বন্ধ কৰি প্ৰদূষণ বন্ধ কৰক, আমি আগলৈ মেঘালয়ৰ (বৰ্ণিহাট) “Byrnihat” ৰ দৰে হ’ব নিবিচাৰো। উল্লেখ্য যে প্ৰতিবাদকাৰীসকলৰ মতে, ঘন জনবসতিপূৰ্ণ গাঁওসমূহৰ অতি ওচৰত অৱস্থিত এই উদ্যোগটোৱে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু সঠিক আৱৰ্জনা ব্যৱস্থাপনাৰ নীতি-নিয়ম উলংঘা কৰিছে, যাৰ ফলত ওচৰৰ লোকসকলৰ স্বাস্থ্যজনিত চিন্তাৰ সৃষ্টি হৈছে।

কাৰখানা টোৰ পৰা নিৰ্গত ধোঁৱাই প্ৰায় ১০ কিলোমিটাৰ পৰ্যন্ত মানুহ  জীৱ জন্তু স্বাস্থ্য, খাদ্য সামগ্ৰী ক্ষতি কৰে। গতিকে মানুহৰ স্বাস্থ্য , শাক পাচলি, পানী আদি সমস্যা ক্ষতি হোৱাৰ বাবদ  পূৰ্বেও ৰাইজে সজাগতা সভা অনুষ্ঠিত কৰি ইষ্ট ছিয়াং জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি উদ্যোগটো পৰিদৰ্শন আৰু স্থানান্তৰিত কৰাৰ দাবী জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াত আজি পুণৰ ১২ ঘন্টীয়া ৰুকচিন মহকুমা বন্ধ কৰিবলৈ  বাধ্য হৈছো বুলি কয়।  পৰবৰ্তী সময়ত এই চিলিকন কাৰখানা স্থানান্তৰ বা বন্ধ নকৰে তেন্তে কাৰখানালৈ যোৱা সামগ্ৰী যোগান ধৰা গাড়ীসমুহ বন্ধৰ কৰাৰ হুংকাৰ।

আজি এই বন্ধৰ ফলত অসম অৰুণাচল সীমান্ত ৰুকচিন গেটৰ সমীপত শশ যান বাহত আৱদ্ধ হৈ পৰাৰ লগতে অসমৰ কেমি ঐৰামঘাট, পুৰণা জেলম, চিৰুং, লেকু জেলম আদি অঞ্চললৈ যোৱাত যাতায়ত ব্যাহত হৈ পৰিছে।

নিয়মীয়া বাৰ্তা জোনাই ২৮ আগষ্ট

You might also like