নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ ক্লান্তি আৰু আমাৰ অজ্ঞানতা

 ডাঃ অজয় কুমাৰ ভূঞা

মিছেছ মায়া ৰায় কণমানি ল’ৰা–ছোৱালী দুটি লৈ মাহেকে–পষেকে মোৰ চেম্বাৰলৈ আহি থাকে৷ আজি যদি ল’ৰাটোৰ জ্বৰ, দুদিন পিছতে ছোৱালীজনীৰ ডায়েৰিয়া৷ গিৰিয়েকে পুলিচৰ চাকৰি কৰে৷ সময় দিব নোৱাৰে৷ ঘৰত বৃদ্ধ শহুৰ ডেউতাক৷ এদিন মায়াক অলপ ভাগৰুৱা দেখা পালোঁ৷ সিদিনা ল’ৰাটোৰ জ্বৰ৷ ল’ৰাটোক ভালদৰে চাই মেলি দৰবখিনিৰ কথা বুজাই দি নিদান পত্রখন আগবঢ়াই দিলোঁ৷ নিদান পত্রখন লৈ মায়াই ক’লে, ‘‘আপোনাক এটা কথা সোধো? বেয়া নাপায়তো?’’

‘‘নাই নাই সোধক, কিয় বেয়া পাম?’’ মই ক’লোঁ৷ তেতিয়া মায়াই ক’বলৈ আৰম্ভ কৰিলে যে তাই কেইদিনমানৰ পৰা কিবা এক অস্থিৰতাত ভুগি আছে, খিংখিঙীয়া হৈ উঠিছে, ৰাতি টোপনি ভালদৰে নাহে আৰু অনবৰতে ভাগৰ ভাগৰ লাগি থাকে৷ ওচৰৰে মেডিচিন বিশেষজ্ঞ এজনক দেখাইছে৷ কিছুমান পৰীক্ষা কৰিব দিছে৷ পিছে ৰিপ’ট সকলো নর্মেল আহিছে৷ কিন্তু মিছেছ মায়াৰ চকুযুৰি অস্বাভাৱিকভাৱে ক্লান্ত যেন লাগিল৷ মায়াই ৰাতিপুৱা ৫.৩০ বজাতে উঠি মোবাইলত ৰাখি থোৱা ৰিমাইণ্ডাৰখিনি চাই লয়৷ গাখীৰৰ টকা দিব লাগে, ল’ৰাৰ স্কুলত পেৰেণ্টছ মিটিং, পানীৰ মিস্ত্রিক মাতিব লাগিব আজি৷ এইকেইটাতো আজিৰ একেবাৰে পাহৰিব নোৱাৰা কাম, বাকী দৈনন্দিন কামবোৰৰতো লেখ–জোখ নাই৷ পুৱা উঠিয়েই টিফিন বনোৱা, ল’ৰা–ছোৱালী দুয়োটাকে স্কুল ড্রেছ পিন্ধোৱা, জোতা বিচৰা, স্কুল বাছত উঠোৱা বা নিজে স্কুটীৰে স্কুলত ড্রপ কৰোৱা,বজাৰৰ লিষ্ট, শহুৰৰ বাবে দৰব, গিৰিয়েকৰ কাপোৰ ইস্ত্রি কৰা আৰু যে কত কি৷ লিখি লিখিয়েই আঙুলি বিষাই যায়৷ দিনৰ পিছত দিন, মাহৰ পিছত মাহ যেতিয়া একেদৰেই বাগৰে বৰঞ্চ কামৰ লিষ্টখন আৰু দিঘলীয়াহে হৈ গৈ থাকে, অৱশেষত মায়াৰ দৰে আৰু লাখ লাখ ভাৰতীয় মহিলা ক্লান্ত হৈ পৰে৷ এক অসহনীয় মানসিক অৱসাদে আগুৰি ধৰে, যাৰ ফলস্বৰূপে কিছুমান উপসর্গই দেখা দিয়ে৷ চিকিৎসকৰ পৰামর্শ ল’বলগীয়া হয়৷ ৰিপ’ট মই আগেয়ে কোৱাৰ দৰে নর্মেল আহে৷ বহুক্ষেত্রত বহু চিকিৎসকেও এয়া ৰজোনিবৃত্তিৰ প্রাৰম্ভিক লক্ষণ বুলি ভাবে আৰু আন কিছুমানেতো আৰু এখোপ উধাই চিধাই ডিপ্রেচনত ভোগা বুলি দৰব আৰম্ভ কৰিয়েই দিয়ে৷ কিন্তু অদৃশ্য এই মানসিক বোজাত ক্লান্ত মহিলাগৰাকীৰ অৱসাদৰ অন্ত নহয়৷ এটা সমীক্ষা মতে, ৩০ৰ পৰা ৫০ বছৰ বয়সৰ ৮০ শতাংশ ভাৰতীয় নাৰী এই মানসিক বোজা কঢ়িয়াই ক্লান্ত হৈ পৰে৷ ইয়াৰ ফলস্বৰূপে উৎকন্ঠা, নিদ্রাহীনতা আৰু হতাশাৰ চিকাৰ হয়৷ উপসর্গবিলাক অকল মানসিক হৈয়ে নাথাকে, লাহে লাহে শাৰীৰিক উপসর্গবিলাকেও দেখা দিব ধৰে– যেনে মূৰৰ বিষ, চুলি সৰা,বদহজম বা একেবাৰে খাবলৈ মন নোযোৱা, উচ্চ ৰক্তচাপ, পেনিক এটাক, স্মৃতিশক্তি কমি অহা ইত্যাদি ইত্যাদি৷ সমীক্ষাই কয়– গাঁও অঞ্চলৰ কথাতো বাদেই আমাৰ নগৰ অঞ্চলৰ পৰিয়ালতো ৭০ শতাংশ ঘৰুৱা কাম–কাজ ঘৰৰ মানুহগৰাকীয়েহে কৰে৷ দেখা যায় যে আগৰ দিনত মাতৃসকলে ইমানোবোৰ বোজা কঢ়িয়াব লগা হোৱা নাছিল৷ যৌথ পৰিয়ালত আগৰ মহিলাসকলে আজিৰ মহিলাসকলতকৈ বেছি সুবিধা আৰু সহায় পাইছিল৷ পঢ়া–শুনাৰ যি ভয়াৱহ প্রতিযোগিতা আজিৰ যুগত আৰম্ভ হৈছে সেয়া আগেয়ে নাছিল৷ আৰু সামাজিক মাধ্যমত চলা প্রতিযোগিতাৰ কথা বাৰু নকওঁৱেই৷ আজিকালি বহু স্বামীয়ে সহায় কৰে যদিও দেখা গৈছে যে ৮০ শতাংশ ঘৰুৱা কাম মানুহগৰাকীয়েহে কৰে৷ অথচ কোনোবাই যদি স্বামীক প্রশ্ণ কৰে– ‘‘আপোনাৰ মানুহজনীয়ে কিবা কৰে নেকি?’’

চিধা উত্তৰ– ‘‘নাই একো নকৰে, ঘৰতে থাকে৷’’ মাতৃসকলে দিনটোত ১০০ৰো অধিক সৰু সৰু (দেখাত) সিদ্ধান্ত ল’ব লাগে৷ ৰাতিপুৱাই সিদ্ধান্ত ল’ব লাগিব আজি ব্রেকফাষ্ট, লাঞ্চ বা ডিনাৰত কি থাকিব, ঘৰত শাক–পাচলি আছে নে নাই, গেছ শেষ হোৱাৰ উপক্রম নেকি, পুতেকৰ জোতাৰ চাইজ সৰু হৈছে নেকি ইত্যাদি ইত্যাদি৷ এইবোৰ আচলতে ইমান সহজ কাম নহয়, কিন্তু আমাৰ মাতৃসকলে বিনাদ্বিধাই এইবোৰ কোনো আপত্তি নোহোৱাকৈ কৰি যায়৷ মুখত হাঁহি একোটা লৈ কিন্তু লাহে লাহে মগজুত বার্ণ আউত হ’ব ধৰে বা জুই একুৰা জ্বলিব ধৰে৷ মনোবিজ্ঞানীসকলে ইয়াকেই কয়“Congnitive Load”.

তেন্তে মিছেছ মায়াৰ দৰে কোটি কোটি মহিলাৰ বাবে আমি কি কৰিব পাৰো?
* মানুহজনীক কৃতজ্ঞতা জনাবলৈ শিকিব লাগিব৷ ‘‘আজি কামবোৰ হ’লনে’’ বুলি সোধাতকৈ সোধক ‘‘কাইলৈ কি কি কৰিম বুলি ভাবিছা?’’
চিকিৎসকৰ এপইণ্টমেণ্ট, স্কুলৰ ৰুটিন, জন্মদিনৰ উপহাৰ আদি সৰু সৰু কথাবোৰ পুৰুষজনেও সমানে মনত ৰখাৰ বাবে চেষ্টা কৰক বা তাৰ বাবে নিজকে প্রশিক্ষিত কৰি তোলক৷
* ল’ৰা–ছোৱালীক আত্মনির্ভৰ হ’বলৈ শিকাওক যেনে স্কুল বেগ নিজে ৰেডী কৰা, পানীৰ বটলত পানী নিজে ভৰাই লোৱা, টাই মাৰিব শিকোৱা, জোতাৰ ফিতা নিজে মাৰিব শিকোৱা ইত্যাদি বহু কথা অলপ চেষ্টা কৰিলেই শিকাব পৰা যায়৷
* মানুহজনীৰ নিয়মিত স্বাস্থ্য পৰীক্ষা যেনে ৰক্তচাপ, ছুগাৰ, মেম’গ্রাম বা জৰায়ুৰ পৰীক্ষা আদিৰ বিষয়ে স্বামী হিচাপে আপুনি সচেতন হওক৷
মিছেছ মায়া বহুদিনৰ পাছত হঁাহি হঁাহি মোৰ চেম্বাৰত সোমাল৷ কিন্তু অকলে৷Thanks Giving Card এখন মোলৈ আগবঢ়াই দিলে আৰু ক’লে, ‘‘আপোনাৰ পৰামর্শ মোৰ মানুহজনে বৰ ভাল পালে আৰু মোৰ সকলো উপসর্গ এতিয়া নোহোৱা হ’ল৷’’ মই বুজিলো আমাৰ মহিলাৰ এই ক্লান্তিৰ বাবে অকল পুৰুষ বা সমাজ জগৰীয়া নহয়, জগৰীয়া আমাৰ অজ্ঞানতা৷

You might also like