নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত নিশাৰ ৰঙীন ৰেভ পার্টীত ড্রাগছৰ অভাৰড’জ হৈ সুন্দৰীৰ মৃত্যু

🔹 অটোচালকে মেডিকেলত ভর্তি কৰাই কৰিছিল পলায়ন

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : নিষিদ্ধ ড্রাগছ সেৱন কৰি এগৰাকী মহিলা চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত মৃত্যুমুখত পৰাৰ পাছতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৃত মহিলাগৰাকী নগাঁৱৰ পম্পী বৰুৱা৷

জানিব পৰা মতে, কালি দিনৰ প্রায় ১০ বজাত ইমৰান আলী নামৰ এজন যুৱকে এখন অটোৰিক্সাৰে পম্পী বৰুৱাক জিএমচিএইচৰ জৰুৰীকালীন বিভাগত ভর্তি কৰাইছিল৷ ভর্তি কৰোৱাৰ সময়ত মুখেৰে ফেন ওলাই থকা মহিলাগৰাকীক চিকিৎসকে লগে লগে চিকিৎসা আৰম্ভ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ কিন্তু চিকিৎসকে মহিলাগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰাৰ লগে লগে পলায়নৰ চেষ্টা চলায় ইমৰান আলী নামৰ যুৱকজনে৷ ঘটনাটোত হতভম্ব হৈ পৰা চিকিৎসক তথা স্বাস্থ্যকর্মীয়ে লগে লগে বিষয়টো কর্তব্যৰত নিৰাপত্তাৰক্ষীক অৱগত কৰে৷ তাৰ পাছতে নিৰাপত্তাৰক্ষীয়ে পিছে পিছে খেদি গৈ ইমৰান আলীক কৰায়ত্ত কৰে৷ পাছত ধৃত ইমৰান আলীক ভঙাগড় থানাত গতাই দিয়া হয়৷

ইপিনে, ভঙাগড় আৰক্ষীয়ে ইমৰান আলীক চলোৱা জেৰাৰ পাছতে মহানগৰীত চলি থকা ড্রাগছৰ ভয়ংকৰ ছবিখন পোহৰলৈ আহিছে৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, হেঙেৰাবাৰীৰ ভাৰাঘৰত আশুতোষ চেতিয়াৰ সৈতে বিগত কেইবামাহ ধৰি বসবাস কৰিছিল পম্পী বৰুৱাই৷ পৰহি পুৱাৰ ভাগত নগাঁৱৰ ঘৰলৈ যাম বুলি কৈ ইমৰান আলীৰ সৈতে ওলাই আহিছিল পম্পী বৰুৱাই৷ শনিবাৰে নিশা ইছলামপুৰৰ ৰেভ পার্টীত অংশগ্রহণ কৰিছিল পম্পী বৰুৱাই৷ ওৰেনিশা চলা উক্ত পার্টীটোত নিষিদ্ধ ড্রাগছৰ লগতে সুৰা তথা অন্যান্য নিচাজাতীয় দ্রব্যও গ্রহণ কৰি একপ্রকাৰ মাতাল হৈ পৰিছিল মহিলাগৰাকী৷ তাৰ পাছতে পুৱাৰ ভাগত মহিলাগৰাকীৰ অৱস্থা অধিক জটিল হৈ পৰাৰ লগে লগে ইমৰান আলীয়ে নিজৰ অটোৰে মহিলাগৰাকীক ভঙাগড়ৰ জিএমচিএইচলৈ চিকিৎসাৰ বাবে লৈ আহিছিল৷

জানিব পৰা মতে, ধৃত ইমৰান আলীয়ে অকল ইছলামপুৰেই নহয়, মহানগৰীৰ বিভিন্ন প্রান্তত নিশাৰ ভাগত চলা ৰঙীন পার্টীবোৰত ড্রাগছৰ লগতে বহু যুৱতী যোগান ধৰি আহিছিল৷ ইয়াৰ বিনিময়ত ইমৰান আলীয়ে উক্ত পার্টীবোৰৰ পৰা লাভ কৰিছিল মোটা অংকৰ কমিছন৷ মৃত পম্পী বৰুৱাই প্রায়েই এনেধৰণৰ ৰঙীন পার্টীত অংশগ্রহণ কৰিছিল আৰু ইমৰান আলীৰ জৰিয়তে এই পার্টীবোৰৰ কথা তেওঁ গম পাইছিল বুলি সূত্রটোৱে জনাইছে৷

আৰক্ষীয়ে পম্পী বৰুৱাৰ মৃতদেহ জিএমচিএইচৰ মর্গলৈ প্রেৰণ কৰাৰ লগতে পল্টনবজাৰ আৰক্ষীলৈ গোচৰটো স্থানান্তৰ কৰিছে৷ গ্রেপ্তাৰ হোৱা ইমৰান আলীকো পল্টনবজাৰ আৰক্ষীয়ে নিজৰ জিম্মালৈ নিয়ে৷

উল্লেখ্য যে মাৰাত্মক ড্রাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীলতা গ্রহণ কৰি বহু ড্রাগছ মাফিয়াক কৰায়ত্ত কৰিছে যদিও এতিয়াও একাংশ অভিজাত লোকে ড্রাগছৰ বেহা নির্বিবাদে চলাই নিছে৷ শেহতীয়াকৈ পম্পী বৰুৱাৰ মৃত্যুৱে এই ভয়াৱহতাক পুনৰ উদঙাই দিলে৷

You might also like