কান্ধত কান্ধ মিলাই আগবঢ়াৰ অংগীকাৰ, ৰুছ ৰাষ্ট্রপতিৰে ভাৰতৰ প্রধানমন্ত্রীৰ দ্বিপাক্ষিক বৈঠক
ৰাছিয়াৰ তেল ক্রয় কৰাক লৈ আমেৰিকাৰ ভাৰতৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ উত্তেজনাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ চীনৰ টিয়ানঝিনত আয়োজিত এছচিঅ’ৰ বৈঠকৰ সময়তে ৰুছ ৰাষ্ট্রপতি পুটিনৰ সৈতে প্রধানমন্ত্রী মোদীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱা বিষয়টোৱে বিশ্বজুৰি ব্যাপক চর্চা লাভ কৰিছে৷
ৰাষ্ট্রপতি পুটিন আৰু প্রধানমন্ত্রী মোদীৰ বৈঠকত ভাৰত–ৰাছিয়াৰ কৌশলগত বহুমুখী অংশদাৰিত্বক গভীৰৰ পৰা গভীৰতম কৰাৰ আশ্বাস দিয়া হয়৷ দুয়োগৰাকী নেতাই দীর্ঘদিন ধৰি দুয়োখন দেশৰ মাজত চলি অহা সম্পর্কক আৰু অধিক আগবঢ়াই নিয়াৰ ক্ষেত্রত প্রাধান্য দিয়ে৷ গুৰুত্বপূর্ণ খণ্ড বিশেষকৈ প্রতিৰক্ষা, শক্তি, বাণিজ্য আৰু প্রযুক্তিত দুয়োখন দেশে সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্রত সহমতত উপনীত হয়৷
বৈঠকৰ অন্তত ৰুছ ৰাষ্ট্রপতি পুটিনে কয় যে দুয়োখন দেশৰ মাজত নীতিগত আৰু বহুমুখী সম্পর্কৰে দীর্ঘদিন ধৰি সু–সম্পর্ক ৰক্ষা কৰি চলি আহিছে৷ কান্ধত কান্ধ মিলাই দুয়ো দেশে আগবাঢ়ি যাব৷ ৰাষ্ট্রপতি পুটিনে কয়– আজি দুয়োখন দেশৰ মাজত সম্পর্ক সম্প্রসাৰণ আৰু দৃঢ় কৰাৰ লক্ষ্যৰে দ্বিপাক্ষিক বৈঠকত সুযোগ পালোঁ৷ দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পর্ক উন্নীতকৰণ কৰাই নহয়, বিভিন্ন ক্ষেত্রত সহযোগিতাতো সহমত হয়৷ ইপিনে, বৈঠকৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি পুটিনৰ সৈতে হোৱা আলোচনাক সংক্ষিপ্তকৈ ব্যাখ্যা কৰি ৰাছিয়াৰ নেতাগৰাকীৰ সৈতে বার্তালাপ সদায়েই স্মৰণীয় বুলি কয়৷
প্রধানমন্ত্রী মোদীয়ে কয়– আমি দুয়োগৰাকীয়ে উচ্চ পর্যায়ৰ আলোচনাৰ সমান্তৰালকৈ প্রায়ে সম্পর্কিত হৈ থাকোঁ৷ ভাৰত আৰু ৰাছিয়াৰ মাজত নিয়মীয়া কূটনৈতিক বার্তালাপো চলি আহিছে৷ ইপিনে, অহা ডিচেম্বৰত ২৩সংখ্যক ভাৰত–ৰাছিয়া সন্মিলনত অংশগ্রহণৰ বাবে ৰাষ্ট্রপতি পুটিনক আদৰণী নিমন্ত্রণ জনায় প্রধানমন্ত্রী মোদীয়ে৷ বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই সমগ্র মানৱ জাতিৰ মাজত শান্তি বাহাল ৰখাৰ ক্ষেত্রত যুদ্ধৰ সলনি শান্তিক প্রাধান্য দিব লাগে বুলি সহমত প্রকাশ কৰে৷
ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধ শীঘ্রেই সামৰণি পেলাব লাগে বুলিও ৰুছ ৰাষ্ট্রপতিগৰাকীক আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে৷ অহা ডিচেম্বৰত ৰাষ্ট্রপতি পুটিনৰ ভাৰত ভ্রমণেই দুয়োখন দেশৰ মাজত সকলো দিশৰ সম্পর্ক অধিক শক্তিশালী কৰিব বুলিও আশা প্রকাশ কৰে প্রধানমন্ত্রী মোদীয়ে৷
Niyomiya Barta desk, 2 September