নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰীল নহয়, পঞ্জাবত ৰিয়েল ড্ৰামা : আৰক্ষী বেষ্টনীৰ পৰা গুলীচালনা কৰি বিধায়কৰ পলায়ন

পঞ্জাবৰ আম আদমী পাৰ্টী (আপ)ৰ বিধায়ক হৰমীত পাঠানমাজৰা, যি ধৰ্ষণৰ অভিযোগত অভিযুক্ত, তেওঁ পুলিচ বেষ্টনীক পৰা পলায়ন কৰিছে। অভিযোগ অনুসৰি, আজি স্থানীয় থানালৈ নিয়াৰ সময়ত হৰমীত আৰু তেওঁৰ সংগীসকলে পুলিচৰ ওপৰত গুলীচালনা কৰিছিল।

এই গুলীচালনাৰ ঘটনাত এজন পুলিচকৰ্মী আহত হৈছে। পাটিয়ালাৰ সানৌৰৰ বিধায়ক হৰমীত পাঠানমাজৰাৰ বিৰুদ্ধে অভিযোগ যে তেওঁ এজন পুলিচকৰ্মীৰ ওপৰত গাড়ী চলাই পলায়ন কৰিছে। সূত্ৰৰ মতে, তেওঁ আৰু তেওঁৰ সমৰ্থক এখন স্কৰপিঅ’ আৰু এখন ফৰ্চুনাৰ গাড়ী লৈ পলায়ন কৰিছিল। পুলিচে ফৰ্চুনাৰ গাড়ীখন জব্দ কৰিছে, কিন্তু স্কৰৰ্পিঅত থকা বিধায়কজন এতিয়াও পলাতক। পঞ্জাব পুলিচৰ দলে তেওঁক বিচাৰি আছে।

পুলিচৰ মতে, ২৬ আগষ্টত এগৰাকী মহিলাই পাঠানমাজৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল, আৰু সোমবাৰে পুলিচে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। এফ আই আৰ অনুসৰি, পাঠানমাজৰাৰ বিৰুদ্ধে ধৰ্ষণ, প্ৰতাৰণা আৰু অপৰাধমূলকভাৱে ভয় দেখুওৱাৰ অভিযোগ ৰুজু কৰা হৈছে।

এই গোচৰ জিৰকপুৰৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত ৰুজু কৰা হৈছিল, যিয়ে অভিযোগ কৰিছিল যে বিধায়কে নিজকে তালাকপ্ৰাপ্ত বুলি পৰিচয় দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত বিবাহিত হোৱাৰ পিছতো ২০২১ চনত তেওঁৰ সৈতে বিবাহ কৰিছিল।

আজি পুৱা পুলিচে তেওঁক হাৰিয়ানাৰ কৰ্ণালৰ পৰা কাষ্টডীত লৈছিল। স্থানীয় থানালৈ নিয়াৰ সময়ত এই নাটকীয় ঘটনা সংঘটিত হয়। ঘটনাস্থলীত হাৰিয়ানা পুলিচৰ এক বৃহৎ দলো উপস্থিত আছিল।

ধৰ্ষণৰ অভিযোগ সন্মুখীন হোৱাৰ পিছত পাঠানমাজৰা নিজৰ দল আপৰ বিৰুদ্ধে বিদ্ৰোহী হৈ পৰিছিল। বিগত দুদিন ধৰি তেওঁ দলৰ নেতৃত্বৰ বিৰুদ্ধে খোলাখুলিভাৱে মন্তব্য কৰি আছিল। তেওঁ আপৰ ওপৰত দিল্লীৰ পৰা পঞ্জাব নিয়ন্ত্ৰণৰ অভিযোগ উত্থাপন কৰিছিল।

তেওঁ কৈছিল যে কংগ্ৰেছ বা বিজেপি চৰকাৰৰ সময়ত কেন্দ্ৰীয় নেতৃত্বই আপৰ দৰে ৰাজ্যৰ বিষয়ত হস্তক্ষেপ কৰা নাছিল। পাঠানমাজৰাই কৈছিল, “তেওঁলোকে মোৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিব পাৰে, মই জেলত থাকিব পাৰোঁ, কিন্তু মোৰ মাত দমন কৰিব নোৱাৰিব।”

Niyomiya Barta Desk, 2 September

You might also like