টাবত পানী সংৰক্ষণ কৰক, বানপানীক আশীর্বাদ আখ্যা : পাকিস্তানী মন্ত্রীৰ মন্তব্য
বানত বিধ্বস্ত পাকিস্তানৰ নাগৰিকক টাবত পানী সংৰক্ষণ কৰিবলৈ আহ্বান জনাই আলোড়নৰ সৃষ্টি কৰিছে দেশখনৰ প্রতিৰক্ষা মন্ত্রী খাৱাজা আছিফে৷ দেশৰ ইতিহাসত অন্যতম ভয়াৱহ বানৰ কবলত পৰা পাকিস্তানৰ বৃহৎ ক্ষতিসাধন হোৱাৰ সময়তো প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে বানক আশীর্বাদ হিচাপে ল’বলৈ পৰামর্শ আগবঢ়াই টাবত পানী সংৰক্ষণ কৰিবলৈ আহ্বান জনায়৷
যেতিয়ালৈকে জলসম্পর্কীয় বান্ধ নির্মাণ হৈ নুঠে তেতিয়ালৈকে পাকিস্তানবাসীয়ে বানক আশীর্বাদ হিচাপে লৈ বানৰ পানী সংৰক্ষণ কৰাৰ বাবে সাজু হৈ থাকক বুলি কয় প্রতিৰক্ষা মন্ত্রী আছিফে৷
উল্লেখ্য যে পেহেলগাম সন্ত্রাসবাদী আক্রমণৰ পিছত ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰাৰ ফলত পাকিস্তানত পানীৰ নাটনি হোৱাৰ সময়তে প্রবল বৰষুণৰ সোঁতত নদীসমূহত পানী বৃদ্ধি হৈ ভয়াৱহ বানৰ কবলত পেলাইছে দেশখনক৷ বান্ধ নির্মাণ হোৱালৈকে অতি কমেও ১০–১৫ বছৰ লাগিব বুলি উল্লেখ কৰিয়েই মন্ত্রীগৰাকীয়ে জনগণক পানী সংৰক্ষণৰ বাবে এই অদ্ভুত আহ্বান জনায়৷
Niyomiya Barta Desk, 3 September