যোৰহাটৰ হোটেলত যৌনতাৰ বেহা : আৰক্ষীৰ অভিযানত আটক যুৱকসহ দুই মহিলা
যোৰহাটৰ হোটেল মেঘা ৰিজৰ্ট, চিলভাৰ ক্লাউড হোমষ্টেৰ পিছত এইবাৰ নগৰখনত হোটেল মনাৰ্ক আৰু হোটেল জনতা পেৰেডাইছত চলিল যোৰহাট আৰক্ষীৰ অভিযান।
যোৰহাটৰ একাংশ হোমষ্টে, লজ আৰু হোটেলত যৌনতাৰ বেহা চলি অহাৰ তথ্য পোহৰলৈ অহাৰ সময়তে যোৰহাট নগৰৰ এই দুখন হোটেলত আৰক্ষীয়ে অভিযান চলাই জনতা পেৰেডাইচৰ পৰা আটক কৰিছে এজন যুৱকক।
যুৱকজনৰ বিৰুদ্ধে আছে বিভিন্ন সময়ত হোটেলৰ গ্ৰাহকক যুৱতী, মহিলা যোগান ধৰাৰ অভিযোগ। তদুপৰি আৰক্ষীয়ে আটক কৰে দুগৰাকী যুৱতী মহিলাক। কিন্তু ইয়াৰ মাজতেই এজন যুৱক পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে এই দুখন হোটেলত বিভিন্ন সময়ত গ্ৰাহকক যুৱতী যোগান ধৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। আজি এজন যুৱক আৰু দুগৰাকী যুৱতী মহিলাক আটক কৰি সম্প্ৰতি অনুসন্ধান অব্যাহত ৰাখিছে। তদন্ত খাতিৰত বৰ্তমানলৈকে আৰক্ষীয়ে সকলো তথ্য সদৰি কৰা নাই।
বিশেষ বাৰ্তা, যোৰহাট, ৩ ছেপ্টেম্বৰ