৮ ছেপ্টেম্বৰৰ পৰা চাহপাত নিছিঙাৰ সিদ্ধান্ত, ৰাজপথলৈ সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়ক
অসমৰ বহু লোকৰ জীয়াই থকাৰ অন্যতম সম্বল হৈছে ক্ষুদ্ৰ চাহ খেতি। য’ত জড়িত হৈ আছে লাখ লাখ চাহ কৃষকৰ পৰিয়াল। বৰ্তমান চাহৰ ওপৰত অসম চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, যাৰ ফলশ্ৰুতিত প্ৰতিবছৰেই নিম্নগামী হৈ গৈ আছে কেঁচা চাহপাতৰ মুল্য।
বিগত সময়ছোৱাত দেখা গৈছে যিকোনো মুহুৰ্ততে নিম্নগামী হৈ পৰে কেঁচা চাহপাতৰ মুল্য। যাৰ পৰিপ্ৰেক্ষিতত প্ৰতি কেজি চাহপাতৰ উৎপাদন ব্যয়ো লাভ কৰিবলৈ সক্ষম হোৱা নাই ক্ষুদ্ৰ চাহ খেতিয়কসকল সন্মুখীন হৈছে বৃহৎ লোকচানৰ। কেঁচা চাহপাতৰ অস্বাভাৱিক মূল্য হ্ৰাসত বিপদত পৰিছে এতিয়া ক্ষুদ্ৰ চাহ কৃষকসকল।
উল্লেখ্য যে চাবুৱাত উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এই সন্দৰ্ভত আয়োজন কৰে এখন সংবাদ মেল। এই সংবাদ মেলতে সমগ্ৰ বিষয়টোৰ ওপৰত অসম চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক অনতিপলমে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়, অন্যথা হাজাৰ হাজাৰ চাহ খেতিয়ক ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিয়ে। আনহাতে এসপ্তাহৰ ভিতৰত সুফল নাপালে ৮ ছেপ্টেম্বৰৰ পৰা চাহপাত নিছিঙাৰো সিদ্ধান্ত গ্ৰহণ কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে৷
Niyomiya Barta Desk, 3 September