বিপদত কৰিশ্মা নাথ : দেৰগাঁও থানাত এজাহাৰ দাখিল
নাগাৰা নামৰ বিতৰ্কিত গায়িকা কৰিশ্মা নাথে বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘পৰজনমৰ শুভ লগনত’ শীৰ্ষক কালজয়ী গীতটো বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ ৰাজ্যজুৰি সচেতন মহলৰ মাজত ক্ষোভৰ বহিপ্ৰকাশ ঘটা দেখা গৈছে।
সচেতন লোকসকলে গায়িকাগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে।
ইফালে কৰিশ্মা নাথৰ বিৰুদ্ধে দেৰগাঁও থানাত এজেহাৰ দাখিল কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সচিব শৰৎ সৌৰভ আৰু সদস্যসকলে।
সংগঠনটোৰ হৈ শৰৎ সৌৰভে কৰিশ্মা নাথৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে আৰু অসমবাসীক এনেধৰণৰ বেপৰোৱা গায়িকাক বৰ্জন কৰিবলৈ আহ্বান জনায়।
Niyomiya Barta Desk, 3 September