নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত গণপতি বিসর্জনপর্বত অঘটন, দুর্ঘটনাত দুই ভাৰতীয় শিক্ষার্থীৰ কৰুণ মৃত্যু

ব্রিটেইনত গণপতি বিসর্জনৰ আনন্দৰ পর্ব বিষাদলৈ পর্যবসিত হয়৷ গণপতি বিসর্জন দিবলৈ গৈ উভতি আহোঁতেই পথ দুর্ঘটনাত দুজনকৈ ভাৰতীয় শিক্ষার্থীয়ে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ গণপতি বিসর্জন দিবলৈ সাত ভাৰতীয় শিক্ষার্থীয়ে এখন গাড়ীৰে উভতি আহি থকা অৱস্থাত আন এখন গাড়ীৰ সৈতে মুখামুখি সংঘর্ষ হয়৷ এই সংঘর্ষত দুই ভাৰতীয় শিক্ষার্থীৰ মৃত্যু হোৱাৰ বিপৰীতে আন পাঁচজন আহত হৈছে৷

ব্রিটেইনৰ এছেক্সত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, গণপতি বিসর্জন দি ৯জন ভাৰতীয় শিক্ষার্থীৰ দল এটি উভতি আহি থাকোঁতে বেইলী স্পাৰৰ সমীপত আন এখন গাড়ীৰে সংঘর্ষ হয়৷ বিকট শব্দ শুনাৰ পিছত স্থানীয় লোকসকল ওলাই আহে ঘটনাস্থলীলৈ৷ উদ্ধাৰকার্য আৰম্ভ কৰি ততালিকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷

আহতসকলক ততালিকে ৰয়েল লণ্ডন হাস্পতালত ভর্তি কৰোৱা হয়৷ আহতসকলক চিকিৎসা চলাই থকাৰ মাজতেই দুজন আহতৰ মৃত্যু হয়৷ মৃত্যু হোৱা ভাৰতীয় শিক্ষার্থী দুজন ২৩ বছৰীয়া সৈত্যেন্য ভাবে আৰু ২১ বছৰীয় ঋষিতেজা ৱাপলু বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ নিহত শিক্ষার্থী দুজনৰ ঘৰ হায়দৰাবাদত৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে বিবৃতিযোগে প্রকাশ কৰা মতে, বেইলী স্পাৰৰ সন্মুখত দুখন গাড়ীৰ সংঘর্ষ হোৱা বুলি খবৰ আহে আৰু ঘটনাস্থলীতে দুই ভাৰতীয় শিক্ষার্থীৰ মৃত্যু হয়৷ আৰক্ষীয়ে ইতিমধ্যে ঘাতক গাড়ীচালকক গ্রেপ্তাৰ কৰিছে৷ কিদৰে এই ঘটনাটো সংঘটিত হৈছে এই সন্দর্ভত আৰক্ষীয়ে তদন্ত চলাই আছে৷ দুই ভাৰতীয় শিক্ষার্থীৰ কৰুণ মৃত্যুক লৈ লণ্ডনত থকা ভাৰতীয়সকলৰ মাজত শোকৰ ছাঁ পৰিছে৷ শিক্ষার্থী দুজনৰ মৃতদেহ ভাৰতলৈ অনাৰ বাবে প্রয়োজনীয় প্রক্রিয়া আৰম্ভ কৰা হৈছে৷

Niyomiya Barta Desk, 4 September

You might also like