নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন্দুৰৰ কামোৰত দুই নৱজাতকৰ কৰুণ মৃত্যু, চৰকাৰী হাস্পতালত অঘটন

অন্ধ্রপ্রদেশৰ ইণ্ডোৰস্থিত চৰকাৰী হাস্পতাল এখনত অঘটন৷ এন্দুৰৰ কামোৰত দুই নৱজাতকৰ কৰুণ মৃত্যুক লৈ ৰাজ্যখনত আলোড়নৰ সৃষ্টি হৈছে৷ ইণ্ডোৰৰ বৃহত্তম চৰকাৰী হাস্পতালখনত শিশুৰ অস্ত্রোপচাৰ ৱার্ডত দুই নৱজাতকক এন্দুৰে কামোৰাৰ দুদিন পিছত স্বাস্থ্যৰ অৱনতি ঘটি দুই নৱজাতকৰ মৃত্যু হয়৷

তথ্য মতে, এন্দুৰে কামোৰাৰ ফলত নৱজাতক দুটি আঘাতপ্রাপ্ত হয়৷ আহত শিশুকেইটিৰ চিকিৎসা কৰা হয় যদিও দুদিন পিছতে মৃত্যুক আঁকোৱালি লয়৷ এটিৰ হাতত কামোৰাৰ বিপৰীতে আন এটি নৱজাতকৰ কান্ধত কামুৰিছিল এন্দুৰে৷ এটা শিশুৰ ওজন মাত্র ১.২ কিলোগ্রাম আছিল৷ গুৰুতৰ সংক্রমণৰ বাবেই শিশু দুটিৰ মৃত্যু হোৱা বুলি চিকিৎসকে প্রকাশ কৰিছে৷

এমজিএম মেডিকেল কলেজৰ ডীন ড০ অৰবিন্দ ঘনঘৰিয়াই প্রকাশ কৰা মতে, নৱজাতকৰ কক্ষত সুৰক্ষাৰ গাফিলতিৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হ’বলৈ পাইছে৷ নৱজাতকৰ কৰুণ মৃত্যুৰ বাবে দোষী চিকিৎসা কর্মীক নিলম্বিত কৰা হৈছে৷ উল্লেখ্য যে নৱজাতকৰ পিতৃয়ে তেওঁৰ শিশুটিক এন্দুৰে কামোৰাৰ পিছত চিকিৎসাৰ বাবে চিকিৎসকক অনুৰোধ কৰাৰ সময়ত দুর্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

চিকিৎসালয়খনত নিৰাপত্তা–সুৰক্ষাৰ উপৰি আন্তঃগাঁথনি দুর্বল বুলি ইতিমধ্যে ব্যাপক অভিযোগ উত্থাপিত হৈ আহিছে৷ চিকিৎসালয়ৰ ভিতৰৰ অস্ত্রোপচাৰ কক্ষৰ ভিতৰত নৱজাতকক এন্দুৰে কামোৰা বিষয়টোৱে কর্তৃপক্ষৰ অৱহেলা আৰু ব্যৱস্থাপনাৰ দুর্বলতাক উদঙাই দিছে৷

Niyomiya Barta Desk, 4 September

You might also like