নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র-ছাত্ৰীক পোছাক যোগান ধৰা ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা কমিছন বিচাৰি হাৰাশাস্তি

🔹 ৰূপহী প্ৰাথমিক শিক্ষাখণ্ডৰ গাণনিকৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ মহিলাৰ
 বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : স্কুলীয়া ছাত্র-ছাত্ৰীক ইউনিৰ্ফম যোগানৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আছে। বিদ্যালয় পৰিচালনা সমিতি, সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ সৈতে কেৱল কমিছনৰ অংকত লিপ্ত হোৱা বাবেই একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীক প্ৰতি বছৰে দুযোৰকৈ ইউনিৰ্ফম দিয়াৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ বাতৰি ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ বিভিন্ন শিক্ষাখণ্ডতো উত্থাপিত হৈছে।
ইউনিফৰ্ম যোগানৰ যোগনিয়াৰ প্ৰতিষ্ঠানৰ পৰা কমিছনৰ ধন বিচাৰি হাৰাশাস্তি কৰা জিলাখনৰ প্ৰাথমিক শিক্ষাখণ্ডৰ এগৰাকী গাণনিকৰ বিৰুদ্ধে এগৰাকী মহিলাই জিলা আয়ুক্তক অভিযোগ দাখিল কৰা ঘটনাই ইউনিৰ্ফম যোগানৰ নামত চলি অহা দুৰ্নীতি-অনিয়মৰ কথাটো সত্য প্ৰমাণিত কৰিছে। জিলাখনৰ খালেদা জিয়া নামৰ এগৰাকী মহিলাই তেওঁৰ ঠিকাদাৰ স্বামীক কিদৰে কমিছনৰ ধন বিচাৰি হাৰাশাস্তি কৰি আছে, তাৰ কথা বৰ্ণনা কৰিছে অভিযোগ পত্ৰখনত।
অভিযোগ পত্ৰখনত উল্লেখ কৰা মতে, মহিলাগৰাকীৰ স্বামী এগৰাকী নিবনুৱা যুৱক। স্নাতক ডিগ্ৰীধাৰী স্বামীয়ে ইতিপূৰ্বে  দুটা পৰ্যায়ত অসম টেট উত্তীৰ্ণ ব্যক্তি। তৎস্বত্ত্বেও আজি পৰ্যন্ত চৰকাৰী নিযুক্তি লাভ কৰা নাই। যাৰ বাবে পিতৃ-মাতৃ, পত্নীসহ পাঁচজনীয়া পৰিয়ালটো পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হয়। এই পৰিয়ালটোক চলাই নিয়াৰ বাবে আৰ্থিক দিশটোক অলপ হ’লেও টনকিয়াল কৰাৰ উদ্দেশ্যে এটা যোগনিয়াৰ প্ৰতিষ্ঠান গঠন কৰি জীৱিকাৰ পথ বাচি লয়। তেওঁ বিগত প্ৰায় তিনি বছৰ কাল ধৰি শিক্ষা বিভাগৰ অধীনস্থ ৰূপহী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত নিবিদাৰ জৰিয়তে ছাত্র-ছাত্ৰীৰ পোছাক যোগান ধৰা ঠিকা কামত নিয়োজিত হৈ দুপ‌ইচা অৰ্জন কৰি আহিছে। সামান্য লাভৰ বিনিময়ত এইদৰে সংশ্লিষ্ট বিদ্যালয়সমূহত উন্নত মানৰ পোছাক দিয়াৰ চেষ্টা কৰাৰ কথাও উল্লেখ কৰে মহিলাগৰাকীয়ে।
কিন্তু দুৰ্ভাগ্যজনক কথাটো এয়াই যে উক্ত শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী গাণনিকে তেওঁৰ স্বামীৰ পৰা বিভিন্ন সময়ত ধন দাবী কৰি আহিছে। আনকি, গাণনিকগৰাকীয়ে তথ্য-প্ৰমাণ নাথাকিবৰ বাবে অতি কৌশলেৰে মহিলাগৰাকীৰ হোৱাটছএপ নম্বৰত কল কৰি তেওঁ দাবী কৰা মতে ধন নিদিলে পৰৱৰ্তী সময়ত ইউনিফৰ্ম যোগানৰ ঠিকা কাম নাপায় বুলি ভাবুকি দিয়ে। বিগত ২০২৩-২৪ বৰ্ষত মহিলাগৰাকীৰ স্বামীৰ তত্ত্বাৱধানত চলা এখন যোগনিয়াৰ প্ৰতিষ্ঠানে স্থানীয় কেইবাখনো বিদ্যালয়ত পোছাক যোগানৰ ঠিকা লাভ কৰা অনুমোদন পোৱাৰ পিছতো এইগৰাকী গাণনিকে নিজৰ প্ৰভাৱ খটুৱাই সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষক সেই অনুমোদন নাকচ কৰিবলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
শেহতীয়াকৈ তেওঁৰ স্বামীক গাণনিকগৰাকীয়ে কাৰ্যালয়ত মাতি নি এক মিছা অভিযোগ উত্থাপন কৰি বিভিন্ন ধৰণে মানসিক হাৰাশাস্তি কৰা বুলিও অভিযোগ কৰিছে। এই সন্দৰ্ভত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীক অভিযোগ দিয়াৰ পিছতো সংশ্লিষ্ট কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে তেওঁৰ স্বামীক ভৱিষ্যতে ইউনিৰ্ফম যোগানত বাধাৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰি অৱশেষত ন্যায় বিচাৰি জিলা আয়ুক্তৰ কাষ চাপিছে। এই সন্দৰ্ভত এতিয়া জিলা আয়ুক্ত‌ই কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বছৰদিয়েক পূৰ্বেও অভিযোগৰ ভিত্তিতে এই শিক্ষাখণ্ডত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই অভিযান চলাইছিল।
প্ৰেৰক কনক হাজৰিকা
You might also like