নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটী-ৰ ৫০টা নামঘৰত ভাদ মাহৰ শৰাই মুখ্যমন্ত্ৰীৰ হৈ বিতৰণ OSD ৰঞ্জিত ভট্টাচাৰ্যৰ

উত্তৰ গুৱাহাটী-ৰ ৫০টা নামঘৰত ভাদ মাহৰ শৰাই মুখ্যমন্ত্ৰীৰ হৈ বিতৰণ OSD ৰঞ্জিত ভট্টাচাৰ্যৰ

জালুকবাৰীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০০১ বৰ্ষৰ পৰা জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হোৱাৰে পৰা বিগত ২৫ বছৰে জালুকবাৰী সমষ্টিৰ প্ৰতিটো নামঘৰ তথা ধৰ্মীয় অনুষ্ঠানত ভাদ মাহত নাম প্ৰসঙ্গৰ বাবে মাহ প্ৰসাদৰ লগতে কিছু আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।

সেই পৰম্পৰা ৰাখি এইবেলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত সহায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই উত্তৰ গুৱাহাটীৰ ঘোঁৰামাৰা, দিহিংসত্ৰ, মাজগাও, শিলসাঁকো, মধ্যমখণ্ড, ৰজাদুৱাৰ মণিকৰ্ণেশ্বৰৰ প্ৰায় অৰ্ধশতাধিক নামঘৰত উপস্থিত হৈ প্ৰতি বছৰৰ দৰে ভাদ মাহৰ নাম প্ৰসঙ্গৰ বাবে মাহ প্ৰসাদ আৰু কিছু আৰ্থিক সাহায্য আগবঢ়ায়।

লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এখন পত্ৰ প্ৰদান কৰা হয়। প্ৰসাদ বিতৰণ কাৰ্যসূচীত ৰঞ্জিত ভট্টাচাৰ্যৰ লগত উত্তৰ গুৱাহাটী বিজেপি মণ্ডলৰ সভাপতি সুৰঞ্জন বৰুৱা, সম্পাদক সঞ্জীৱ শৰ্মা, সহ সম্পাদক প্ৰাঞ্জল দাস, প্ৰাক্তন মণ্ডল সভাপতি গংগাধৰ দাস, উত্তৰ গুৱাহাটী পৌৰসভাৰ কাউন্সিলৰ অমিয় দাসৰ লগতে মণ্ডল বিজেপি আৰু উত্তৰ গুৱাহাটী পৌৰসভাৰ কেইবাগৰাকী কাউন্সিলৰ উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, উত্তৰ গুৱাহাটী, ৬ ছেপ্টেম্বৰ

You might also like