নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ কাৱৈমাৰীত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক ১ 

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৬ ছেপ্টেম্বৰ : ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান অব্যাহত আছে ৷ যোৱানিশা কাৱৈমাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কাৱৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে চলায় এক অভিয়ান ৷ আৰক্ষীৰ অভিয়ানত ১৫ টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰসহ আটক কৰে এজন সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰীটো হ’ল শুকুৰ আলী ৷ জব্দকৃত ড্ৰাগছখিনিৰ ওজন ২৩·৩৩ গ্ৰাম ৷ আৰক্ষীয়ে ধৃত শুকুৰ আলীৰ পৰা এএছ-০৯ ই-৯৬৫৬ নম্বৰৰ এটা চাৰিচকীয়া বাহন জব্দ কৰে ৷ কাৱৈমাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত শুকুৰ আলীক জেৰা অব্যাহত ৰাখিছে ৷
You might also like