নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ কঠোৰ স্থিতিত সুৰ সলনি ট্রাম্পৰ : মহান প্রধানমন্ত্রী মোদীৰে আমাৰ বন্ধুত্ব সদায় অটুট থাকিব

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : ভাৰতৰ কঠোৰ স্থিতিত সুৰ সলনি হ’ল ট্রাম্পৰ৷ ৰাছিয়াৰ পৰা তেল ক্রয় কৰাক লৈ ভাৰতৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে অতিৰিক্ত শুল্ক ৫০ শতাংশ আৰোপ কৰাক লৈ ভাৰত–মার্কিন সম্পর্কত অৱনতি ঘটাই নহয়, ঘনিষ্ঠ বন্ধু আখ্যায়িত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতেও বন্ধুত্ব তিক্ততাপূর্ণ হৈ পৰে৷

উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে আৰোপ কৰা অতিৰিক্ত ৫০ শতাংশ শুল্কক আওকাণ কৰি পূর্বৰ দৰেই ৰাছিয়াৰ পৰা তেল ক্রয় কৰাকে ধৰি সম্পর্কক আৰু অধিক শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰে ভাৰতে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে চীন ভ্রমণলৈ গৈ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সমান্তৰালকৈ টিয়ানঝিনত আয়োজিত এছচিঅ’ সন্মিলনৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্রধানমন্ত্রী মোদী৷ বিশ্বৰ তিনি বৃহত্তম শক্তি একলগ হোৱাত মার্কিন যুক্তৰাষ্ট্র শংকিত হৈ পৰে৷ ৰাষ্ট্রপতি ট্রাম্পে নিজেই সামাজিক মাধ্যম ট্রুথৰ যোগেদি মোদী, জিনপিং আৰু পুটিনৰ আলোকচিত্র প্রচাৰ কৰি চীনৰ ঘোৰ অন্ধকাৰত ভাৰত আৰু ৰাছিয়াক হেৰুওৱা বুলি স্বীকাৰ কৰে৷ ইয়াৰ কেইঘণ্টামান পাছতে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰত আৰু আমেৰিকাৰ সম্পর্ক, প্রধানমন্ত্রী মোদীৰ সৈতে বন্ধুত্বক লৈ সামাজিক মাধ্যম ট্রুথত মন্তব্য প্রকাশ কৰে৷

ৰাষ্ট্রপতি ট্রাম্পৰ সুৰ সলনি হৈ আমেৰিকা যুক্তৰাষ্ট্র–ভাৰতৰ সম্পর্ক বিশেষ আৰু প্রধানমন্ত্রী মোদীৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পর্ক শক্তিশালী বুলি মন্তব্য কৰে৷ ট্রাম্পে কয়– মই সদায়ে মোদীৰ সৈতে বন্ধু হৈ থাকিম৷ তেওঁ এগৰাকী মহান প্রধানমন্ত্রী৷ মই সদায়ে তেওঁৰ বন্ধু হৈ থাকিম৷ কিন্তু মই পছন্দ নকৰোঁ এই বিশেষ ক্ষণত তেওঁ কি কৰি আছে৷ কিন্তু ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ এক বিশেষ সম্পর্ক আছে৷ ইয়াক লৈ উদ্বিগ্ণ হোৱাৰ কাৰণ নাই৷ সময়ৰ ক্ষণত আমি৷

ইপিনে, ট্রাম্পৰ এই বার্তাৰ পাছত প্রধানমন্ত্রী মোদীয়ে কয়– ৰাষ্ট্রপতি ট্রাম্পৰ সংবেদনশীলতা আৰু আমাৰ সম্পর্কৰ ইতিবাচক মূল্যায়নক লৈ তেওঁক মই গভীৰভাৱে প্রশংসা কৰিছোঁ৷ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্র অত্যন্ত ইতিবাচক, ব্যাপক আৰু আন্তর্জাতিক কৌশলগত অংশীদাৰিত্বৰে আগবাঢ়ি যোৱাৰ পথত৷

উল্লেখ্য যে প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রপতি ট্রাম্পৰ মাজত ঘনিষ্ঠ বন্ধুত্ব থকা বুলি বিশ্বজুৰি জ্ঞাত৷ চলিত বর্ষত প্রধানমন্ত্রী মোদীয়ে হোৱাইট হাউছ ভ্রমণৰ সময়ত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ‘আৱাৰ জার্নী টুগেদাৰ’ শীর্ষক এখন গ্রন্থ মোদীক উপহাৰ দিছিল৷ সেই গ্রন্থখনত দুয়োগৰাকী নেতাৰ পূর্বৰ বিভিন্ন আলাপৰ লগতে কার্যসূচীও সন্নিৱিষ্ট কৰা আছিল৷ হয়তো ট্রাম্পে ভাৰত আৰু মোদীৰ প্রসংগত ট্রুথত মন্তব্য কৰাৰ পূর্বে এই গ্রন্থখন হাতত লৈছিল বুলিও চর্চিত হৈছে৷

You might also like