ভূপেন হাজৰিকাৰ নিয়ম ভঙাৰ হেঁপাহ
🔹 ড০ কৰবী ডেকা হাজৰিকা
নিয়ম ভাঙিব পাৰে সেইজনেহে, যাৰ আছে সাহস, বিশ্বাস, শুভশক্তিৰ ওপৰত আস্থা আৰু সমাজৰ বাবে মংগল কামনা৷ তেনে ব্যক্তি আছিল শংকৰদেৱ৷ শংকৰদেৱে সৰু মানুহৰ মহৎ জীৱনৰ বাবে শূদ্র হৈও ভাগৱত ভাঙনি কৰাৰ দৰে ‘অনিয়ম’ কৰিছিল, প্রচলিত ধর্মীয় আৰু সাম্প্রদায়িক ভেদাভেদ নাশ কৰি সকলোৰে বাবে সম-অধিকাৰ পোষণ কৰিছিল৷ অথচ সকলো আছিল আনন্দ আৰু কলাসুলভতাৰে হোৱা প্রকাশ৷ কোনো উকা প্রচাৰ নহয়৷ একেদৰে কলাৰ মাজেৰে সমাজলৈ পৰিৱর্তনৰ বার্তা আনিছিল ভূপেন হাজৰিকাই প্রায় পাঁচশ বছৰৰ পিছত৷ সমাজৰ বাবে নিয়ম ভাঙিবলৈ সাহস কৰা কলাৰ যাদুকৰ ভূপেন হাজৰিকাই শংকৰদেৱে গীত–নাট–সাহিত্যক আহিলা কৰাৰ দৰে নিজৰ আহিলা কৰি লৈছিল গীতক৷ নিজে পৰিচালনা কৰা বোলছবিৰ মাজতো এনে প্রচেষ্টাৰ আভাস নথকা নহয় যদিও গীতৰ মাজৰ বাণী আৰু বার্তা বেছি সজীৱ হৈ ধৰা দিছে৷
গান হ’ল জীৱন সোণালী কৰাৰ পৰশকাঠী৷ জীৱন গঢ়াৰ পথত গান হ’ব পাৰে বাটৰ লগৰী৷ পখীৰ গান, বৰষুণৰ গান, পাহাৰী নিজৰাৰ গান, বাঁহ–বনৰ সুৰুঙাৰে বৈ অহা বতাহৰ গান : এই সকলোবোৰৰে মাজত জীৱনৰ ভাগৰ দূৰ কৰাৰ যাদু সোমাই থাকে৷ সকলো মানুহে সচেতনভাৱে সেই যাদু চিনি নাপায়৷ মানুহে সচেতনে উপভোগ কৰে মানুহে মানুহৰ বাবে ৰচনা কৰা গানহে৷ লোকগীতৰ খলপাত ভৰি থৈ অথবা লোকগীতৰ বোকা–পানী খচকি গান যেতিয়া আধুনিক ‘শিক্ষিত’ মানুহৰ মনৰ চ’ৰালৈ সোমাই আহিল, তেতিয়া গানে লাভ কৰিলে একাধিক নতুন প্রমূল্য৷ কথা, সুৰ আৰু কণ্ঠৰ মিশ্রণত গান হৈ পৰিল জীৱনৰ সর্বোত্তম সম্পদ৷ গান উলাহতো, গান বিষাদতো, গান হতাশাতো৷ মানুহৰ ভিতৰত তেজৰ গতিৰ দৰে নিজেই নজনাকৈ গানৰ সুঁতি প্রৱাহিত হৈ আছে৷ সেই প্রৱাহৰ বিষয়ে তেতিয়াহে আমি গম পাওঁ, যেতিয়া কোনো অসীম প্রভাৱশালী গীতিকাৰৰ গীত, সুৰকাৰৰ সুৰ আৰু গায়কৰ সুকণ্ঠই হিয়া–চেতনাত আলোড়ন তোলে৷ এনে আলোড়নৰ গৰাকী স্বৰূপে কথা, সুৰ, গায়কী একেজনতে শ্রেষ্ঠতম বিন্দুত আৰোহণ কৰা নাম কেৱল ভূপেন হাজৰিকাহে৷
ভূপেন হাজৰিকাৰ গান এক বিশাল বিষয়৷ এই বিষয়টোৰ পৰিসৰ ইমান ব্যাপক যে বহুকেইখন গৱেষণা গ্রন্থয়ো হয়তো পর্যালোচনা কৰি সহজতে সামৰিব নোৱাৰিব৷ হাজৰিকাৰ গীতৰ বিষয়বস্তু বা ভাববস্তু আৰু ভাব–বীজসমূহক নানাধৰণে শ্রেণীবদ্ধ কৰিব পাৰি৷ সুৰৰ আলোচনা যোগ্য গৱেষকৰ বাবে এক অন্তহীন কৌতূহলৰ সন্ধান হ’ব পাৰে৷ বিশ্লেষণৰ বিষয় হ’ব পাৰে শব্দৰ নির্বাচন, শুদ্ধ আৰু বিশিষ্ট উচ্চাৰণ ভংগী আৰু ভাষাৰ আঞ্চলিকতা–ভিন্নতা–মৌলিকতা-নিৰ্মিতি আদি অসংখ্য প্রত্যক্ষ দিশ আৰু এইবোৰৰ শাখা–প্রশাখা৷ সকলো গানৰে মাজত দুটা প্রধান প্রকৃতি থাকে৷ এবিধ হ’ল– মনোৰঞ্জনৰ বাবে সৃষ্ট আৰু আনবিধ হ’ল বিশেষ উদ্দেশ্য আগত ৰাখি কৰা নির্মাণ৷ সুদক্ষ কলাকাৰৰ কলম আৰু সুৰত একেটি গীততে দুয়োটা লক্ষ্য পূৰণ কৰাও সম্ভৱপৰ হৈ উঠে৷ ভূপেন হাজৰিকাৰ গীত সেইবাবেই একক আৰু অনন্য৷ সমগ্র ‘ভূপেন্দ্র সংগীত’ৰ ধাৰাৰ মাজতে এই দুয়োটা লক্ষণ মিহলি হৈ থাকে৷ উপদেশ, অনুৰোধ, প্রতিবাদ আৰু মনোৰঞ্জন তেওঁৰ গীতৰ মাজত এনেকৈ মিহলি হৈ থাকে যে সেউজীয়া পাতত সেউজীয়া পখিলা পৰি থকাৰ দৰে প্রথম দৃষ্টিত সেইবোৰ ধৰা নপৰে৷ শ্রৱণৰ মাজেদি আহি মর্মত প্রৱেশ কৰা গীতবোৰৰ আবেদন লাহে লাহে অন্তর্মুখী হয় আৰু তাতে ৰৈ যায়৷ ভূপেন হাজৰিকাৰ গীতবোৰৰ সৰহভাগেই উত্তম কবিতা৷ সহূদয়ৰ হূদয় আলোড়িত কৰিব পৰাৰ গুণেৰে চহকী৷ গানৰ ৰূপেৰে উপভোগ কৰাৰ পাছতো কবিতা ৰূপেৰে বুদ্ধি আৰু চেতনাক আকৃষ্ট কৰিব পৰা গীতসমূহৰ মাজত থকা সবাতোকৈ ডাঙৰ কথা হাজৰিকাৰ গীতৰ সামাজিক প্রমূল্য আৰু সমাজলৈ প্রেৰণ কৰা বার্তা৷ গীতসমূহৰ নান্দনিক আবেদন হাজাৰবাৰ স্বীকাৰ কৰাৰ পাছতো কথাৰ আঁৰত থকা বার্তাইহে শ্রোতাক যে আজীৱনৰ বাবে জগাই থৈ যায় এই কথা সত্য৷ এনে ধাৰণাৰ আধাৰতে আলোচনাৰ এটা বিষয় হ’ব পাৰে ভূপেন হাজৰিকাৰ নিয়ম ভঙাৰ গানসমূহ! ভূপেন হাজৰিকাৰ গীতত সমাজৰ মংগলৰ বাবেই নানানটা নিয়ম ভঙাৰ উল্লেখ পোৱা যায়৷ তেওঁৰ নিয়ম ভঙাৰ ক্ষেত্রকেইখন হ’ল– য’ত অর্থনৈতিক বৈষম্য আছে, সাম্প্রদায়িক সম্প্রীতি য’ত বিনষ্ট হৈছে, প্রেমৰ মুক্ত প্রকাশ য’ত বিঘ্ণিত হৈছে, পর্বত–ভৈয়ামৰ মিলনত যদি বাধা আহিছে৷ নিয়ম ভঙাৰ গীতৰ মাজেদি তেওঁ প্রকাশ কৰিছিল সমাজতান্ত্রিক বাস্তৱবাদী আদর্শ৷ ভূপেন হাজৰিকাৰ ভৰসাৰ থল আছিল নতুন পুৰুষ৷ সেয়েহে তেওঁ কৈছিল–
তুমি নতুন পুৰুষ
তুমি নতুন নাৰী
অনাগত দিনৰ জাগ্রত প্রহৰী
কেঁচা জীৱন সোঁতক সিঞ্চন কৰি
সজাবা সমাজ নিজ হাতেৰে গঢ়ি
এন্ধাৰ গলিত আলোক বৰষাৰ
ঢালিবা তুমি উচ্ছল কৰি৷
নতুন পুৰুষৰ মাজত শ্রমৰ মূল্য জাগ্রত কৰিবলৈ সৌ তাহানিতে তেওঁ ৰচনা কৰিছিল ‘অটোৰিক্সা চলাওঁ আমি দুয়ো ভাই, গুৱাহাটী কৰি গুলজাৰ’ৰ দৰে গীত৷ শিক্ষিত নিবনুৱাৰ বাবে আত্মসংস্থাপনৰ এই নির্দেশ সেই সময়ৰ প্রচলিত সমাজৰ বাবে অনিয়মক নিয়ম কৰা ইংগিত আছিল৷ যুৱ সমাজৰ মাজত জাগি উঠা সমাজ সচেতনতা আৰু সমাজক নিকা কৰাৰ সাহসক তেওঁ বিশেষ মূল্য প্রদান কৰিছিল৷ সমাজক কলুষিত কৰাৰ সকলো উপাদানৰ ভিতৰত তেওঁ সবাতোকৈ কলংকিত বুলি ভাবিছিল জাত–পাতৰ সংকীর্ণতাক৷ নতুন পুৰুষে এই সংকীর্ণতাৰ সীমা পাৰ হৈ আগবাঢ়ি যোৱাটো তেওঁ মনে–প্রাণে কামনা কৰিছিল৷ সীমা পাৰ হোৱাৰ প্রথমটো খোজ হ’ল প্রেম আৰু বিবাহত থকা জাতি–সম্প্রদায়ৰ বাধা নেওচিব পৰাৰ সাহস৷ হাজৰিকাৰ দুটি গীতত এচমকা কাহিনীৰ আঁৰত প্রেমিক–প্রেমিকাৰ সৰু সৰু সমাজৰ বৰ বৰ ভুল নেওচিব পৰাৰ সাহস ব্যঞ্জিত হৈছে৷ এটি গীতত কোৱা হৈছে সৰুদৈ আৰু সৰুকণৰ সমাজ নেওচি এক হোৱাৰ কাহিনী৷ দুয়োৰে যে জাত–পাত নিমিলে বুলিয়েই সমাজে মিলনৰ অনুমতি নিদিয়া সেই প্রেমিক যুগল ‘সৰুকণ সৰুদৈয়ে বিজুলীৰ পোহৰত সৰু সৰু সমাজক এৰে৷’ মানুহৰ সমাজতকৈ উদাৰ প্রকৃতিৰ সমাজে সেই সমাজ–নেওচা মিলনক আদৰণি জনোৱাৰ কথাও বৰ মন পৰশাকৈ বর্ণনা কৰা হৈছে৷ বনজুয়ে হোম দিলে, বিজুলীয়ে ৰভা দিলে, জিলিয়ে বিয়ানাম গায়৷ তাতোকৈও ডাঙৰ কথা– ‘ধুমুহাই গগনা বায়, সাহসৰ বাতৰি বিলায়’৷ এয়া যেন সমাজলৈ ধুমুহা অহাৰে আগজাননী৷ অন্য এটি গীতত যুৱতী অনামিকা গোস্বামী আৰু যুৱক হেমন্ত দাসে সামাজিক নিয়মৰ সংকীর্ণ বেহু ফালি আগবাঢ়ি যোৱাৰ কাহিনী বর্ণিত হৈছে৷ এফালে বিজ্ঞান আৰু প্রযুক্তিৰ হাতত ধৰি মানুহ প্রগতিৰ পথত আগবাঢ়িছে৷ আনফালে কৌটিকলীয়া নিয়মৰ শিকলিয়ে বান্ধি ৰাখিছে পুৰণি সমাজৰ ভাগৰুৱা খোজ৷ এটি গীতত সমাজৰ বাধাই তৰা প্রাচীৰ দেখি তেওঁৰ বুকু হমেহমাইছে–
চাকৈয়ে নেপায় চকোৱাৰে লগ
মাজ চেঙেলীয়া নৈ
ৰহদৈ চেনাইৰ মাজতে বাধা ঐ
সমাজৰ পাহাৰখন ৰয়৷
বুকুহে হমেহমায়৷
সেয়েহে গীতিকাৰে কৈ উঠিছে–
এয়া জনাৰ যুগ
এয়া বুজাৰ যুগ
এয়া সীমাৰ পৰিধি ভঙাৰ যুগ৷
য’তে সীমাই প্রাচীৰ সাজে, তাতে থকা উচিত প্রাচীৰ ভঙাৰ সাহস৷ মিছা নীতিৰ দোহাই দি ভুৱা শৃংখলা বজাই ৰাখিব খোজা সমাজৰ প্রতি তেওঁৰ মনোভাব– ‘নেলাগে সমাজ নেলাগে নেলাগে সময় দেখুওৱা ঘড়ী, সময় এবাৰ থমকি ৰওকচোন আমাকে সাক্ষী কৰি’৷ সঁচা মৰমক নিয়মৰ বাধাৰে মৃত কৰি নাৰাখিবলৈ জনাই তেওঁ কৈ উঠিছে– ‘মৰমত জানো নিয়ম থাকে, ধুমুহাত জানো পৰিধি থাকে?’ সাহসী গীতিকাৰজনে অতি সংবেদনশীল ভংগীৰে ৰচনা আৰু পৰিৱেশন কৰা কোমল, জটিল, গভীৰ ব্যঞ্জনাময় আৰু দেশৰ সীমা ভাঙি দেশে–বিদেশে শিহৰণ তোলা ‘বিমূর্ত মোৰ নিশাটি যেন’ গীতটিত কৈছে– নিয়ম ভঙাৰ নিয়ম ই যে নিয়মাকাংক্ষী বাটৰ৷’ অন্য এটি গীতত কৈছে–
সমাজৰ নীতি–নিয়ম
ভঙাটোও নতুন নিয়ম৷
দুয়োটাই দেহজ প্রেমৰ গীত৷ দেহজ প্রেম জীৱনৰ পৰম সত্য৷ গতিকে মিছা আৱৰণেৰে ঢাকি নাৰাখি প্রেম আৰু ভালপোৱাক নান্দনিকতাৰে তেওঁ গ্রহণ কৰিছে৷
হাজৰিকাৰ গীতে সদায় শোষিতৰ পক্ষ লৈ শোষকৰ বিৰুদ্ধে জনতাক গীতেৰে জগাই তুলিছিল৷ তেওঁৰ গীতবোৰত একো একোখন ক্ষুদ্র ছবি থাকে৷ যিদৰে সৰুদৈ–সৰুকণে ধুমুহাৰ ৰাতি সমাজ এৰি নতুন সমাজ গঢ়িবলৈ আগবাঢ়ি যোৱা দৃশ্যটো ছবিৰ দৰেই শ্রোতাৰ বুকুত জিলিকে, সেইদৰে পাহাৰ বগাই মইনা ধৰি আনি নতুন কইনাক উপহাৰ দিবলৈ বিচৰা ডেকাটিৰ ছবিখনো স্পষ্ট৷ অসমৰ গাঁও, নগৰ, চাহ বাগান, নদীৰ পাৰৰ মাছমৰীয়া, খনিৰ বনুৱা, দুখুনী বিধৱাৰ জীৱনৰ দুখৰ কাহিনী বুটলি তেওঁৰ গীতে এনেকুৱা একোটা মুহূর্তৰ সৃষ্টি কৰে যে শ্রোতাৰ চেতনাত প্রচলিত সমাজৰ কিছুমান অপকাৰী নিয়ম ভঙাৰ সপক্ষে অজেয় মনোভাবে মূৰ তুলি উঠে৷ তেওঁ ব্যক্তিৰ দুখ দূৰ কৰিবৰ বাবে সমষ্টিক জাগ্রত হোৱাটো বিচাৰিছিল৷ কেতিয়াবা কোমলভাৱে আৰম্ভ হোৱা গীত একোটাতো সামৰণিত চমকপ্রদ বিদ্রোহৰ ভাব দেখা যায়৷ এই বিদ্রোহ এজন শোষিতৰ ক্ষোভৰ বিদ্রোহ নহয়, সমষ্টিৰ মুঠবন্ধা বিদ্রোহ৷ মনত পৰে ‘মেঘে গিৰগিৰ কৰে’ গীতটিলৈ৷ বৰষুণ আহো আহো সূচনাৰে ৰচনা কৰা শীতল গীতটিৰ শেষৰ ফালে হঠাৎ গীতিকাৰে কৈ উঠিছে– ‘বহুতো যে ঘাম সৰালোঁ, তেজো বুকুৰ বহু দিলোঁ, কাঁচিখনত শান দিলোঁ, সাহস ভৰি পৰে৷’ একেদৰেই এটি প্রচণ্ড সকীয়নি পোৱা যায় ‘দোলা হে দোলা’ গীতটিৰ মাজত৷ সৰু সৰু মানুহৰ কান্ধত ভৰ দি ৰজা–মহাৰজাই বিলাসী জীৱন গঢ়ে৷ চহকীৰ পাটৰ চিকমিকনিত ম্লান হৈ পৰে দোলাভাৰীৰ কপাহী কাপোৰৰ সপোন৷ বৰ বৰ মানুহৰ টোপনিত কোনো ব্যাঘাত নহ’বৰ বাবে মূৰৰ ঘাম মাটিত পেলাই সাৱধানে আগবাঢ়ে সৰু মানুহৰ দল৷ সেয়েহে গীতটিত এষাৰ বজ্রবাণী আছে–
ওখকৈ পাহাৰৰ টিঙটি উঠিছোঁ
ভালকৈ খোজটি মিলা
আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে
বাগৰি পৰিব দোলা
ৰজা–মহাৰজাৰ দোলা
বৰ বৰ মানুহৰ দোলা৷
সর্বসাধাৰণ নাগৰিকৰ মনত প্রতিধ্বনিত হৈ থকা চিন্তাৰ এই প্রকাশে শ্রোতাৰ প্রাণত শিহৰণ তোলে৷ ডাঙৰীয়াৰ বিষয়ে বেয়াকৈ ভবাৰ অধিকাৰ দোলাভাৰীৰ নাথাকে৷ দোলাভাৰীয়ে মুখ ফুটাই একো কোৱা নাই, কিন্তু নোকোৱাৰ মাজতে সবাক হৈ আছে মনৰ ভাবৰাশি৷ সেইদৰে দুখ–দৰিদ্রতাৰ অন্ধকাৰত ডুব গৈ থকা চাহ বাগানৰ বনুৱাৰ হাজাৰটা সমস্যা গীতিকাৰে দেখা পাইছে৷ পোহৰত থাকিও অন্ধ হৈ পৰা সমাজে দেখা নাপায় জুগনু আৰু লছমীহঁতৰ অন্ধকাৰ জীৱনত পৰা পিশাচৰ কৰাল হাতোৰাৰ ছাঁ৷ সেউজীয়া বাগিচাৰ বনুৱাহঁঁতৰ সোণৰ সপোন থানবান হৈ যায় সেই কৰাল গ্রাসত৷ কেতিয়াবা নির্জুজনৰো সহ্যৰ সীমা পাৰ হৈ যায়৷ একৰ বাবে ওলাই আহে হাজাৰজন সমদুখী৷ সেয়েহে তুফানৰ দৰে অহা নতুন সাহসে কেতিয়াবা অত্যাচাৰৰ শিপা উভালি পেলাবও পাৰে,–
নতুন তুফান আহিলে হেজাৰ মাদল বাজিলে
সেই মাদলৰ সাহস দেখি পিশাচো পলালে৷
সহি থকাটোৱেই নিয়ম নহয়৷ অন্যায়ৰ প্রতিবাদ কৰটোহে নতুন নিয়ম৷ এই নিয়ম সমাজৰ বাবে স্বাস্থ্যকৰ৷
সবাতোকৈ তীব্র, তীক্ষ্ণ আৰু জুই বৰষা গান হ’ল পানেইৰ পোনাকণ গীতটি৷ সমগ্র বিশ্বৰ সর্বহাৰাজনৰ প্রতীকৰূপে থিয় দি থকা দুখুনী পানেই প্রতিবাদৰ মূর্ত ৰূপ৷ নিয়ম ভঙাৰ পৃথিৱীত সাহসী যোদ্ধা৷ দুখুনী পানেইৰ ভগা পঁজাত বিনা আহাৰ বিনা চিকিৎসাত পোনাকণৰ জীৱনৰ বন্তি নুমাই যোৱাৰ পাছত উন্মাদিনী হৈ পৰা বিদ্রোহিনী পানেয়ে কৈছে– ‘বাচা উভতি যেতিয়া আহিবি, ন ন জীৱনৰ মুৰুতি দেখিবি৷ বৰ বৰ মানুহৰ ভঁৰালৰ পৰা মহ কাঢ়ি আনি ফল দিম, দৰব–জাতি দিম, গাখীৰ–গুড় দিম, পঢ়াশালি পাতি দিম, মুখত হাঁহি দিম, পুতলানো কত দিম, উজলাবি পানেইৰ পঁজা, ভোকত শুকাব মন্ত্রী–ৰজা৷’ এই গদ্যময় শাৰীকেইটিৰ গান ৰূপেৰে জোৰ বৰ বেছি৷ বুকু কঁপি যোৱাকৈ বেছি৷
এই একে ধাৰণাৰে হাজৰিকাৰ অন্য দুটিমান গীতো সবাক৷ বুভুক্ষু শিশুৰ আর্তনাদে তিলতিলকৈ অনা মৃত্যুৰ সংবাদ শুনিও নির্বিকাৰ হৈ থকা প্রতিবাদহীন জনতাক তেওঁ সকীয়াই দিছে– ‘সংগ্রাম আন এটি নাম জীৱনৰে, ইতিহাসে চিঞৰে জয় জনতাৰে’৷ গতিকে তেওঁৰ আহ্বান– ‘ত্রাস এৰি দানৱকে বধোগৈ আহ’৷ সংগ্রামৰ পৰা আঁতৰি অকলশৰে চকুপানী টোকা অকলশৰীয়াজনৰ প্রতি তেওঁ নকৈ পৰা নাই– ‘চহৰে–নগৰে, গাঁৱে–পথে, ঘাটে–পথে সমদল দেখিছ নে নাই? তোৰ দৰে হাজাৰে চিঞৰি চিঞৰি সৌৱা আগবাঢ়ে পৃথিৱী কঁপাই৷ যি তই নাপালি, কিয় কাঢ়ি নানিলি? ইংগিত নুবুজাটো হ’ব’ এইদৰেই তেওঁ প্রচলিত ৰীতি ভাঙি সাহসেৰে ওলাই আহিবলৈ জনতাক উদ্বুদ্ধ কৰিছিল৷ তেওঁৰ লক্ষ্য আছিল জনতাৰ মাজত সমতা৷ তেওঁৰ চকুত পৰিছিল সেইখিনি মানুহ যি ‘জীৱন ৰে’লৰ দবাত তৃতীয় শ্রেণীৰ যাত্রী’৷ আর্থিক, সামাজিক, নৈতিক, সাংস্কৃতিক দিশত নিকা হৈ থাকি এখন সুন্দৰ সমাজ গঢ়াৰ তেওঁ পোষকতা কৰিছিল৷ এই সমাজত নাথাকিব কোনো বিভেদ, কোনো ভুৱা ৰীতি–নীতি৷ মানুহৰ মুকলি পৰিচয় হ’ব কেৱল মানুহ৷ তাৰ বাবে জাতি–জনগোষ্ঠীৰ বৈষম্য, ধর্মীয় সংকীর্ণতা, পাহাৰ–ভৈয়ামৰ বিভেদ আৰু ধনী–দুখীয়াৰ পার্থক্য আঁতৰ কৰিব লাগিব৷ এই কাম এদিনৰ নহয়৷ এই কাম এজনৰো নহয়৷ জনসমষ্টিৰ যৌথ প্রচেষ্টাত ‘নিয়ম ভঙাৰ নিয়মেৰে’ আগবাঢ়িলেহে মানুহে লাভ কৰিব মানুহ হোৱাৰ গৌৰৱ৷
ভূপেন হাজৰিকাৰ সকলো গীতৰ ভিতৰত এই শ্রেণীৰ গীতৰ সুকীয়া মূল্য দেখা যায়৷ ৰোমাণ্টিক মনৰ, প্রেম–কাতৰ, দেশৰ চেনেহত পমি যোৱা প্রাণৰ, উগ্র প্রতিবাদী, সংগ্রামী, বিষাদে কৰুণ কৰা কোমল চেতনাৰ কবি, আশাবাদী কবি–গীতিকাৰ ভূপেন হাজৰিকাৰ নিয়ম ভঙাৰ আহ্বানৰ আঁৰত আছে তেওঁৰ সুতীব্র মানৱতাবোধ আৰু নিঃস্বজনলৈ সহানুভূতি৷ হাজৰিকাই গীতবোৰক তেওঁৰ সমাজ–শুধৰণিৰ অস্ত্রৰূপে প্রয়োগ কৰি কৈছিল– ‘মোৰ গান হওক বহুত বাধাৰ প্রাচীৰৰ বিপৰীতে এক তীব্র গতিৰেই গান৷’ সমাজৰ মংগল–চিন্তাত সদায় বাধা থাকেই৷ ভূপেন হাজৰিকাই যেতিয়া নিয়ম ভঙাৰ কথা কয়, সেয়াও সমাজৰ মংগলৰ বাবেহে কয়৷ সেয়েহে এইমুঠি গীত বিশেষ গুণেৰে মংগলময়৷ তেওঁৰ খং, ক্ষোভ, নির্দেশ, পথৰ ইংগিত আৰু মৰমভৰা বুজনিৰ মাজত ঢাকি থোৱা আছে হতাশা৷ হতাশাক নেওচি প্রবল আশাবাদ বিচাৰি আনি তেওঁ সমাজক ভাঙিছে আৰু গঢ়িছে তেওঁৰ গানেৰে৷ সেয়েহে এই শ্রেণী গীতৰ আসনেই সুকীয়া৷
ফোন : ৯৪৩৫১–৩১৮৪৮