নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত কৰ’ণাত মৃত্যুৰ সংখ্যা ১২জনলৈ বৃদ্ধি

৬৫৭জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ভাৰতত দৈনিক বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বৰ্তমান কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৫৭জনলৈ বৃদ্ধি। লগতে এই পৰ্যন্ত এই ভাইৰাছত আক্ৰন্ত হৈ মৃত্যু হৈছে ১২জনৰ লোকৰ। মধ্যপ্ৰদেশৰ ইন্দোৰত এগৰাকী ৬৫ বছৰীয়া মহিলাৰ মৃত্যু। ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ৪৬গৰাকী ৰোগী।

            কিন্তু বৰ্তমানো দেখিব পোৱা গৈছে এই ভয়াৱহ ভাইৰাছবিধক লৈ এতিয়াও সজাগ হোৱা নাই একাংশ জনতা। অসমত এতিয়াও বজাৰ তথা ৰাস্তা-ঘাটে মানুহৰ ভিৰ। ৰাস্তাত টিঘিলঘিলাই ফুৰা একাংশ লোকক প্ৰহাৰ কৰিছে আৰক্ষীয়ে।

You might also like