শুভ্ৰ আঁচল উৰুৱাই ফুলিছে কঁহুৱা… ঢকুৱাখনাৰ চাৰিওফালে কঁহুৱাৰ লয়লাস নাচোন
এয়া যেন শৰতৰ আগমনৰ সময়। দুৱৰি দলিচাত নিয়ৰৰ মুকুতা সানি চৌদিশে বিয়পি পৰিছে শৰৎ আগমনৰ সুবাস। শুভ্ৰ আঁচল উৰুৱাই ফুলিছে নৈৰ পাৰৰ কঁহুৱা। প্ৰকৃতিক সুন্দৰ ৰূপত সজাই তুলিবলৈকে যেন আকৌ আহিছে শৰত।
নীলা আকাশৰ তলত মলয়াৰ ৰিব ৰিব বতাহত নীলা আকাশৰ তলত হালি জালি নাচিছে বকৰঙী কঁহুৱাই।শুভ্ৰ ডাৱৰৰ সৈতে সুবিশাল নীলিম আকাশৰ নিৰ্মলতাক কঁহুৱা ফুলৰ শুভ্ৰতাই যেন আৰু অধিক সুন্দৰ কৰি তুলিছে।কঁহুৱাবোৰে যেন জনাই দিছে এয়া উৎসৱৰ বতৰ।
উৎসৱ আগমনৰ বার্তাত মন-প্ৰাণ হৰি নিয়াৰ সময় এয়া। শৰতৰ আগমনৰ লগে লগে ঢকুৱাখনাৰ প্রান্তে প্রান্তে ফুলিছ উঠিছে অগণন কঁহুৱা।শৰতৰ আগমণৰ লগে লগে অতি মনোমোহা হৈ পৰিছে ঢকুৱাখনাৰ চৌদিশ।
মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি চাৰিকড়ীয়া, কঢ়া , চামপৰা আদি নৈৰ পাৰত চকুৰে মনিব নোৱাৰা পৰ্য্যন্ত ফুলি থকা শুভ্ৰ কঁহুৱাই স্বাভাৱিকভাবেই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। প্ৰকৃতিৰ এই মনোমোহা পৰিৱেশৰ সুধাপান কৰিবলৈ সমবেত হৈছে বহু লোক।
কঁহুৱাৰ সৌন্দৰ্য্যত কবিৰ কলমত প্ৰান পাইছে কবিতাই, শিল্পীয়ে সৃষ্টি কৰিছে গীতৰ।শুভ্ৰ কহুৱাৰ আচ্ছাদনে প্ৰতিজনৰে মনলৈ নমাই আনিছে গভীৰ শীতলতা। কঁহুৱাৰ মায়াই সকলোকে হাত বাউলি দি মাতে।বতাহত হালিজালি নাচি থকা কঁহুৱা বনে মন্ত্ৰমুগ্ধ কৰিছে সকলোকে।
সম্প্ৰতি নৈ-জান-জুৰিৰ পাৰ আৰু পথাৰৰৰ মাজত শাৰী শাৰীকৈ ফুলি থকা কঁহুৱানিবোৰৰ মনোমোহা ৰূপ পান কৰিবলৈ আগমন ঘটিছে বিভিন্ন লোকৰ।প্ৰতিগৰাকী প্ৰকৃতি প্ৰেমীয়ে উপভোগ কৰিছে নদীৰ দুয়োপাৰে ফুলি থকা কঁহুৱাৰ নয়নাভিৰাম দৃশ্য।
বতাহত হালিজালি নাচি থকা কঁহুৱা বনে মন্ত্ৰমুগ্ধ কৰিছে সকলোকে।কঁহুৱা ফুলৰ এই নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা।বিশেষকৈ ঢকুৱাখনা-টেকেলিফুতা সংযোগী পথৰ দাঁতিত ফুলি উঠা কহুৱাই এতিয়া আকৰ্ষিত কৰি তুলিছে পথচাৰীক৷
পথটোৰে যোৱা পথচাৰীসকলে এপলক নয়ন ভৰাই উপভোগ কৰিছে নীলা আকাশৰ তলত হালি জালি নাচি থকা কঁহুৱাৰ সৌন্দৰ্য৷ হাতত থকা ম’বাইল ফোনটোৰে লয় ইখনৰ পাচত আনখন ফটো। কঁহুৱাৰ শুভ্ৰতাত ক্ষন্তেকৰ বাবে বিলীন হৈ গৈছে সকলো৷
কিন্তু ,এই কঁহুৱাৰ নাই কোনো ব্যৱহাৰিক প্ৰয়োজন। অথচ গীত, কবিতা, প্ৰকৃতিৰ ৰূপ মাদকতাত ৰসন সানে কঁহুৱাই। বতাহত লহপহকৈ ফুলি নাচি বাগি থকা এই কঁহুৱাবোৰৰ মন বোৰ যেন অশান্ত। সেইবাবে হয়তো সুধাকণ্ঠ ভূপেন হাজৰিকাই গাইছিল “কঁহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি।” এনেদৰেই এতিয়া শৰতৰ আগমনে কঁহুৱা ফুলৰ শুভ্ৰতাই পুলকিত কৰিছে সকলোৰে মন-প্ৰাণ।
ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, ১০ ছেপ্টেম্বৰ