নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপৰ আজিৰ মেচ IND vs UAE নহয়,  ‘ভাৰত বনাম মিনি ভাৰত’হে

এছিয়া কাপ ২০২৫ৰ দ্বিতীয় মেচখন আজি ভাৰত আৰু ইউএইৰ মাজত অনুষ্ঠিত হ’ব। টি-২০ ফৰ্মেটত এই দুই দেশৰ মাজত এইখন দ্বিতীয়বাৰৰ মুখামুখি। কিন্তু আজিৰ মেচৰ এক বিশেষ আকৰ্ষণ হ’ল— এই মেচত ১১জনৰ পৰিৱৰ্তে মুঠ ১৭জন ভাৰতীয় খেলুৱৈ খেলপথাৰত নামিব পাৰে! কাৰণ, ইউএইৰ এছিয়া কাপৰ দলত ৬জন ভাৰতীয় মূলৰ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে।

ভাৰত বনাম ‘মিনি ভাৰত’ মেচ

আজিৰ মেচত ভাৰতৰ তৰফৰ পৰা ১১জন খেলুৱৈ থাকিব, আনহাতে ইউএইৰ দলত ভাৰতীয় মূলৰ ৬ জন খেলুৱৈ সিমৰনজিৎ সিং, হৰ্ষিত কৌশিক, ধ্ৰুৱ পাৰাশৰ, আলিশান শৰাফু, ৰাহুল চোপড়া আৰু আৰ্যাংশ শৰ্মা অন্তৰ্ভুক্ত আছে। ইউএইৰ দলত আধাতকৈ অধিক খেলুৱৈ ভাৰতীয় মূলৰ হোৱাৰ বাবে এই দলক ‘মিনি ভাৰত’ বুলি অভিহিত কৰাটো যথাৰ্থ। যদি এই ৬জন খেলুৱৈৰ সকলোৱে আজিৰ খেলাৰ একাদশত সুযোগ পায়, তেন্তে ভাৰত বনাম ইউএই মেচত মুঠ ১৭জন ভাৰতীয় মূলৰ খেলুৱৈ খেলপথাৰত খেলিব।

ভাৰত বনাম UAE: হেড-টু-হেড

টি-২০ ক্ৰিকেটৰ ইতিহাসত ভাৰত আৰু ইউএই মাত্ৰ এবাৰ মুখামুখি হৈছে ২০১৬ চনৰ এছিয়া কাপত। সেই মেচত UAE ৯ উইকেটত পৰাস্ত হৈছিল, আৰু ভাৰতে মাত্ৰ ১০.১ অভাৰত জয়লাভ কৰিছিল।

এছিয়া কাপত ভাৰতীয় দল

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটৰক্ষক), যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, সঞ্জু ছেমছন (উইকেটৰক্ষক), হৰ্ষিত ৰাণা, ৰিংকু সিং

UAEৰ দল

মুহাম্মদ ৱাছিম (অধিনায়ক), আলিশান শৰাফু, আৰ্যাংশ শৰ্মা (উইকেটৰক্ষক), আছিফ খান, ধ্ৰুৱ পাৰাশৰ, এথন ডি’চুজা, হাইদৰ আলী, হৰ্ষিত কৌশিক, জুনৈদ ছিদ্দিকী, মতিউল্লাহ খান, মুহাম্মদ ফাৰুক, মুহাম্মদ জাৱাদুল্লাহ, মুহাম্মদ জোহৈব, ৰাহুল চোপড়া (উইকেটৰক্ষক), ৰহিদ খান, সিমৰনজিৎ সিং, ছাগিৰ খান

লাইভ ষ্ট্ৰীমিং আৰু টেলিকাষ্ট

মোবাইলত : ‘Sony Liv’ এপত লাইভ ষ্ট্ৰীমিং উপলব্ধ। ছাবস্ক্ৰিপশ্বন প্লেনৰ মূল্য ন্যূনতম ৩৯৯ টকাৰ পৰা আৰম্ভ।

টিভিত : Sony Sports Networkত লাইভ টেলিকাষ্ট দেখা যাব।

Niyomiya Barta Desk, 10 September

You might also like