নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সতো বিদ্রোহৰ জুই : ৰাষ্ট্রপতিৰ বিৰুদ্ধে পেৰিছৰ ৰাজপথত হাজাৰ হাজাৰ জনতাৰ তাণ্ডৱ

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : নেপালৰ পিছত চৰকাৰৰ বিৰুদ্ধে বিদ্রোহৰ জুই ফ্রান্সত৷ ৰাষ্ট্রপতি এমানুৱেল মেক্রন আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে ৰাজধানী পেৰিছত হাজাৰ হাজাৰ জনতাই বিক্ষোভ প্রদর্শনৰ সময়ত হিংসাত্মক কার্যকলাপ সংঘটিত হয়৷ নিৰাপত্তাৰক্ষী আৰু বিক্ষোভকাৰীৰ মাজত প্রত্যক্ষ সংঘাত হয়৷ প্রতিবাদকাৰীয়ে হাতে হাতে অগ্ণিশিখা লৈ ৰাজপথ অৱৰোধ কৰি যান–বাহনত অগ্ণিসংযোগ কৰে৷

পেৰিছৰ সমান্তৰালকৈ দেশখনৰ আন আন চহৰবোৰতো বিক্ষোভকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ অশান্ত হৈ পৰা দেশখনত নিৰাপত্তা বাহিনীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰি ৩০০ প্রতিবাদকাৰীক গ্রেপ্তাৰ কৰিছে৷ ‘ব্লক এর্ভিথিঙ’ৰ বেনাৰত দেশজুৰি চলা প্রতিবাদত ৰাজধানী চহৰখনত প্রতিবাদকাৰীয়ে আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড জ্বলাই দিয়ে৷ প্রতিবাদকাৰীক নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে৷ ইয়াৰ পাছতেই ক্ষুব্ধ প্রতিবাদকাৰীয়ে ৰাজপথত থকা বাছত অগ্ণিসংযোগ কৰাৰ লগতে বিদ্যুৎ সংযোগ ব্যাহত কৰি তোলাত ৰে’লসেৱা বিঘ্ণিত হয়৷

মন কৰিবলগীয়া যে ৰাষ্ট্রপতি মেক্রনে দেশখনত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে যোৱা সোমবাৰে প্রধানমন্ত্রী ফ্রানকইছ বেইৰ’ই সংসদীয় আস্থাভোটত পৰাজিত হোৱাৰ পাছতেই মঙলবাৰে মেক্রনে তেওঁৰ ঘনিষ্ঠ প্রতিৰক্ষা মন্ত্রী ছেবাষ্টিয়েন লেক’ৰমুক নতুন প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে৷ লেক’ৰমুক হৈছে বিগত ১২ মাহৰ ভিতৰত প্রধানমন্ত্রী পদত নিযুক্ত হোৱা চতুর্থজন ব্যক্তি৷ প্রধানমন্ত্রী সঘনে সলনি কৰাক লৈ দেশখনৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পৰিপ্রেক্ষিততে ৰাষ্ট্রপতিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে জনগণ৷ ইয়াৰ ফলশ্রুতিতে ৰাজধানী চহৰখনৰ পৰা দেশখনৰ বিভিন্ন চহৰত হাজাৰ হাজাৰ প্রতিবাদকাৰী ৰাজপথলৈ ওলাই আহি মেক্রনৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷

প্রতিবাদকাৰীৰ উগ্র ৰূপ দেখি ৰাষ্ট্রপতিগৰাকীয়ে আইন–শৃংখলা নিয়ন্ত্রণ কৰিবলৈ ৮০ হাজাৰ অতিৰিক্ত নিৰাপত্তা জোৱান মোতায়েন কৰাৰ পাছতেই পৰিস্থিতিয়ে জটিলতাৰ পিনে ঢাল খায়৷ প্রতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজৰ সংঘাতে দেশখন অশান্ত কৰি তুলিছে৷

You might also like