নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব কিক-বক্সিং প্ৰতিযোগিতালৈ বিলাসীপাৰাৰ নয়নজিত

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ : বিশ্ব কিক-বক্সিং ৰিঙত নামিব ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ বিলাসীপাৰা সমজিলাৰ নৱজিত ৰায়ে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ নাম সন্নিৱিষ্ট কৰি নৱজিতে ৰাজ্যখনৰ লগতে পশ্চিম অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

এই বাতৰি বিয়পি পৰাৰ লগে লগে নামনি অসমৰ ক্ৰীড়াপ্ৰেমীক উৎফুল্লিত কৰি তোলা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিশ্ব কিক-বক্সিং সন্থাই আন্তঃৰাষ্ট্ৰীয় কিক-বক্সিং ২০২৫ প্ৰতিযোগিতাখন এইবাৰ ইউ এ ইৰ আবুধাবিত অহা ২১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত কৰা হ’ব। এই প্ৰতিযোগিতাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ আজুৰি আনিবলৈ সক্ষ্যম হৈছে বিলাসীপাৰাৰ বিশ্বমিত্ৰ ৰায় আৰু সবিতা ৰায়ৰ তৃতীয় পুত্ৰ নয়নজিত ৰায়ে।

উল্লেখ্য যে ইতিমধ্যে ছত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত নয়নজিতে খিতাপ অৰ্জন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ স্থান আজুৰি আনিবলৈ সক্ষম হয়। কোকৰাঝাৰৰ ডিমলগাওঁ এমেচাৰ কিক-বক্সিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা তথা কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ত অধ্যয়ন কৰা ১৯ বছৰীয়া নয়নজিতৰ সাফল্যই অঞ্চলবাসীক গৌৰৱাম্বিত কৰি তুলিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like