নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ কূটনীতি

আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে গ্রহণ কৰা নীতি আৰু সিদ্ধান্ত বিশ্বজুৰি ব্যাপক চর্চা আৰু বিতর্কিত বিষয় হৈ আছে৷ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতিৰ দায়িত্ব লৈ আমেৰিকাৰ স্বার্থত গ্রহণ কৰা নীতিয়ে বিশ্বৰ ভূ–ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্রখনক বাৰুকৈয়ে জোকাৰি গৈছে৷ প্রধানতঃ প্রব্রজনকাৰী নীতিয়ে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা গৈ আমেৰিকাত বসবাস কৰি থকা প্রবাসী লোকক বিপদ পেলোৱাটো গভীৰ বিষয় হৈ আছে৷ প্রব্রজনকাৰী নীতিৰ লগতে সঘনাই ভিছা নিয়ম সলনিও চর্চাৰ বিষয়৷ তেনেদৰে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিভিন্ন আন্তর্জাতিক সংস্থাৰ মার্কিন অনুদান বন্ধৰ সিদ্ধান্তও বিতর্কমূলক৷ ৰাষ্ট্রপতি ট্রাম্পে গ্রহণ কৰা প্রব্রজন নীতিয়ে ভাৰতৰ ওপৰতো প্রভাৱ পেলাইছে৷ ট্রাম্পৰ সিদ্ধান্তবোৰ ভাৰতবিৰোধী নে ভাৰতপ্রীতি সেই কথাও ব্যাপক চর্চাৰ বিষয়৷ দেখাত ৰাষ্ট্রপতি ট্রাম্পে ভাৰতপ্রীতিৰ মন্তব্য কৰি আহিছে যদিও তেওঁৰ নীতি আৰু সিদ্ধান্তই বিপৰীত তথ্য উদঙাই দিয়ে৷ সন্ত্রাসবাদক লৈ ভাৰতৰ শূন্য সহনশীলতাক ৰাষ্ট্রপতি ট্রাম্পে সমর্থন জনায় যদিও সন্ত্রাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তানৰ ঘনিষ্ঠ বন্ধু দেশ৷ অভিযোগ মতে পাকিস্তানৰ লগতে বিশ্বৰ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে মার্কিন যুক্তৰাষ্ট্রই৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ আক্রমণৰ প্রত্যাঘাত ভাৰতৰ অপাৰেচন সিন্দূৰত আমেৰিকাৰ ভূমিকা চর্চাৰ বিষয় হৈ আছে৷ পাকিস্তানক এশিকনি দি থকাৰ সময়তে দুই পাৰমাণৱিক ক্ষমতাসম্পন্ন চিৰবৈৰী ৰাষ্ট্র দুখনৰ মাজত সোমাই আমেৰিকাই কুটিল ৰাজনীতি কৰাটো সর্বজনবিদিত৷ পাকিস্তানক বচাবলৈ ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ সৈতে কূটনীতিত লিপ্ত হৈছিল৷ ভাৰত–পাকিস্তানৰ যুদ্ধবিৰতিত ট্রাম্পৰ হস্তক্ষেপ সদায়ে বিতর্কিত ৰূপত প্রচাৰিত হৈ থাকিব৷ ট্রাম্প আৰু ভাৰতৰ স্থিতি এইক্ষেত্রত বিপৰীত মেৰুত আছে আৰু হয়তো চলি থাকিব৷ ট্রাম্পৰ শুল্কনীতি ভাৰতৰ বাবে ইতিবাচক হ’ব নোৱাৰে৷ কিয়নো ৰাছিয়াৰ পৰা তেল ক্রয় কৰাক লৈ ট্রাম্পে প্রথমে ভাৰতৰ ওপৰত জৰিমনাসহ ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে৷ ট্রাম্পৰ হুংকাৰক আওকাণ কৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্রয় অব্যাহত ৰখাত পুনৰ ট্রাম্পে ২৫ শতাংশ শুল্ক আৰোপ কৰে৷ অর্থাৎ ভাৰতৰ ওপৰত ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰা হ’ল৷ নতুন দিল্লীয়ে আমেৰিকাৰ এই নীতিক লৈ প্রত্যক্ষভাৱে কোনো ধৰণৰ প্রতিক্রিয়া নেদেখুৱাই ৰাছিয়াৰ পৰা তেল ক্রয় অব্যাহত ৰাখে আৰু ৰাছিয়াৰ সৈতে সম্পর্ক অধিক শক্তিশালীকৰণত গুৰুত্ব দিয়ে৷
ইপিনে ট্রাম্পৰ ভাৰতৰ বিৰুদ্ধে শুল্ক নীতিক চীনে প্রত্যক্ষ ৰূপত আপত্তি কৰি নতুন দিল্লীৰ পক্ষত থিয় দিয়ে৷ প্রতিদ্বন্দ্বী ৰাষ্ট্র চুবুৰীয়া চীনৰ ওচৰ চাপে ভাৰত৷ অর্থাৎ ট্রাম্পৰ শুল্ক নীতিয়ে ভাৰত আৰু চীনৰ সম্পর্ক উন্নীত কৰাত সহায় কৰে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এছ চি অ’ সন্মিলনৰ বাবে চীনলৈ গৈ দেশখনৰ ৰাষ্ট্রপতিৰে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ তাতেই ৰাছিয়াৰ ৰাষ্ট্রপতিয়েও দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ ইয়াকে লৈ ট্রাম্পে তীব্র প্রতিক্রিয়া ব্যক্ত কৰি চীনৰ ঘোৰ অন্ধকাৰত ভাৰত আৰু ৰাছিয়াক হেৰুওৱা বুলি ক্ষোভ প্রকাশ কৰে৷ ভাৰত চীনৰ অধিক ওচৰ চাপি যোৱা আৰু চীনে ভাৰতৰ ওচৰ চাপি অহাৰ লগতে ৰাছিয়াৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক অধিক মজবুত হোৱাৰ প্রতি লক্ষ্য ৰাখি ট্রাম্পে কূটনীতিৰ আশ্রয় লয়৷ ভাৰতৰ নৰেন্দ্র মোদীক মহান প্রধানমন্ত্রী আখ্যা দি ভাৰত–আমেৰিকাৰ সম্পর্ক গভীৰ বুলি প্রশংসা কৰে৷ ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক গভীৰ কৰাত গুৰুত্ব আৰোপ কৰে ট্রাম্পে, কিন্তু ইয়াৰ বিপৰীতে মার্কিন বাণিজ্য উপদেষ্টাৰ জৰিয়তে ভাৰতক সকীয়নি দি থাকে৷ দেখাত ভাৰতৰ সৈতে সম্পর্ক ঠিকে ৰাখিব বিচাৰে যদিও ৰাছিয়া আৰু চীনৰ সৈতে ভাৰতৰ সম্পর্কৰ গতি দেখি ট্রাম্প শ’লঠেকত পৰাটো পৰিলক্ষিত হয়৷ মোদীক ঘনিষ্ঠ বন্ধু আখ্যা দি বার্তালাপত আগ্রহ প্রকাশ কৰি ট্রাম্পে কুটিল কূটনীতিৰ পথ বাছি লয়৷ ৰাছিয়াক শ’লঠেকত কিম্বা চাপত ৰাখিবলৈ চীন আৰু ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ইউৰোপীয় সংঘক পৰামর্শ দিয়ে৷ ভাৰতে মার্কিন শুল্ক নীতিৰ সৈতে মোকাবিলা কৰিবলৈ মার্কিন বজাৰৰ বিকল্প বজাৰৰ সন্ধান কৰি আছে৷ এনে পৰিপ্রেক্ষিততে ট্রাম্পে ভাৰতৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ ইউৰোপীয় সংঘক পৰামর্শ দিছে৷ ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন আৰু শুল্কক লৈ আলোচনাৰ আগ্রহ দেখুওৱা ট্রাম্পে ইউৰোপীয় সংঘক ভাৰতৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপৰ পৰামর্শই ট্রাম্পৰ দুমুখীয়া নীতিক উদঙাই দিছে৷ দেখাত ট্রাম্পে ভাৰতৰ প্রতি শিথিলতা দেখুৱাব বিচাৰিলেও পৰোক্ষভাৱে নতুন দিল্লীক চাপত ৰাখিব বিচাৰে৷ ৰাছিয়াৰ পৰা তেল ক্রয় কৰা চীনক শুল্কৰ পৰা ৰেহাই দি থকা ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাটো ভাৰতবিৰোধী স্থিতি বুলিয়ে ধৰিব পাৰি৷ তদুপৰি ইউৰোপীয় সংঘক ভাৰতৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপত হেঁচা দিয়াটো ট্রাম্পৰ ভাৰতবিৰোধী নীতি৷ গতিকে ট্রাম্পৰ কূটনীতিক প্রত্যাহ্বান জনাবলৈ ভাৰতেও সঠিক নীতিৰে আগবাঢ়ি যাব লাগিব৷ ট্রাম্পৰ কূটনীতিক ওফৰাব নোৱাৰিলে ভাৰতৰ বাবে কিছু সংকট থকাটো নিশ্চিত৷ ভাৰতে প্রত্যাহ্বান গ্রহণ কৰি সঠিক পথেৰে বাট বুলিব, যিটো শেহতীয়া কিছু নীতিত প্রতিফলিত হৈছে৷

You might also like