গোৱালপাৰা কলেজতত নৱাগত আদৰণী সভাত উত্তপ্ত পৰিস্থিতি
গোৱালপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ কাৰ্যসূচী চলি থকাৰ সময়তে ছাত্ৰ একতা সভাৰ ছাত্ৰই এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
জানিব পৰা মতে গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বহিঃ বিভাগৰ ছাত্ৰ ফিৰোজে মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক ভৰ্তিকৰণৰ ৰছিদ দিয়াৰ নামত ছাত্ৰ একতা সভাৰ কাৰ্যালয়ত মাতি নি জোৰ পুৰ্বে যৌন নিৰ্যাতনৰ চেষ্টা চলায়।
পিছত ছাত্ৰী গৰাকীয়ে গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰে। ছাত্ৰী গৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুযায়ী আজি নৱাগত আদৰণী সভা চলি থকাৰ সময়তে দিনৰ প্ৰায় ১১ বজাত এন এছ ইউ আইৰ ছাত্ৰ একতা সভাৰ বহি:বিভাগ খেল সম্পাদক ফিৰোজে ছাত্ৰীগৰাকীক চক্ৰান্তৰে ৰুমত মাতি নি দৰ্জা বন্ধ কৰি বিভিন্ন ধৰনে শাৰীৰিক নিৰ্যাতন চলয়। বলপূৰ্বক শৰীৰৰ বিভিন্ন অংগত হাত দিয়ে।
এই ঘটনা কাৰোবাৰ আগত কলে গেংৰেপ কৰাৰো ভাবুকি দিয়ে। ৰুমৰ পৰা নিজকে ৰক্ষা কৰি ওলাই আহি সকলো ঘটনা লগৰ বান্ধৱী আৰু অভিভাৱকক অৱগত কৰায়। এই বিষয়ে অৱগত হৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীসকলে গোৱালপাৰা সদৰ থানাত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।
ইয়াৰ পিছত আৰক্ষীয়ে ছাত্ৰজনক আটক কৰি থানালৈ লৈ যায়। ইয়াৰ পিছতে আছু আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শ শ ছাত্ৰ ছাত্ৰীয়ে নৱাগত আদৰণী সভাৰ মঞ্চত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
যৌন নিৰ্যাতন চলোৱা ছাত্ৰক কঠোৰতম শাস্তি প্ৰদানৰ দাবীৰে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । এই ঘটনাক লৈ সমগ্ৰ গোৱালপাৰা চহৰখনতে চেপা উত্তেজনা বিৰাজ কৰিছে।
বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১২ ছেপ্টেম্বৰ