গুৰু-শিষ্যৰ মিলনভূমিত পৰিণত পাঞ্চজন্য বৰনামঘৰ ক্ষেত্ৰ, ৩৭ গুৰুক সেৱা-সম্বৰ্ধনা
গুৰু শিষ্যৰ মিলনৰ ভূমিলৈ পৰিণত হ’ল জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰ ক্ষেত্ৰ৷ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খন আদৰ্শ বিদ্যালয়,জামুগুৰিলৈ উন্নীত কৰণ কৰা হ’ল বাবেই বৰ্তমান সেই বিদ্যালয়খনো নাই আৰু ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰা শিক্ষাগুৰু সকলো সেই বিদ্যালয়খনত নাই যদিও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি গুৰুসকলৰ মৰম আৰু গুৰুসকলৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ সেই শ্ৰদ্ধা ভক্তি কিন্তু একেই থাকিল৷
১৯৬৮ চনতে স্থাপিত জামুগুৰিহাটৰ মধ্য জামুগুৰি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয় তথা ১৯৮৫ চনত হাইস্কুল পৰ্যায়লৈ উন্নীত হোৱা বিদ্যালয়খন ২০২৩ চনত আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰণ কৰা হ’ল যদিও প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়খনৰ প্ৰতি থকা আন্তৰিকতা তথা গুৰুসকলৰ প্ৰতি থকা অশেষ শ্ৰদ্ধা ভক্তিৰ বাবেই ব্যতিক্ৰমী চিন্তাচৰ্চাৰে অনুষ্ঠিত কৰে গুৰুমণ্ডলীক সেৱা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ৷
অলপতে জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰ ক্ষেত্ৰৰ চৌহদত এক গুৰুগম্ভীৰ অনুষ্ঠানত বিদ্যালয়খনত পাঠদান কৰা প্ৰয়াত শিক্ষাগুৰুসকলৰ পৰিয়ালবৰ্গ,অৱসৰী শিক্ষাগুৰুসকল আৰু বৰ্তমানেও অন্য স্থানলৈ বদলি হৈ কৰ্মৰত শিক্ষকসকলকে ধৰি টিউটৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলকে ধৰি মুঠ ৩৭ গৰাকী গুৰুক সেৱা আৰু সম্বৰ্ধনা জনাই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে৷গুৰুসকলক মঞ্চত একত্ৰিত কৰি প্ৰথমেই প্ৰয়াত শিক্ষাগুৰু আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সুঁৱৰি মৌণ প্ৰাৰ্থনা কৰাৰ পিছতেই পান তামোল শৰাই সন্মুখত লৈ দঁবা শংখধ্বনি আৰু গুৰুবন্দনা গীতৰ মাজত অষ্টাংগে প্ৰণিপাত জনাই গুৰুসকলৰ আশীষ গ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে৷
ইয়াৰপিছতেই ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক,বিশিষ্ট কবি,গীতিকাৰ তথা অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক গুৰুগম্ভীৰ সভাত গুৰুমণ্ডলীক গামোছা চেলেং আৰু একোখনকৈ সম্বৰ্ধনা পত্ৰৰে সেৱা আৰু সম্বৰ্ধনা জনাই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে৷প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা লাভ কৰা ভক্তিভৰা শ্ৰদ্ধা মৰম লাভ কৰি শিক্ষাগুৰুসকল আৱেগিক হৈ পৰাও দেখা পোৱা যায়৷
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মূখ্য অতিথি হিচাবে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে গুৰুসকলক লৈ অনুষ্ঠিত কৰা এই মহান কাৰ্যসুচীৰ শলাগ লোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে এই অনুষ্ঠানে এক পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে৷বিশিষ্ট অতিথি হিচাবে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়খন নোহোৱা স্বত্বেও শিক্ষকসকলক এইদৰে আমন্ত্ৰণ জনাই একেখন মঞ্চতে একেলগে একত্ৰিত কৰি এনে এক অনুষ্ঠান অনুষ্ঠিত কৰি গুৰুসেৱা আৰু সন্মান জনোৱাৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱেই ধন্যবাদৰ পাত্ৰ বুলিও উল্লেখ কৰে৷
গুৰুসেৱা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই অতীতে ৰিঙিয়াই শীৰ্ষক সতীৰ্থ সন্মিলনত পূৰ্ৱৰ স্মৃতি ৰোমন্থন কৰি ছাত্ৰ ছাত্ৰী সকলো আৱেগিক হৈ পৰাৰ লগতে উপস্থিত গুৰুসকলেও পূৰ্ৱৰ স্মৃতি ৰোমন্থন কৰি এক আৱেগবিহ্বল পৰিৱেশৰ সৃষ্টি কৰে৷অৱশ্যে শিক্ষাগুৰুসকলৰ পৰা অধ্যয়নৰত সময়ত লাভ কৰা অভিভাৱকত্ব গুৰুসকলৰ চেকনিৰ কোৱ খোৱা পূৰ্ৱৰ স্মৃতিবোৰ সুঁৱৰি এক আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে৷
পুৱাৰ অনুষ্ঠানটো উপলক্ষে এক উখল মাখল পৰিৱেশ বিৰাজ কৰা পাঞ্চজন্য ক্ষেত্ৰতেই সন্ধিয়াৰপৰা কম সময়ৰ বাবে অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ শিল্পীসকলে গীত পৰিৱেশন কৰাৰ লগতে ৰক্তিম বৰা,কণ্ঠশিল্পী প্ৰত্যুষ আয়ুস হাজৰিকা আৰু কণ্ঠশিল্পী পবিত্ৰ শোণিত ডেকাই গীত পৰিৱেশন কৰে৷উল্লেখ্য যে পুৱা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বন্তি প্ৰজ্বলক হিচাবে অৱসৰী প্ৰধান শিক্ষক শৰৎ ভূঞা আৰু তৰ্পক হিচাবে অৱসৰী প্ৰধান শিক্ষক ৰজনী ভূঞা উপস্থিত থাকে৷ব্যতিক্ৰমী অনুষ্ঠানটোক লৈ অঞ্চলটোৰ সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে৷
নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ১২ ছেপ্টেম্বৰ