নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি প্ৰধানমন্ত্ৰী মোদীয়ে অসমক উপহাৰ দিব ১৮,৫৩০ কোটিৰ প্রকল্প

বিশ্ববিশ্রুত গণশিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৰাজ্য চৰকাৰে আয়োজন কৰা জন্ম শতবার্ষিকী উপলক্ষত আজি দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিতব্য সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উদ্যাপন অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰিব৷

আড়ম্বৰপূর্ণ এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে বক্তব্য ৰখাৰ লগতে সংগীত–সাহিত্য–সংস্ অতুলনীয় অৱদান আগবঢ়োৱা ড০ হাজৰিকাৰ জীৱন আৰু উত্তৰাধিকাৰক সন্মান জনোৱা হ’ব৷ প্রধানমন্ত্রী মোদীয়ে এই অনুষ্ঠানতেই সুধাকণ্ঠৰ নামত ভাৰতীয় ৰিজার্ভ বেংকে প্রস্তুত কৰা ১০০ টকীয়া এক বিশেষ স্মাৰক মুদ্রা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা৷

প্রধানমন্ত্রীৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ইয়াৰ পিছদিনা অর্থাৎ ১৪ ছেপ্টেম্বৰত তেওঁ অসমত ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি–ঔদ্যোগিক্ অভিলাষী প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব৷ এই উপলক্ষে প্রধানমন্ত্রী মোদীয়ে দৰং জিলাৰ মঙলদৈ আৰু গোলাঘাট জিলাৰ নুমলীগড়ত সম্বোধন কৰিব দুখন জনাকীর্ণ বিশাল সমাৱেশ৷

য’ৰ পৰাই তেওঁ অসমবাসীলৈ উপহাৰস্বৰূপে আগবঢ়াব ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ এই অভিলাষী প্রকল্পসমূহ৷ সেইদিনা দিনৰ প্রায় ১১ বজাত প্রধানমন্ত্রী মোদীয়ে মঙলদৈত উপস্থিত হৈ দৰং চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়, জিএনএম স্কুল, বিএছচি নার্ছিং কলেজ, গুৱাহাটী ৰিং ৰোড প্রকল্প আৰু ব্রহ্মপুত্রৰ ওপৰত নির্মাণ হ’বলগীয়া কুৰুৱা–নাৰেংগী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিব৷

ইয়াৰ পাছতে দিনৰ প্রায় ১.৪৫ বজাত তেওঁ নুমলীগড়ত নুমলীগড় শোধনাগাৰ লিমিটেড (এনআৰএল)ত স্বচ্ছ শক্তিৰ প্রসাৰ আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত নির্ভৰশীলতা হ্রাস কৰাৰ লক্ষ্যৰে অসম বায়’ইথানল প্লাণ্ট উদ্বোধন কৰিব৷ লগতে এনআৰএলৰ পলিপ্র’পাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যখনৰ পেট্র’–কেমিলেক খণ্ডত এক নতুন অধ্যায়ৰ সংযোজন কৰিব৷ ইয়াৰ দ্বাৰা নিয়োগৰ সুযোগ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে অঞ্চলটো সামগ্রিকভাৱে আর্থ–সামাজিক বিকাশৰ দিশত আগবাঢ়ি যাব বুলি ধাৰণা কৰা হৈছে৷

প্রধানমন্ত্রী মোদীৰ এই ভ্রমণসূচী সন্দর্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আজি বিয়লি ৫ বজাত প্রধানমন্ত্রী মোদী উপস্থিত হ’ব৷ তেওঁ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্যাপন অনুষ্ঠানত অংশগ্রহণ কৰিব৷ ১৪ ছেপ্টেম্বৰত তেওঁ প্রথমতে দৰঙলৈ যাব৷ তাত গুৱাহাটী ৰিং ৰোড, নাৰেংগী–কুৰুৱা সংযোগী দলং আৰু দৰং চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব৷

বিয়লি তেওঁ গোলাঘাটলৈ গৈ এনআৰএলত অসম বায়’ইথানল প্লাণ্ট উদ্বোধন কৰাৰ লগতে পলিপ্র’পাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিব৷ দেশৰ প্রধানমন্ত্রীয়ে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত যোগদান কৰিবলৈ অহাটো অসমবাসীৰ বাবে সন্মানৰ বিষয় বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ এই প্রসংগত তেওঁ তীক্ষ্ণ কটাক্ষ কৰে কংগ্রেছক৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ড০ ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া ড০ মনমোহন সিং অসমৰ পৰা নির্বাচিত হৈ ভাৰতৰ প্রধানমন্ত্রী হৈ আছিল৷ ড০ ভূপেন হাজৰিকাৰ শেষযাত্রাৰ সময়ত প্রধানমন্ত্রীগৰাকী আহিব পাৰিলেহেঁতেন৷ প্রধানমন্ত্রী নাহিলেও আহিব পাৰিলেহেঁতেন কোনোবা এগৰাকী কেন্দ্রীয় মন্ত্রী৷ কিন্তু সেই সময়ত অসমবাসীয়ে দুখ পাইছিল– ড০ ভূপেন হাজৰিকাৰ শেষকৃত্যৰ সময়ত দিল্লীৰ পৰা কোনো নাহিল৷

সেই সময়ত ৰাহুল গান্ধীও আছিল ছোনিয়া গান্ধীও আছিল৷ কিন্তু কোনো নাহিল৷ ড০ ভূপেন হাজৰিকাই ভাৰতৰত্ন পোৱাৰ সময়ত কংগ্রেছে ইতিকিংহে কৰিলে৷ তাৰ পৰিৱর্তে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ দিনা প্রধানমন্ত্রী মোদীয়ে সুন্দৰ প্রবন্ধ লিখিলে৷ তদুপৰি ড০ ভূপেন হাজৰিকাক শ্রদ্ধা জনাবলৈ তেওঁ নিজে গুৱাহাটীলৈ আহিব৷ মই ভাবোঁ অসমৰ ৰাইজে এটা নতুন গৌৰৱ ওভতাই পাইছে৷ আজি ভাৰত–বিশ্বত ড০ ভূপেন হাজৰিকাই পাবলগীয়া স্বীকৃতিৰ যেন আৰম্ভ হৈছে৷

তেওঁ জীৱনকালত নাপালেও মৃত্যুৰ পাছত আমি দিবলৈ চেষ্টা কৰিছোঁ৷ ইফালে কাইলৈ গুৱাহাটীত উপস্থিত হোৱাৰ পূর্বে পুৱাৰ ভাগত প্রধানমন্ত্রী মোদীয়ে প্রথমতে মিজোৰাম আৰু তাৰ পাছত দুপৰীয়া ভ্রমণ কৰিব মণিপুৰ৷ তেওঁ মিজোৰামৰ আইজলত ৯ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন–উদ্বোধন কৰিব৷ এই প্রকল্পসমূহে সামৰি ল’ব ৰে’লৱে, পথ, ক্রীড়া আদি খণ্ডক৷ প্রথমবাৰৰ বাবে মিজোৰামৰ ৰাজধানী চহৰখনক ভাৰতীয় ৰে’লৱেৰ নেটৱর্কৰ সৈতে সংযোগ কৰি ৮,০৭০ কোটিৰো অধিক মূল্যৰ বৈৰাবী–ছাইৰাং নতুন ৰে’ললাইন উদ্বোধন কৰিব তেওঁ৷

প্রত্যাহ্বানমূলক পাহাৰীয়া অঞ্চলত নির্মিত এই ৰে’ল লাইন প্রকল্পত ৪৫টা সুৰংগ জটিল ভূতাত্ত্বিক পৰিস্থিতিত সাজু কৰি তোলা হৈছে, য’ত অন্তর্ভুক্ত হৈছে ৫৫খন ডাঙৰ আৰু ৮৮খন সৰু দলঙো৷ সেইদিনা প্রধানমন্ত্রী মোদীয়ে তিনিখন নতুন এক্সপ্রেছ ৰে’ল পতাকা জোকাৰি মুকলি কৰিব৷ পথ আন্তঃগাঁথনিৰ ক্ষেত্রত প্রধানমন্ত্রী মোদীয়ে আধাৰশিলা স্থাপন কৰিব একাধিক প্রকল্প৷ ইয়াৰ ভিতৰত আছে আইজল বাইপাছ ৰোড, খেঞ্জাল–শিয়ালচুক ৰোড আৰু খানকাউন–ৰংগুৰা ৰোড৷ তদুপৰি তেওঁ লংটলাই–ছিয়াহা পথত টিমটুইপুই নদী দলং, টুইকোৱালত খেলো ইণ্ডিয়া বহুমুখী ইনড’ৰ হল আৰু মোৱালখাঙত ৩০ টিএমটিপিএ এলপিজি বটলিং প্লাণ্টৰো আধাৰশিলা স্থাপন কৰিব৷

প্রধানমন্ত্রী জনবিকাশ কার্যক্রমৰ অধীনত কাউৰঠাহত আৱাসিক বিদ্যালয় আৰু টংলানুৱামত একলব্য আদর্শ আৱাসিক বিদ্যালয় উদ্বোধন কৰিব৷ মিজোৰাম ভ্রমণসূচী সামৰি মণিপুৰত উপস্থিত হ’বলগীয়া প্রধানমন্ত্রী মোদীয়ে চুবুৰীয়া ৰাজ্যখনৰ সর্বাংগীণ–বহনক্ষ উন্নয়নৰ প্রতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি চূড়াচান্দপুৰত ৭,৩০০ কোটিৰো অধিক মূল্যৰ একাধিক প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷

এই প্রকল্পসমূহৰ ভিতৰত আছে ৩,৬০০ কোটি টকাতকৈও অধিক মূল্যৰ মণিপুৰ নগৰীয়া পথ–নিষ্কাশন–সম্প ব্যৱস্থাপন ২,৫০০ কোটিতকৈও অধিক মূল্যৰ ৫টা ৰাষ্ট্রীয় ঘাইপথ মণিপুৰ ইনফ’টেক ডেভেলপমেণ্ট আৰু ৯টা স্থানত কর্মজীৱী মহিলাৰ আৱাস৷ তেওঁ ইম্ফলত ১,২০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন কৰিব৷

এই প্রকল্পসমূহৰ ভিতৰত মান্ত্রীপুথ্রিৰ অসমাৰিক সচিবালয়, মান্ত্রীপুথ্রিত আইটিএছইজেড বিল্ডিং, আৰক্ষীৰ নতুন মুখ্য কার্যালয়, দিল্লী–কলকাতাত মণিপুৰ ভৱন তথা ইমা মার্কেটছ আৰু চাৰিখন জিলাত অনন্য মহিলাৰ বজাৰ অন্যতম৷ সামগ্রিকভাৱে প্রধানমন্ত্রী মোদীয়ে মণিপুৰত ৮,৫০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্রকল্পৰ উদ্বোধন–আধাৰশিলা স্থাপন কৰিব৷

মণিপুৰত পূর্বনির্ধাৰিত এই কার্যসূচী সামৰণি পৰাৰ পিছত তেওঁ ইম্ফলৰ পৰা পোনে পোনে বিমানযোগে ৰাওনা হ’ব গুৱাহাটীলৈ৷

মন কৰিবলগীয়া যে উত্তৰ–পূর্বাঞ্চলৰ তিনি ৰাজ্য অসম, মিজোৰাম আৰু মণিপুৰ ভ্রমণ সামৰি প্রধানমন্ত্রী মোদীয়ে ১৫ ছেপ্টেম্বৰত পশ্চিমবংগৰ কলকাতাত ১৬সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন ২০২৫ উদ্বোধন কৰিব৷

ইয়াৰ পাছত সেইদিনাই তেওঁ যাব বিহাৰলৈ৷ দিনৰ প্রায় ২.৪৫ বজাত তেওঁ পূর্ণীয়া বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন উদ্বোধন কৰাৰ উপৰি পূর্ণীয়াত ৩৬ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্রকল্পৰ উদ্বোধন–আধাৰশিলা স্থাপন কৰিব৷

ইয়াৰ ভিতৰত অন্যতম হৈছে ২৫,০০০ কোটি টকীয়া ২,৪০০ মেগাৱাট উৎপাদনক্ষম ভাগলপুৰৰ পিৰপাইণ্টি তাপবিদ্যুৎ প্রকল্প ২,৬৮০ কোটিৰো অধিক মূল্যৰ ক’চি–মেচি আন্তঃৰাজ্যিক নদীসংযোগ প্রকল্প ২,১৭০ কোটিৰো অধিক মূল্যৰ বিক্রমশিলা–কাটাৰেয়্ মাজৰ ৰে’ললাইনৰ আধাৰশিল আৰু আৰাৰিয়া–গালগলিয়াৰ মাজত ৪,৪১০ কোটিৰো অধিক মূল্যৰ নতুন ৰে’ললাইন উদ্বোধন৷ প্রধানমন্ত্রী মোদীয়ে বিহাৰত ৰাষ্ট্রীয় মখানা ব’র্ডো মুকলি কৰিব৷

নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ ছেপ্টেম্বৰ

You might also like