মৰিগাঁৱৰ মেলাআটিত শোকাৱহ ঘটনা, ২ কিশোৰীৰ সলিল সমাধি
মৰিগাঁৱত দুগৰাকী কিশোৰীৰ সলিল সমাধি।
মৰিগাঁও মেলাআটিত কালি বিয়লিৰ পৰা নিৰুদ্দেশ হৈ আছিল দুগৰাকী কিশোৰী। এগৰাকীৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱাৰ পিছৰে পৰা অন্যগৰাকীক বিচাৰি চলাইছিল SDRFএ অভিযান।
নিৰুদ্দেশ হৈছিল ১৪ বছৰীয়া শ্যামন্তিকা পাটৰ আৰু ১৬ বছৰীয়া জ্যোতিষ্ণা পাটৰ নামৰ কিশোৰী দুগৰাকী।
পৰিয়ালে বহু বিচাৰ খোঁচাৰ কৰি জ্যোতিষ্ণা পাটৰ নামৰ কিশোৰীগৰাকীৰ মৃতদেহটো ঘৰৰে এটা পুখুৰীত উদ্ধাৰ কৰে।
ইয়াৰ পিছতে ৰাইজে আৰক্ষীক খবৰ দিয়াৰ ঘটনাস্থলীত SDRF বাহিনীৰ সৈতে আৰক্ষী উপস্থিত হয় আৰু শ্যামন্তিকা পাটৰ নামৰ নিৰুদিষ্ট কিশোৰীগৰাকীক বিচাৰি পুখুৰীটোত অভিযান আৰম্ভ কৰে আৰু আজি পুৱা মৃতদেহটো উদ্ধাৰ কৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ ছেপ্টেম্বৰ