ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি ব’লছ’নাৰক ২৭ বছৰ কাৰাদণ্ড
নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ২০২২ চনত নির্বাচনত পৰাজিত হোৱাৰ পাছত সেনা বিদ্রোহৰে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি জেইৰ ব’লছ’নাৰক দেশখনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কমিটীয়ে ২৭ বছৰ আৰু ৩ মাহৰ কাৰাদণ্ড বিহে৷
ব্রাছিলিয়াত গৃহবন্দী হৈ থকা প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে এই অভিযোগক অস্বীকাৰ কৰিলেও শীর্ষ আদালতৰ ৫জনীয়া কমিটীৰ ৪জনেই প্রাক্তন ৰাষ্ট্রপতিগৰাকীক দোষী সাব্যস্ত কৰি ঐতিহাসিক ৰায় দিয়ে৷ সেনা বিদ্রোহৰ অভিযোগত কাৰাদণ্ডৰ সন্মুখীন হোৱা প্রথমগৰাকী ব্রাজিলৰ ৰাষ্ট্রপতি ব’লছ’নাৰ৷ ইপিনে, আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আদালতৰ এই ৰায়ক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে৷