আজি ১৪ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৮ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই
মেষ : সন্তানৰ বাবে সুখ৷ ঘৰুৱা কাম–কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে৷ অযথা চিন্তা পৰিহাৰ কৰক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
বৃষ : বন্ধুবর্গৰ পৰা উৎসাহ পাব৷ বুদ্ধিজীৱী তথা সংস্কৃতিপ্রেমীৰ অনুকূল৷ বিদ্যাত বেয়া নহ’ব৷ কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৫৷
মিথুন : পূর্বৰ দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ৷ কোনো কর্মৰ ফলস্বৰূপে মনত শান্তি আহিব৷ মানসিক অযথা চিন্তা নিয়ন্ত্রণ কৰক৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
কর্কট : ব্যৱহাৰিক ক্ষেত্রত আপোনাৰ দক্ষতা থাকিব৷ আত্মীয়ৰ বাবে কিছু দুর্ভাবনা থাকিব৷ বাকী দিশ মোটামুটি ভালেই দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
সিংহ : পঢ়াত মধ্যম ফল পাব৷ কর্মস্থানত ভালেই দেখা যায়৷ স্ব-জ্ঞান কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব৷ পাৰিবাৰিক সমস্যাত বিব্রত হ’ব পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
কন্যা : শাৰীৰিক কিছু উন্নত৷ যোগ্য ব্যক্তিৰ মান–সন্মান প্রাপ্তিৰ মৃদু আভাস৷ ৰাজহুৱা কামতো তদ্রূপ৷ কর্মক্ষেত্রত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷
তুলা : মজলীয়া ফল৷ বাঞ্ছিত কর্মত কিছু অগ্রগতি৷ ভাই–ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা৷ বাকী বিষয়ত ভালেই৷ দূৰ ভ্রমণ স্থগিত ৰাখক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷
বৃশ্চিক : উৎসাহপূর্ণ সংবাদ৷ মুকলি পৰিৱেশ৷ ঘৰুৱাতো ভালেই৷ সন্তানৰ লগত মিলি ভাল পাব৷ আর্থিকত নতুন সুযোগৰ আশা৷ বন্ধুৰ পৰা সুখ৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
ধনু : কর্মক্ষেত্রত উৎসাহ লাভ৷ কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷
মকৰ : অস্থিৰতা পাৰিলে বর্জন কৰক৷ শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি৷ অৱশ্যে দুই–এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷
কুম্ভ : কর্মক্ষেত্রত কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ মানসিক দিশত জেদ ভাব আগ্রহ হ’ব৷ বিদ্যাত চেষ্টাৰ সুফল পাব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷
মীন : কর্ম আৰু ইচ্ছাশক্তিৰ গতি বৃদ্ধি পাব৷ শত্রুৰ পৰাক্রম কমিব৷ ভ্রমণৰ ফলত আনন্দ৷ নিবনুৱাৰ কর্মসংস্থাপনৰ কিছু আশা আছে৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১৷