নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৯ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : মৃগশিৰা, যাত্রা : নাই

মেষ : মাটি–বাৰী, ধন লাভৰ যোগ৷ সু-বন্ধুক লগ পাব। শাৰীৰিক বিষ–বেদনা বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

বৃষ : ঘৰ–দুৱাৰ উন্নতিৰ চিন্তা৷ দাম্পত্যত বিশৃংখলতা৷ ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি৷ ভ্রমণত মধ্যম৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৯৷

মিথুন : কর্মস্থানত উন্নতি৷ শত্রু বৃদ্ধি হ’ব৷ শৰীৰৰ উন্নতি হ’ব৷ ব্যয় বৃদ্ধি৷ আপোনাৰ কথাই আনক কষ্ট দিব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷

কর্কট : সামাজিক স্থিতি উন্নতি৷ লগ–বন্ধুৰ পৰা হানি হ’ব পাৰে৷ নিজক ব্যস্ত কৰি ৰাখক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷

সিংহ : বন্ধুৰ সংখ্যা বৃদ্ধি পাব৷ ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক৷ সোঁচৰা ব্যাধিয়ে আমনি কৰিব৷ কর্মত উন্নতি৷ শুভ ৰং গোলাপী৷ শুভ সংখ্যা ১৷

কন্যা : ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ পাব৷ মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব৷ ভ্রমণত মধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

তুলা : ছিঙা বা ফটা বস্ত্র পৰিধান নকৰিব৷ মানসিক শক্তি উন্নত স্থানত পাব৷ গণেশক পূজা কৰক৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

বৃশ্চিক : কর্মত উন্নতিৰ যোগ৷ দূৰণি সংবাদে আনন্দ দিব। কিছুমান ক্ষেত্রত নীৰৱতা অৱলম্বন কৰিব। শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

ধনু : সততাত আনে আঘাত কৰিব পাৰে। কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷

মকৰ : নতুন কামত তৎপৰতা বাঢ়িব৷ গোপনীয় কার্যত তথ্য সংগ্রহত কৃতকার্য হ’ব৷ শত্রুৰ ষড়যন্ত্র ব্যর্থ হ’ব৷ গুলপীয়া শুভ ৰং৷ শুভ সংখ্যা ৫৷

কুম্ভ : নতুন কর্মসংস্থাপনৰ যোগ৷ মূৰৰ বিষত কষ্ট পাব পাৰে৷ বিশ্বাসযোগ্যতা বৃদ্ধি পাব৷ শুভ ৰং বাদামী৷ শুভ সংখ্যা ৩৷

মীন : ৰাজনৈতিক ক্ষেত্রত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ পুৰণি কথাই মনত কষ্ট দিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷

You might also like