নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন হাজৰিকাৰ সৰ্ববৃহৎ প্ৰতিচ্ছবি অংকন গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উল্লেখনীয় পদক্ষেপ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ এক বিশাল আকৃতিৰ প্ৰতিচ্ছবি (পৰ্ট্ৰেইট) অংকন কৰা হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহ: সাধাৰণ সম্পাদক নৈমিষা শইকীয়াৰ উদ্যোগত ৫২ x ৪০ ফুট আকাৰৰ এই বিশাল প্ৰতিচ্ছবিখন অংকন কৰা হৈছে। ‘বিন্দুতে সিন্ধু’ নামৰ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি তিনিগৰাকী কুশলী শিল্পী নিৰ্জুৰাজ দাস, শংকৰ শৰ্মা আৰু ছায়ানাভ কাশ্যপে ইয়াক বাস্তৱ ৰূপ দিয়ে।

নৈমিষা শইকীয়াই কয় যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি ‘বিন্দুতে সিন্ধু’ নামৰ অনুষ্ঠানটো সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্মৰণ কৰাৰ বাবে আয়োজন কৰা হৈছিল। ইয়াৰ অংশ হিচাপে বিশ্ববিদ্যালয়ৰ ১০০ গৰাকী শিক্ষাৰ্থীয়ে ৰাতিপুৱা ‘জিলিকাব লুইতৰে পাৰ’ গানটো সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত পৰিৱেশন কৰে, ড° ভূপেন হাজৰিকাৰ গীতৰ ওপৰত এটা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু ইয়াৰ লগতে এক অভিলেখ কৰি তেখেতৰ সৰ্ববৃহৎ প্ৰতিচ্ছবি অংকন কৰা হয়।

গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যৰ মানুহে এই উদ্যোগক সৰ্বান্তঃকৰণেৰে প্ৰসংশা কৰিছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ মতে এইখনেই ‘সুধাকণ্ঠ’ৰ সৰ্ববৃহৎ প্ৰতিচ্ছবি। ড° ভূপেন হাজৰিকাই সংগীত আৰু কলা জগতখনত অৱদানৰ লগতে ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ একমেৰুকাৰীকৰণত আগবঢ়োৱা অৱদানেই এই উদ্যোগৰ প্ৰেৰণা।

উল্লেখ্য যে, এই অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ সহযোগী কমল কুমাৰ কটকী, মন্জুলা হাজৰিকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত উপস্থিত আছিল।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ

You might also like