নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰৰ দাম আছিল কোটি টকা… ঝাৰখণ্ডত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত নিহত মাওবাদীৰ শীৰ্ষ নেতাসহ তিনি

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : ঝাৰখণ্ডত মাওবাদী দমন অভিযানত পুনৰ সফলতা লাভ সুৰক্ষা বাহিনীৰ। সোমবাৰে পুৱাই ঝাৰখণ্ডৰ হাজাৰীবাগত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত নিহত হ’ল মাওবাদীৰ কেন্দ্ৰীয় কমিটীৰ সদস্য সহদেৱ চোৰেন আৰু তেওঁৰ দুই সংগী। ম’ষ্ট ৱাণ্টেড মাওবাদী নেতা সহদেৱৰ মূৰৰ দাম আছিল ১ কোটি টকা।

সোমবাৰে চলোৱা যৌথ অভিযানত সহদেৱৰ লগতে নিহত হয় আন দুই মাওবাদী নেতা ৰঘুনাথ হেমব্ৰম আৰু বিৰসেন গঞ্জু। ৰঘুনাথ ওৰফে চঞ্চল আছিল মাওবাদীৰ বিহাৰ–ঝাৰখণ্ড স্পেচিয়েল এৰিয়া কমিটীৰ সদস্য। তেওঁৰ মূৰৰ দাম আছিল ২৫ লাখ টকা। আনফালে, দলৰ জোনাল কমিটীৰ সদস্য বিৰসেন ওৰফে ৰামখেলাওনৰ মূৰৰ দাম আছিল ১০ লাখ টকা।

ঝাৰখণ্ড আৰক্ষীয়ে জনোৱা মতে, তাতিঝৰীয়া থানা এলেকাৰ কৰণ্ডি গাঁৱত কোব্ৰা বেটেলিয়ন আৰু হাজাৰীবাগ আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। গিৰিডি–বোকাৰো সীমান্তৰ ওচৰৰ এখন গাঁৱত পুৱা প্ৰায় ৬ বজাত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী আৰম্ভ হয়। গুলীয়াগুলীৰ অন্তত সুৰক্ষা বাহিনীয়ে গভীৰ জংঘলৰ পৰা ৩ মাও নেতাৰ মৃতদেহ উদ্ধাৰ কৰে। সুৰক্ষা বাহিনীৰ তৰফৰ পৰা জনোৱা মতে, এই এলেকাৰ জংঘলত এতিয়াও তালাচী অভিযান অব্যাহত আছে।

উল্লেখযোগ্য যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰতে মাওবাদমুক্ত ভাৰত নিৰ্মাণৰ সংকল্প প্ৰকাশ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পিছতেই বিগত চাৰি মাহত সুৰক্ষা বাহিনীৰ হাতত মাওবাদীৰ কেন্দ্ৰীয় কমিটীৰ কেইবাজনো সদস্য নিহত হৈছে।

এই ঘটনাৰ পিছতেই ছত্তিশগড় আৰু ঝাৰখণ্ডৰ দৰে মাও অধ্যুষিত ৰাজ্যসমূহত মাওবিৰোধী অভিযানে ব্যাপক গতি লৈছে। গোপন সূত্ৰৰ মতে, বৰ্তমানে ছত্তিশগড়–তেলেংগানা সীমান্তৱৰ্তী কাৰেগুট্টা পাহাৰীয়া এলেকা হৈছে মাওবাদীৰ অন্যতম শক্তিশালী ঘাটি। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উঘালিবলৈ প্ৰায় ৩ হাজাৰ অৰ্ধসেনা নমোৱা হৈছে।

You might also like