নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ বানৰ কবলত চাৰিদুৱাৰৰ বগীজুলি অঞ্চল : বন্যাৰ্তৰ মাজত হাহাকাৰ

নিয়মীয়া বাৰ্তা, বালিপৰা ১৫ ছেপ্টেম্বৰ : ভয়াৱহ বানৰ কবলত শোণিতপুৰৰ চাৰিদুৱাৰৰ সীমান্তৱৰ্তী বগীজুলি অঞ্চল । দুদিন ধৰি অঞ্চলটোত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা বগীজুলি নৈয়ে যোৱানিশাৰে পৰা বুৰাই পেলায় সমগ্ৰ বগীজুলি অঞ্চল।

নৈখনৰ পানীয়ে বগীজুলি অঞ্চলৰ সহস্ৰাধিক লোকৰ প্ৰায় প্ৰতিটো বাসগৃহ, গড়মৰাৰ পৰা বগীজুলি সংযোগী মূল পকীপথ ,কালভাৰ্ট ইত্যাদি বুৰাই পেলোৱাৰ ফলত ৰাইজৰ লগতে পশুধনৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে, বানত বুৰ গৈছে শ শ বিঘা ধাননি পথাৰ আৰু বাৰীৰ বিভিন্ন প্ৰকাৰৰ খেতি, চাহ বাগিচা আদি । বানৰ ফলত কেইবাখনো চৰকাৰী বিদ্যালয়ৰ পাঠদান কাৰ্যও ব্যাহত হৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম বৰা

You might also like