নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নিৰ্বাচনৰ পিছত ভিচিডিচিক গাঁতত সুমুৱাই দিয়া হ’ব, বাসুগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা

নেপালৰ দৰে পৰিৱেশ হ’লে অসমৰ ৰাইজে প্ৰথমে অখিল গগৈকে আক্ৰমণ কৰিব- মুখ্যমন্ত্ৰী

বি‌ টি চি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অঞ্চলটিত নিৰ্বাচনী বতাহ উৎতপ্ত‌ হৈ পৰিছে। প্ৰতিটো দলে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে অঞ্চলটিত। তাৰে অংশস্বৰূপে আজি বিটিচিৰ ১৩নং চিৰাং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৌমখৌৰ ব্ৰহ্মৰ সমৰ্থনত এক‌ বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

বাসুগাঁৱৰ ৰাজাচাৰাং ধৰ্মীয় খেলপথাৰত বৃহৎ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ বিটিচি নিৰ্বাচনৰ পিছত ভিচিডিচিক গাঁতত সুমুৱাই দিয়া হ’ব বুলি কয়। তাতে জিৰণি লওক। ভিচিডিচিৰ এন্দুৰ-নিগনি বিলাকক খুটি খুটি খাবলৈ দিয়া নহ’ব। বিটিচিত বিজেপিয়ে ক্ষমতা লাভ কৰিলে বেকাকৈ নহয় পোনপোটীয়াকৈ সুবিধা সমূহ লাভ কৰিব পাৰিব জনসাধাৰণ।

লগতে বিটিচিত পাঁচ লাখ মহিলাক অৰুণোদয়ৰ সুবিধা প্ৰদান কৰা হ’ব। এক নভেম্বৰৰ পৰা অৰুণোদয় লাভ কৰাসকলে পুণৰ অতিৰিক্ত আঢ়ৈশ টকাকৈ মুঠ পোন্ধৰশ টকা লাভ কৰিব। ৰেচন কাৰ্ড থকাসকলে চাউলৰ লগতে দালী, নিমখ, চেনি লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব।

মেট্ৰিক পৰীক্ষাৰ্থী সকলে পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত মাহত তিনিশ টকাকৈ লাভ কৰি খাটা, কলম কিনাৰ লগতে দৈনিক এগিলাচকৈ গাখীৰ খাব পাৰিব। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বিটিচিৰ বাহনত তেল ভৰাই দি আছে। এইবাৰ বাহন নিজে চলাব। বিটিচিৰ ৰাইজক পোনপটীয়া সুবিধা দিয়াৰ বাবে বিজেপিৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব লাগিব।

আছুতীয়া সাক্ষাৎকাৰত অখিল গগৈৰ উদ্ধৃতি দি অসমৰ ৰাইজে এদিন নেপালৰ দৰে পৰিবেশ সৃষ্টি কৰিব বুলি কোৱাৰ লগে লগে তেওঁ কয় যে‌ অসমৰ ৰাইজে প্ৰথমে অখিল গগৈকে আক্ৰমণ কৰিব। এইবুলি তীৰ্যক মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিকূল বতৰকো নেওচি দহ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ১৩নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী সৌমখৌৰ ব্ৰহ্ম, মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিজেপি দলৰ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লবলোচন দাস, চিৰাং জিলা বিজেপি দলৰ সভাপতি ৰতন চন্দ্ৰ ৰায় ইত্যাদি নেতাসকলেও বিটিচিত বিজেপিৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাই বক্তব্য দাঙি ধৰে।
নিয়মীয়া বাৰ্তা, বাসুগাঁও, ১৫ ছেপ্টেম্বৰ
You might also like