জীৱনত ৩৯বাৰকৈ তেজ দিয়া বিপদৰ বন্ধু ৰাজু দাসৰ দেহাৱসান
জীৱনত ৩৯বাৰকৈ তেজ দিয়া “বিপদৰ বন্ধু” বোকাখাত ৰজাবাৰীৰ নিবাসী ৰাজু দাসৰ মৃত্যু ঘটিছে। কাৰোবাৰ বিপদ বুলিলেই তৎক্ষণাত কাষত থিয় হোৱা, দুৰ্ঘটনা হ’লেই আহতৰ কাষত সাহস হৈ থিয় হোৱা আৰ্ত জনৰ সাহস ৰাজু দাসে চৰকাৰ বা কোনো লোকৰ শেষ মুহূৰ্তত বিশেষ সহায় নাপালে।
জীৱনত ৩৯ বাৰ তেজ দিছে ৰাজু দাসে। ৰাজু দাসে যিমান পাৰে কৰিলে। ইমানখিনি উপকাৰ কৰাৰ পাছত তেওঁৰ বিপদত এতিয়া যি সকলক উপকাৰ কৰিছিল সেই সকলে নকৰিলে এইবাৰো খবৰ। লিভাৰ অৱক্ষয় ৰাজু। উপনীত হৈছিল তৃতীয় পৰ্যায়ত। সকলোৰে ওচৰত সহায় বিচাৰিও বিফল ৰাজু দাস।
মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ ওচৰতো হাত পাতিছিল। উপায়হীন ৰাজু দাসে অৱশেষত মুখ্যমন্ত্ৰীলৈ ফেচবুকত লিখিলে মুকলি চিঠি। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও মৃত্যুক সাৱটি ল’লে। ৰাজু দাসৰ (৪৩) মৃত্যুত বোকাখাতত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত পিতৃ মাতৃ, দুই সন্তান, পত্নীক এৰি থৈ গৈছে তেওঁ।
বিশেষ বাৰ্তা, বোকাখাত, ১৬ ছেপ্টেম্বৰ