নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত কৰম পূজা চাবলৈ গৈ সন্ধানহীন কণমানিৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ডিমাকুছি, ১৮ ছেপ্টেম্বৰ : ওদালগুৰি জিলাৰ খাগ্ৰাবাৰীৰ নলবাৰীত সংঘটিত এক পৈশাচিক ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চলটোক। বিগত দুদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী কণমানিৰ মৃতদেহ নদীৰ বুকুত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। কণমানিজনীৰে অপকৰ্ম কৰি বৰ্বৰভাৱে হত্যা কৰাৰ সন্দেহ অঞ্চলবাসীৰ ৷

টংলা থানা (ভেৰগাঁও আৰক্ষী চকী)ৰ অন্তৰ্গত ভেৰগাঁৱৰ নলবাৰী গাঁৱত সংঘটিত হৈছে এই বৰ্বৰ ঘটনা । এটি আদিবাসী পৰিয়ালৰ কণমানি জীয়ৰীৰ লগত সংঘটিত এই ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে অঞ্চলটোত। টংলাত দুই কণমানি ছাত্ৰৰ ক্ষেত্ৰত সংঘটিত ডাবল মাৰ্ডাৰৰ ঘটনাৰ পাছত সংঘটিত এই নাৰকীয় কাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোক।

জানিব পৰা মতে, বিগত ১৫ ছেপ্টেম্বৰত কৰম পূজা চাবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল কণমানিজনী । পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ভেৰগাঁও আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ । যোৱানিশা ওদালগুৰিৰ সীমামূৰীয়া তামুলপুৰ জিলাৰ নিধুৱাত শুক্লাই নৈৰ বুকুত গাঁতত পুতি থোৱা অবস্থাত উদ্ধাৰ হয় কণমানিজনীৰ মৃতদেহ । খাগ্ৰাবাৰীৰ নলবাৰীৰ ৰাজু কিষাণ আৰু অণিমা কিষাণৰ ৯ বছৰীয়া কন্যা সন্তানটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এয়া এক ধৰ্ষণৰ ঘটনা বুলি দাবী কৰি স্থানীয় ৰাইজে দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তিৰ দাবীত সৰৱ হৈ পৰে ।

ইফালে, এই পৈশাচিক ঘটনাক লৈ সৰৱ হৈ পৰা দেখা গৈছে আদিবাসী ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ । নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকাৰ মৃতদেহ উদ্ধাৰৰ পিছতেই বিদ্যালয় প্ৰাংগণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনৰ লেহেমীয়া তদন্তক লৈ উত্তেজিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম পুলিচ গ’ বেক, অসম আৰক্ষী হায় হায়, ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি ফাঁচী দিয়ক আদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে। সংগঠনকেইটাই দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে। দোষীক কৰায়ত্ত নকৰা পৰ্যন্ত আছা ক্ষান্ত নহয় বুলি হুংকাৰ দি সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে৷

প্ৰেৰক পিংকু কলিতা

You might also like