নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ সন্ধিয়া গুৱাহাটী পাবহি জুবিনৰ নশ্বৰদেহ

অসমীয়াই সততে গৌৰৱ কৰিবলৈ পোৱা অন্যতম চিনাকি নামটো আজি হেৰাই সাগৰৰ মাজত। প্ৰতিগৰাকী অসমীয়াই সেই নামটোৰেই নিজৰ চিনাকি দি ভাল পোৱা জুবিন গাৰ্গ নামৰ সেই অনবদ্য সত্তাটোও আজি স্তিমিত হল।

ইফালে এক সূত্ৰ অনুসৰি ছিংগাপুৰ চৰকাৰৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়। আলোচনা মতে সকলো ঠিকে থাকিলে কালি সন্ধিয়া প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰদেহ অসম পাবহি।

এই মুহূৰ্তত ছিংগাপুৰত আনুষ্ঠানিকতা সম্পন্ন হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব।

ইফালে ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে তেওঁৰ নশ্বৰ দেহ অসমলৈ লৈ অনাৰ ব্যৱস্থা কৰিব। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ছিংগাপুৰ চৰকাৰৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ অব্যাহত ৰাখিছে।

ইফালে ৰাজ্য চৰকাৰেও প্ৰস্তুতি আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ অন্তিম যাত্ৰাৰ সবিশেষ জনাব।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ ছেপ্টেম্বৰ

You might also like