নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ বৃহস্পতিবাৰে ১ লাখ ৭০ হাজাৰ কোটি টকাৰ এক পেকেজ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । খাদ্যৰ পৰা স্বাস্থ্য় সকলো বিষয়ৰ ওপৰতে গুৰুত্ব প্ৰদান কৰি ঘোষণা কৰে এই পেকেজ । প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাৰ অধীনত দেশৰ ৮.৭ কোটি কৃষকলৈ আগবঢ়োৱা ২ হাজাৰ টকাকৈ সাহাৰ্য । এপ্ৰিল মাহৰ ভিতৰতে কৃষকসকলৰ একাউণ্টত এই ধন সোমোৱাই দিয়া হ’ব বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।
বিত্তমন্ত্ৰী জনাইছে যে, কৃষকসকলৰ ন্যূনতম আয় সুনিশ্চিত কৰাৰ বাবে চৰকাৰে ব্যয় কৰিছে ১৬ হাজাৰ কোটি টকা । এই প্ৰকল্পৰ সুবিধা লাভ কৰিব দেশৰ ৮.৭ কোটি কৃষকে । প্ৰধানমন্ত্ৰী কৃষি যোজনাৰ অধীনত ৬ হাজাৰ টকাকৈ দিয়া হ’ব কৃষকসকলক । প্ৰথম অৱস্থাত অগ্ৰীম ধন হিচাপে এপ্ৰিল মাহতে ২ হাজাৰ টকাকৈ দিয়া হ’ব কৃষকসকলৰ একাউণ্টত ।