বর্ষাপাৰাত জনশিল্পীলৈ ৪০ মিনিট, মহিলা বিশ্বকাপত BCCIৰ জুবিনলৈ শ্রদ্ধাঞ্জলি
অপ্রত্যাশিতভাৱে ছিংগাপুৰত মৃত্যুক সাবটি লোৱা অসমৰ সর্বকালৰ অন্যতম শ্রেষ্ঠ শিল্পী জুবিন গার্গৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হল৷ বৰঝাৰস্থিত আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা অভিলেখসংখ্যক অনুৰাগীয়ে শোভাযাত্রা কৰি শিল্পীগৰাকীৰ নিথৰ দেহ অনাৰ পিছত সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত ৰাইজৰ শেষ দর্শনৰ বাবে ৰখা হৈছে৷
জনপ্রিয় শিল্পী জুবিন গার্গৰ শোকত লাখ লাখ অনুৰাগী শোকস্তব্ধ হৈ পৰাৰ সময়তে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে যে ৩০ ছেপ্টেম্বৰত বর্ষাপাৰাস্থিত অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত হ’বলগীয়া মহিলা
বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ মাজতে জুবিন গার্গক ৪০ মিনিটজোৰা এটি অনুষ্ঠানেৰে শ্রদ্ধাঞ্জলি জনোৱা হ’ব৷ উল্লেখ্য যে সেইদিনা প্রতিযোগিতাখনৰ উদ্বোধনী মেচত ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে খেলিব৷
শ্রদ্ধাঞ্জলি অনুষ্ঠান সম্পর্কত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কয়– ‘জুবিন গার্গৰ মৃত্যুৰ পিছত সমগ্র ৰাজ্যজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে৷ এনে পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি অসম ক্রিকেট সন্থা আৰু ভাৰতীয় ক্রিকেট ব’র্ডে তেওঁক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছে৷
সেই অনুসৰি, বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিন গার্গলৈ শ্রদ্ধা জনাই এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ ৪০ মিনিটজোৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷
সচিবগৰাকীয়ে লগতে কয় যে উদ্বোধনী অনুষ্ঠানটোত কণ্ঠশিল্পী শ্রেয়া ঘোষালে সংগীত পৰিৱেশন কৰিব৷ উল্লেখ্য যে জুবিন গার্গ এগৰাকী মহান শিল্পীৰ লগতে তেওঁ আছিল ক্রিকেটৰো অনুৰাগী৷ তদুপৰি, অসমৰ বিভিন্ন প্রতিযোগিতা তথা ৰাষ্ট্রীয় প্রতিযোগিতাত খেলুৱৈসকলক উদ্বুদ্ধ কৰিবলৈ তেওঁ থীম ছং পৰিৱেশন কৰিছিল৷
অন্তিম যাত্রাত অংশগ্রহণ কৰা অনুৰাগীয়ে বিশ্বৰ ভিতৰত চতুর্থ স্থান লাভ কৰা জুবিন গার্গৰ প্রতি শ্রদ্ধা নিবেদন কৰিবলৈ অসম ক্রিকেট সন্থা আৰু ভাৰতীয় ক্রিকেট ব’র্ডে আয়োজন কৰা অনুষ্ঠাটোৱে স্বাভাৱিকতে অনুৰাগীসকলক আনন্দিত কৰিছে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ