নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা খাদ্যৰ জুতি ল’বলৈ আৰু নাহে জুবিন, গোলাঘাটৰ জোঁৱাইৰ মৃত্যুত শোকস্তব্ধ গোলাঘাটবাসী

অসমৰ ৰাইজৰ হিয়াৰ আমঠু, নৱ প্ৰজন্মৰ হৃদ স্পন্দন,জনতাৰ প্ৰাণৰো প্ৰাণৰ শিলপী, গানৰ ভগৱান জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ ৰাজ্যবাসী। সংগীতৰ ভোটাতৰা জুবিন গাৰ্গৰ মহাপ্ৰয়াণত শোকদগ্ধ সকলো। জনতাৰ চকুত কেৱল লোতকৰ ধাৰ। জনতাৰ চকুত টোপনি নাই, পেটলৈ ভাতো যোৱা নাই। কোনেও মানি ল’ব বিচৰা নাই প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুক।

জনতাৰ প্ৰিয় শিল্পীগৰাকী আজি মৃত্যুৰ শীতল কোলাত নিৰৱে নিতালে শুই আছে। জুবিন গাৰ্গ হেৰুৱাই সমগ্ৰ ৰাজ্যবাসীৰ লগতে গোলাঘাটবাসীও শোকস্তব্ধ।  গোলাঘাটৰ চৌদিশে মাথো শোকৰ বন্যা। জীৱনকালত জুবিনৰ গোলাঘাটৰ সৈতে আছিল এক এৰাব নোৱৰা সম্পৰ্ক।

গোলাঘাটক বাদ জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা অসমাপ্ত। গোলাঘাট আৰু জুবিন গাৰ্গ এক এবাৰ নোৱাৰা সম্পৰ্ক। গোলাঘাটৰ সৈতে সদায়েই এক আবেগিক সম্পৰ্ক আছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গ আছিল গোলাঘাটৰ জোঁৱাই।

গোলাঘাট নগৰৰ শান্তিপুৰৰ নিবাসী সুৰেন শইকীয়া আৰু ৰুমী শইকীয়া একমাত্ৰ কন্যা গৰিমা শইকীয়াৰ সৈতে ২০০২ চনৰ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল  জুবিন গাৰ্গ। তাৰোপৰি জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ চাকৰিসূত্ৰে কেইবাবছৰো গোলাঘাটত বসবাস কৰাৰ বাবে জুবিনেও জীৱনৰ এছোৱা সময় গোলাঘাটত অতিবাহিত কৰিছিল।

তেতিয়াৰে পৰা গোলাঘাটৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল হাইথ্ৰৱ জুবিনৰ। জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ পাছতে জুবিন গৰিমাৰ গোলাঘাটৰ এগৰাকী অন্তৰংগ বান্ধবী পুনম চলিহাই জুবিন গাৰ্গৰ বিভিন্ন কথা স্মৰণ কৰি কয় যে, গোলাঘাটলৈ কিবা কামত আহিবলৈ পালে পালে জুবিন অত্যন্ত সুখী হয় ।

কেতিয়াবা শহুৰেকৰ ঘৰলৈ অথবা কেতিয়াবা অনুষ্ঠান পৰিবেশন কৰিবলৈ গোলাঘাটলৈ আহিলে জুবিনে তেওঁৰ গোলাঘাটৰ বন্ধুসকলৰ লগত গাড়ীত গান গাই গাই ঘূৰি ফুৰি অতি ভাল পাইছিল জুবিন গাৰ্গে। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত কেইবাবাৰো গীত পৰিবেশন কৰিবলৈ জুবিন গাৰ্গ আহিছে আৰু জুবিন গাৰ্গৰ অনুষ্ঠানৰ খবৰ পালেই বহু দূৰ দূৰণিৰে পৰা জুবিনক চাবলৈ অনুৰাগীৰ ভিৰ লাগিছিল গোলাঘাটত।

জুবিন গাৰ্গেও তেওঁৰ অনুৰাগীসকলক সন্মুখত দেখা পালে অতি উৎসাহিত হৈছিল। বহু সময়ত তেওঁ অনুষ্ঠান সামৰি বন্ধুসকলৰ সৈতে গাড়ীৰে ঘূৰি ঘূৰি দূৰ দূৰণিৰ পৰা অহা অনুৰাগী সকলক কাষতে দেখা পাই বহু আনন্দিত হোৱা বুলিও পুণম চলিহাই উল্লেখ কৰে। জুবিনে আনকি অনুষ্ঠান সামৰি প্ৰায়ে গোলাঘাটত থকা তেওঁৰ শহুৰেকৰ ঘৰটো চাবলৈ গৈছিল।

উল্লেখযোগ্য যে,গৰিমা শইকীয়াৰ বিবাহৰ পাছত তেওঁৰ একমাত্ৰ ভাতৃ ভূপেশ শইকীয়ায়ো গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লোৱাত পিতৃ সুৰেন শইকীয়াই পৰবৰ্তী সময়ত গোলাঘাটৰ গৃহটো বিক্ৰী কৰি গুৱাহাটীলৈ পুত্ৰ কন্যাৰ কাষলৈ গুছি গৈছিল।

যিহেতু জুবিন গাৰ্গে শান্তিপুৰৰ সুৰেণ শইকীয়াৰ চোতালৰ পৰাই গৰিমা শইকীয়াক বিয়া কৰাইছিল তাৰ বাবেই হয়তো জুবিনে অনুষ্ঠান পৰিবেশন কৰি পুৱতিনিশা ৩-৪ বজাত হ’লেও শহুৰেকৰ ঘৰটো লৈ গৈ গাড়ীৰ পৰা নামি এবাৰ চাই আহেগৈ বুলি বান্ধবী পুনমে জানিবলৈ দিয়ে।

ইফালেদি গোলাঘাটলৈ অনুষ্ঠান পৰিবেশনৰ বাবে আহিলে উৎযাপন সমিতিসমুহে জুবিনক গোলাঘাটৰ দৈয়াং,চৰাইদেউ আদি হোটেলত ৰাখি থলুৱা খাদ্যৰ জুতিৰে এসাঁজ খুৱাবলৈ চেষ্টা কৰে। জুবিন গাৰ্গেও থলুৱা খাদ্য সম্ভাৰৰ জুতিৰে অলপ অলপ হ’লেও খাদ্য গ্ৰহণ কৰি উদ্যোক্তা সকলৰ আপ্যায়ন ৰক্ষা কৰে। এনে এগৰাকী আবেগিক জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই আজি গোলাঘাটবাসী শোকত ম্ৰিয়মান হৈ পৰিছে।

দিগন্ত কুমাৰ  বৰা, গোলাঘাট, ২২ ছেপ্টেম্বৰ

You might also like