নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইৰ পৰা সংগীত সূৰ্য জুবিনৰ অন্তিম যাত্ৰা আৰম্ভ

পুষ্পসজ্জিত বিশেষ বাহনখনেৰে সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াথলীলৈ লৈ যোৱা হল প্ৰিয় শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অন্তিম যাত্ৰা আৰম্ভ হল। মৰণোত্তৰ পৰীক্ষাৰ অন্তত জি এম চি এইচৰ পৰা তেওঁৰ নশ্বৰ দেহ সৰুসজাইলৈ লৈ যোৱা হয়। আৰু তাৰ পৰাই যুগনায়কৰ আৰম্ভ হয় অন্তিম যাত্ৰা।

কোটি কোটি অনুৰাগীক কন্দুৱাই আৰু উভতি নহাৰ বাটেৰে গল জুবিন গাৰ্গ। ৰাজপথৰ দুই কাষে অনুৰাগীৰ শেষ বিদায়।। ইফালে সোণাপুৰত সাজু হৈ উঠিছে অন্তিম শয়ন।

সৰুপথাৰৰ পৰা অনুৰাগীয়ে পঠিয়াই দিছে বগা চন্দন। সাজু পুৰোহিতো। চিতাত মুখাগ্নি কৰিব ভগ্নী পামী আৰু ৰাহুল গৌতম শৰ্মাই।

সোণাপুৰৰ হাতীমূৰা টিলাত অসমীয়াৰ স্পন্দন জুবিন গাৰ্গৰ শেষকৃত্যথলীত ভিৰ কৰিছে অনুৰাগীয়ে। প্ৰিয়শিল্পীগৰাকীক শেষবাৰলৈ চাবলৈ ভিৰ কৰিছে সহস্ৰাধিক অনুৰাগীয়ে।

আনহাতে বিশেষ বাছেৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ পৰিয়ালক লৈ যোৱা হৈছে সোণাপুৰৰ শেষকৃত্যথলীলৈ।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ ছেপ্টেম্বৰ

You might also like