শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ দিশে শ্যামকানু-সিদ্ধাৰ্থ
হাৰ্টথ্ৰব জুবিনৰ মৃত্যু শোক আজিও ম্ৰিয়মাণ ৰাজ্যবাসী। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ঘোষণা কৰিছে শ্যামকানু মহন্তক নিষিদ্ধ। ইয়াৰ লগে লগে আন এখন ছবি পোহৰলৈ আহিছে যে গ্ৰেপ্তাৰ আসন্ন নেকি শ্যামকানু মহন্তৰ। কিয়নো অসমৰ ৰাইজে মনেপ্ৰাণে বিচাৰে গ্ৰেপ্তাৰ কৰি যথোচিত শাস্তি বিহক শ্যামকানু মহন্তক।
ইয়াৰ লগে আন এজন কালপ্ৰীত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰো গ্ৰেপ্তাৰ আসন্ন হৈ পৰিছে। কিয়নো আজিপৰ্যন্ত জুবিনৰ মৃত্যুৰ ছদিন পিছতো কোনো শুসূত্ৰ নাই। পিছে মুখ্যমন্ত্ৰীৰ একচনৰ পিছত দুয়ো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
পিছে সাধাৰণ ৰাইজৰ মাজত থকা প্ৰশ্নটো হৈছে কিয় জুবিনৰ মৃত্যুৰ ছদিন পিছতো এই তিনিগৰাকী ব্যক্তিয়ে আত্মগোপন কৰি আছে?
ইফালে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে থকা ৰাইজৰ ক্ষোভৰ মাজতো যদিও বাহিৰ ওলোৱা নাই তথাপি তেওঁ গুৱাহাটীৰ ঘৰত অহাৰ বিপৰীতে বাকী তিনিজনৰ কোনো শুসূত্ৰ আজিও ওলোৱা নাই।
ইফালে এক সূত্ৰ মতে আজি আবেলি এটা সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে সাংবাদিক মেল আয়োজনৰ কথা জনা গৈছে।
ইফালে এক সামাজিক মাধ্যমৰ পোষ্টত মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰেও মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ ছেপ্টেম্বৰ