জুবিন গাৰ্গৰ মৃত্যু : গুৱাহাটী হাইক’ৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবীত ৰাজ্যজুৰি জনমত প্ৰৱল হৈ উঠাৰ মাজতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন (PIL) দাখিল কৰা হৈছে। এগৰাকী সচেতন নাগৰিক তথা জুবিনৰ অনুৰাগীয়ে এই আবেদন দাখিল কৰি জুবিনৰ মৃত্যুৰ পৰিস্থিতিৰ সঠিক তদন্তৰ বাবে উচ্চস্তৰীয় তদন্তকাৰী দল গঠনৰ দাবী জনাইছে। ইয়াৰ লগতে তেওঁ ছিংগাপুৰলৈ এটা উচ্চস্তৰীয় তদন্তকাৰী দল প্ৰেৰণৰো আহ্বান জনাইছে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই আসামৰ জনমানসত গভীৰ শোকৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ঘটনাৰ গুৰুত্ব বিবেচনা কৰি প্ৰথমবাৰৰ বাবে ২৩ ছেপ্টেম্বৰত, জুবিনৰ শেষকৃত্যৰ দিনটোত, ন্যায়ালয় বন্ধ ঘোষণা কৰিছিল। এনে ঘোষণা পূৰ্বে কোনো ব্যক্তিৰ মৃত্যুৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নজিৰ নাছিল।
আজি দাখিল হোৱা PIL-ৰ শুনানিত মুখ্য ন্যায়াধীশৰ বেঞ্চে বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী শুনানিৰ তাৰিখ ৮ অক্টোবৰ নিৰ্ধাৰণ কৰিছে। এই আবেদনে জনসাধাৰণৰ মাজত থকা সন্দেহ আৰু প্ৰশ্নৰ সমাধানৰ আশা জগাইছে।
ইফালে, অসম চৰকাৰে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ইতিমধ্যে চি আই ডিৰ তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্যজুৰি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ গোস্বামী আৰু সঞ্জীৱ নাৰায়নৰ বিৰুদ্ধে ৬০খনতকৈ অধিক এজাহাৰ দাখিল হৈছে, যিবোৰ চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে। তদন্তৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে প্ৰয়োজন হ’লে অসমৰ তদন্তকাৰী দল ছিংগাপুৰলৈ প্ৰেৰণ কৰা হ’ব।
কিন্তু, এতিয়ালৈকে চি আই ডিয়ে কোনো অভিযুক্তক সোধা-পোচাৰ বাবে মতা নাই বা গ্ৰেপ্তাৰ কৰা নাই। এই পৰিস্থিতিৰ মাজতে গোচৰৰ অন্যতম অভিযুক্ত সঞ্জীৱ নাৰায়নে আজি বিয়লি ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰিবলৈ সাজু হৈছে, য’ত তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিব পাৰে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই কেৱল অসমতে নহয়, সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁৰ অনুৰাগীসকলে #JusticeForZubeen হেচটেগৰ জৰিয়তে সত্য উদঘাটনৰ দাবী জনাই আহিছে। এই তদন্তৰ ফলাফলৰ ওপৰত সকলোৰ দৃষ্টি নিবদ্ধ হৈ আছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ ছেপ্টেম্বৰ