ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অশ্ৰাব্য মন্তব্য, বিশ্বনাথৰ সত্যজিৎ তামুলীক গ্ৰেপ্তাৰ
জনকণ্ঠ জুবিন গাৰ্গৰ চিতাৰ জুই মাৰ নৌযাওঁতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সামাজিক মাধ্যম ফেচবুকত অশ্ৰাব্য-অশোভনীয় মন্তব্য প্ৰকাশ কৰি আৰক্ষীৰ ৰোষত পৰিছে বিশ্বনাথৰ এজন তথাকথিত জাতীয়তাবাদীনেতা।
অভিযোগ উঠা মতে, সত্যজিৎ তামুলী নামৰ ব্যক্তি জনে সামাজিক মাধ্যম ফেচবুকত অসংসদীয় আৰু অশ্ৰাব্য মন্তব্যৰে মুখ্যমন্ত্ৰীক তিৰস্কাৰ কৰে।সম্প্ৰতি অতি জাতিয়তাবাদীৰূপে নিজকে প্ৰকাশ কৰিবলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইজন তামুলীয়ে প্ৰায়ে অতি বিতৰ্কিত মন্তব্য আপলোড কৰে যদিও আপলোড দিয়া মন্তব্যই সভ্যতা আৰু সংস্কাৰৰ সীমা অতিক্ৰম কৰে।
ইতিমধ্যে তামুলীৰ এই ফেচবুকৰ এই মন্তব্যৰ স্ক্ৰীণচৰ্ট বিশ্বনাথৰ প্ৰতিজন লোকৰ মবাইলতে ভাইৰেল হৈ পৰিছে।ইয়াৰ পিছতে তামুলীয়ে ফেচবুকৰ এই পোষ্ট ডিলিট কৰিছে যদিও বিশ্বনাথত এই বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
যি সময়ত ৰাজ্যত এক বিষাদময় পৰিবেশৰ লগত সকলো দল সংগঠন তথা ৰাজনৈতিক দল সংগঠনেও বাদ প্ৰতিবাদ ত্যাগ কৰি গণশিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আৰু সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অসাধাৰণ দক্ষতা প্ৰকাশ কৰিছে তেনে সময়ত সমাজত অশান্তি বিয়পাই মুনাফা ল’বলৈ এক চক্ৰই সক্ৰিয় ভূমিকা লোৱাৰ অভিযোগ উঠিছে।
বিশ্বনাথৰ এই তামুলী নামৰ তথাকথিত ব্যক্তিজনে সামাজিক মাধ্যমত এনে মন্তব্য নিশ্চিত ভাবে দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী উঠাৰ পিছতে সত্যজিত তামুলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰামতে, বিশ্বনাথত সদ্য গঠিত এটি সংগঠনৰ প্ৰচাৰ সম্পাদক আছিল এই বিতৰ্কিত সত্যজিৎ তামুলী।
বিশেষ বাৰ্তা, বিশ্বনাথ, ২৪ ছেপ্টেম্বৰ