ৰৌফ–ফাৰহানৰ বিৰুদ্ধে আইচিচিক অভিযোগ বিচিচিআইৰ
🔹 এছিয়া কাপত ভাৰত–পাকিস্তানৰ পত্রযুদ্ধ
নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : সংযুক্ত আৰব আমীৰ শ্বাহীত চলি থকা এছিয়া কাপত অফ ফিল্ডৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ৷ শেহতীয়াভাৱে পাকিস্তানৰ হৰিশ ৰৌফ আৰু ছাহাবজাদা ফাৰহানৰ বিৰুদ্ধে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিৰ ওচৰত অভিযোগ দাখিল কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ অৱশ্যে ইয়াৰ প্রত্যুত্তৰত পাকিস্তান ক্রিকেট ব’র্ডেও টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱৰ বিৰুদ্ধে অভিযোগ তুলিছে৷
প্রতিযোগিতাখনৰ ছুপাৰ ফ’ৰৰ মেচত ৰৌফ আৰু ফাৰহানে যি ধৰণৰ উত্তেজনা প্রকাশ কৰিছিল তাৰ বিৰোধিতা কৰি বিচিচিআয়ে আইচিচিলৈ ই–মেইল প্রেৰণ কৰিছে৷ ফাৰহানৰ এ কে ৪৭ উদযাপন আৰু ৰৌফৰ বিমান দুর্ঘটনা উদযাপনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে৷ এই অভিযোগ যদি পাকিস্তানী ক্রিকেটাৰ দুগৰাকীয়ে অস্বীকাৰ কৰে তেন্তে শুনানি অনুষ্ঠিত হ’ব৷ আইচিচি এলিট পেনেলৰ ৰেফাৰী ৰিছি ৰিচার্ডছনৰ প্রশ্ণৰ সন্মুখীন হ’ব লাগিব পাক ক্রিকেটাৰ দুগৰাকী৷
ইপিনে, পিচিবিয়ে সূর্যকুমাৰ যাদৱৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷ গ্রুপ পর্যায়ৰ মেচত পাকিস্তানক পৰাস্ত কৰাৰ পাছত ভাৰতীয় অধিনায়কগৰাকীয়ে পেহেলগামত সন্ত্রাসবাদী আক্রমণৰ বলি হোৱা লোকসকলৰ বাবে এই বিজয় উৎসর্গা কৰে৷ তেওঁ ভাৰতীয় সশস্ত্র বাহিনীক প্রশংসা কৰে৷ পিচিবিৰ তথ্য অনুসৰি সূর্যকুমাৰে ৰাজনৈতিক মন্তব্য কৰিছে৷ গতিকে তেওঁক শাস্তি বিহিব লাগে৷